শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

জ্বৰ, মূৰৰ বিষক আওকাণ নকৰিব ! HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? বিশেষজ্ঞৰ পৰা জানক

HIV ৰ ভাইৰাছে ক্ৰমান্বয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ধ্বংস কৰে, যাৰ ফলত সাধাৰণ ৰোগবোৰো মাৰাত্মক হৈ পৰিব পাৰে। ইয়াৰ সংক্ৰমণৰ ফলত শৰীৰত দেখা পোৱা লক্ষণবোৰ জানোঁ আহক।

জ্বৰ, মূৰৰ বিষক আওকাণ নকৰিব ! HIV ৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি ? বিশেষজ্ঞৰ পৰা জানক
প্ৰতীকী ফটো
manas-borah
Manas Borah | Published: 27 Jul 2025 07:54 AM

HIV ভাইৰাছ হৈছে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰাৰ এক সংক্ৰমণ। এই ভাইৰাছ মূলতঃ অসুৰক্ষিত যৌন সম্পৰ্ক, সংক্ৰমিত লোকক ব্যৱহাৰ কৰা নিডল পুনৰ ব্যৱহাৰ, তেজ সঞ্চালন আৰু জন্ম বা স্তনপানৰ সময়ত মাতৃৰ পৰা শিশুলৈ বিয়পে। HIV ত আক্ৰান্ত ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ক্ৰমান্বয়ে দুৰ্বল হৈ পৰে, যাৰ ফলত শৰীৰে সাধাৰণ সংক্ৰমণৰ বিৰুদ্ধে যুঁজিব নোৱাৰে। যিসকলে অসুৰক্ষিত সংগম কৰে, যিসকলে ড্ৰাগছৰ বাবে একেটা বেজী বহুবাৰ ব্যৱহাৰ কৰে আৰু HIV পজিটিভ মাতৃৰ নৱজাতকৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা সৰ্বাধিক। সময়মতে চিনাক্তকৰণ আৰু চিকিৎসাৰ দ্বাৰা এই সংক্ৰমণ নিয়ন্ত্ৰণ কৰিব পাৰি।

HIV সংক্ৰমণৰ তিনিটা পৰ্যায় আছে। প্ৰথম পৰ্যায়টোক তীব্ৰ HIV সংক্ৰমণ বুলি কোৱা হয়, য’ত এই ভাইৰাছ শৰীৰত দ্ৰুতগতিত বিয়পে। দ্বিতীয় পৰ্যায়টো হ’ল ক্লিনিকেল লেটেন্সি, য’ত ভাইৰাছ সক্ৰিয় হৈ থাকে যদিও লক্ষণ কম দেখা যায়। শেষৰ পৰ্যায়টো হ’ল এইডছ, য’ত ৰোগ প্ৰতিৰোধ ক্ষমতা অতিশয় দুৰ্বল হৈ পৰে। এই সময়ছোৱাত ৰোগীৰ বাৰে বাৰে গুৰুতৰ সংক্ৰমণ আৰু বেমাৰ হ’বলৈ আৰম্ভ কৰে। HIV ৰ ভাইৰাছে ক্ৰমান্বয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ধ্বংস কৰে, যাৰ ফলত সাধাৰণ ৰোগবোৰো মাৰাত্মক হৈ পৰিব পাৰে।

লেডী হাৰ্ডিং হাস্পতালৰ ডাঃ এল এইচ ঘোটকাৰে কয় যে, HIV ৰ প্ৰাৰম্ভিক লক্ষণ কেতিয়াবা স্বাভাৱিক ভাইৰাছৰ সংক্ৰমণৰ দৰে দেখা যায়, গতিকে মানুহে সেইবোৰক আওকাণ কৰে। সংক্ৰমণৰ ২ৰ পৰা ৪ সপ্তাহৰ ভিতৰত ৰোগীয়ে জ্বৰ, ডিঙিৰ বিষ, মূৰৰ বিষ, পেশীৰ বিষ আৰু ভাগৰুৱা অনুভৱ কৰিব পাৰে। কিছুমান মানুহৰ শৰীৰত ৰঙা ফোঁহা, লিম্ফ ন’ড ফুলা আৰু ৰাতি ঘাম ওলোৱাও দেখা যায়।

দ্ৰুত ওজন কমি যোৱা, সঘনাই ডায়েৰিয়া আৰু স্থায়ী দুৰ্বলতাও ইয়াৰ সাধাৰণ লক্ষণ। প্ৰাৰম্ভিক পৰ্যায়ৰ লক্ষণ কেইসপ্তাহমানৰ পিছত নিজে নিজে নোহোৱা হৈ যাব পাৰে, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে ভাইৰাছ নাইকিয়া হৈছে। ই শৰীৰত লুকাই থাকে আৰু লাহে লাহে ৰোগ প্ৰতিৰোধ ক্ষমতাৰ ক্ষতি কৰে। গতিকে এনে ধৰণৰ লক্ষণ দেখা দিলে সময়মতে এইচ আই ভি পৰীক্ষা কৰাব লাগে যাতে সংক্ৰমণ চিনাক্ত কৰি আগতীয়াকৈ চিকিৎসা কৰিব পৰা যায়।

কেনেকৈ প্ৰতিৰোধ কৰিব?

  • সদায় নিৰাপদ যৌন সম্পৰ্ক ৰাখক।
  • বেজী, ব্লেড আৰু ৰেজৰ শ্বেয়াৰ কৰাটো পৰিহাৰ কৰক।
  • এইচ আই ভি পজিটিভ গৰ্ভৱতী মহিলাই চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসা ল’ব লাগে যাতে সংক্ৰমণ শিশুলৈ বিয়পি নাযায়।
  • প্ৰয়োজন হ’লে কেৱল পৰীক্ষা কৰা আৰু নিৰাপদ তেজ গ্ৰহণ কৰক।
  • ব্যৱহাৰ হোৱা বেজীৰে পুনৰ ঔষধ গ্ৰহণ কৰাৰ পৰা বিৰত থাকক।
  • বেজীৰে নিষিদ্ধ ড্ৰাগছ জাতীয় নিচা লোৱাৰ পৰা আঁতৰি থকাক।
  • সময়ে সময়ে এইচ আই ভি পৰীক্ষা কৰি থাকিব।