শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

পেট ফুলাৰ সমস্যাৰ পৰা পাব উপশম, স্বাভাৱিকভাৱে হজম শক্তি বৃদ্ধিৰ ৫ টা ঘৰুৱা উপায়

আপুনি জানেনে যে, আমাৰ পাকঘৰত প্ৰাকৃতিক আৰু পেট ফুলা প্ৰতিৰোধী ঔষধ আছে যিয়ে গেছ কম কৰিব পাৰে, পেট ফুলা সমস্যাৰ উপশম পোৱাত সহায় কৰিব পাৰে। কেৱল সেয়াই নহয় ই হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে।

পেট ফুলাৰ সমস্যাৰ পৰা পাব উপশম, স্বাভাৱিকভাৱে হজম শক্তি বৃদ্ধিৰ ৫ টা ঘৰুৱা উপায়
manas-borah
Manas Borah | Published: 10 Nov 2025 15:50 PM

বহুতৰে খোৱাৰ পাছত পেট ফুলা সমস্যা হয়। কেতিয়াবা অনিয়মিত খাদ্য খোৱা, জাংক ফুড খোৱা বা কেতিয়াবা নিশা দেৰিকৈ খাদ্য খোৱাৰ ফলত এই সমস্যা হ’ব পাৰে। অস্বাস্থ্যকৰ খাদ্যই আমাৰ হজম শক্তিত প্ৰভাৱ পেলায়। কিন্তু আপুনি জানেনে যে, আমাৰ পাকঘৰত প্ৰাকৃতিক আৰু পেট ফুলা প্ৰতিৰোধী ঔষধ আছে যিয়ে গেছ কম কৰিব পাৰে, পেট ফুলা সমস্যাৰ উপশম পোৱাত সহায় কৰিব পাৰে। কেৱল সেয়াই নহয় ই হজম শক্তি উন্নত কৰাত সহায় কৰিব পাৰে।

এইবোৰ ঘৰুৱা উপায়ে হজম শক্তি বৃদ্ধি কৰিব পাৰে

মাটাৰমিল্ক

আগতে বহুতে খোৱাৰ পাছত বাটাৰমিল্ক সেৱন কৰিছিল। ইয়াত থকা প্ৰ’বায়’টিকে হজম শক্তি উন্নত কৰাত সহায় কৰে আৰু পেটত গেছ জমা হোৱাত বাধা দিয়ে। ই পেট শান্ত কৰে, মলত্যাগ স্বাভাৱিক কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ নিৰ্মূল কৰাত সহায় কৰে।

আজনি

বদহজম আৰু পেট ফুলা সমস্যাৰ পৰা উপশম় পাবলৈ আজনি খাব পাৰে। ইয়াত থাইমল থাকে, যিয়ে পাচন এনজাইম সক্ৰিয় কৰে আৰু খাদ্য হজম শক্তি বৃদ্ধি কৰে। আধা চামুচ কলা নিমখৰ সৈতে আজনিৰ পানী খালে মিনিটৰ ভিতৰতে পেটৰ অস্বস্তি ভাল হয় বুলি কোৱা হয়। বিশেষকৈ হজম শক্তি লেহেমীয়া কৰা তেলীয়া বা টেঙাযুক্ত খাদ্যৰ পিছত খালে উপকাৰ পোৱা যায়। বিশেষকৈ আমাৰ সমাজত তামোলৰ লগত খাবলৈও আজনি ব্যৱহাৰ কৰা দেখা যায় ৷

হিং

পাকঘৰত থকা সেই মছলাবোৰৰ ভিতৰত এটা হৈছে হিং। ইয়াৰ এন্টি-গেষ্ট্ৰিক গুণে পাচনতন্ত্ৰত আবদ্ধ হৈ থকা গেছ বাহিৰ কৰাত সহায় কৰে আৰু পেট ফুলা কমায়। ইয়াক বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰি আৰু আমাৰ দেশৰ প্ৰায় প্ৰতিটো খাদ্যতে ইয়াক ব্যৱহাৰ কৰা হয়। ই সুস্থ বিপাকীয় ক্ৰিয়াত সহায় কৰে বুলি কোৱা হয়।

চফ গুটি

খাদ্য খোৱাৰ পিছত চফ গুটি এমুঠি চোবাই খাব পাৰে। ই পেট ফুলা আৰু গেছ ৰোধ কৰাৰ অন্যতম সহজ উপায়। চফ পানীত সিজাই সেই পানী চেকি লওক আৰু গৰমে সেৱন কৰিব পাৰে। এই সৰু অভ্যাসে খাদ্য খোৱাৰ পিছত লঘু অনুভৱ কৰাত সহায় কৰিব পাৰে। বদহজম, পেট ফুলা, কোষ্ঠকাঠিন্যৰ বাবে এই পানী অতি উপকাৰী বুলি কোৱা হয়।

কালজীৰা

কালজীৰাৰ গুটি আমাৰ পাকঘৰত প্ৰায়ে ব্যৱহাৰ কৰা হয় আৰু ই হজম শক্তিক উদ্দীপিত কৰে আনকি পেটত গেছ হোৱা সমস্যা ৰোধ কৰে। ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰিবলৈ এচামুচ জিৰাৰ গুটি পানীত কমেও ৫ মিনিট উতলাই চেকি লওক আৰু ৰাতিপুৱা খালী পেটত পান কৰক। এই প্ৰতিকাৰে পিত্ত উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত খাদ্য হজম শক্তি উন্নত কৰে আৰু অন্ত্ৰৰ প্ৰদাহ কমায়। নিয়মীয়াকৈ এই পানী সেৱনে স্বাভাৱিকতে শৰীৰ পৰিষ্কাৰ কৰি অন্ত্ৰৰ ভাৰসাম্য বৃদ্ধি কৰিব পাৰে। ই পেট ফুলা আৰু বমি হোৱাকে ধৰি গেষ্ট্ৰাইটিছৰ লক্ষণসমূহ ফলপ্ৰসূভাৱে হ্ৰাস কৰে বুলি কোৱা হয়।