শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হাই চুগাৰৰ ক্ষেত্ৰত দেখা দিয়ে এনে লক্ষণ, আওকাণ কৰিলেই হ’ব পাৰে ভয়াৱহ বিপদ

যেতিয়া তেজত শৰ্কৰাৰ মাত্ৰা বেছি সময় থাকে তেতিয়া হৃদযন্ত্ৰ, বৃক্ক, চকু, স্নায়ু, ছালত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত হৃদৰোগ, ষ্ট্ৰোক, বৃক্ক বিকল হোৱা, দৃষ্টিশক্তি হেৰুৱা, স্নায়ু অজ্ঞান হোৱা, ভৰিৰ ঘা লাহে লাহে ভাল হোৱা আদি গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে সময়মতে উচ্চ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ লক্ষণসমূহ জানো আহক।

হাই চুগাৰৰ ক্ষেত্ৰত দেখা দিয়ে এনে লক্ষণ, আওকাণ কৰিলেই হ’ব পাৰে ভয়াৱহ বিপদ
ডায়েবেটিছImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 07 Dec 2025 12:31 PM

সম্প্ৰতি দ্ৰুতগতিত বৃদ্ধি পাইছে ডায়েবেটিছ ৰোগীৰ সংখ্যা। যিকোনো বয়সৰ লোকেই এতিয়া এই ৰোগত আক্ৰান্ত হোৱা দেখা গৈছে। ডায়েবেটিছ ৰোগে শৰীৰৰ শক্তিৰ ভাৰসাম্যত প্ৰত্যক্ষভাৱে প্ৰভাৱ পেলায়। যেতিয়া ইনচুলিন হৰম’নে সঠিকভাৱে কাম নকৰে বা পৰ্যাপ্ত পৰিমাণে উৎপাদন নহয়, তেতিয়া তেজত গ্লুক’জৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত তেজত চেনিৰ মাত্ৰা অধিক হয়। চেনিৰ মাত্ৰা সাধাৰণভাৱে ৭০ৰ পৰা ১০০ মিলিগ্ৰাম/ডেচিলিটাৰৰ ভিতৰত থাকে। ১০০ আৰু ১২৫ মিলিগ্ৰাম/ডেচিলিটাৰে প্ৰি-ডায়েবেটিছৰ ইংগিত দিয়ে।

আনহাতে ১২৬ মিলিগ্ৰাম/ডেচিলিটাৰৰ ওপৰৰ মাত্ৰাই ডায়েবেটিছৰ ইংগিত দিব পাৰে। গতিকে আগন্তুক ভয়াৱহতাৰ পৰা ৰক্ষা পৰিবলৈ এনে ৰোগৰ লক্ষণসমূহ প্ৰাথমিক অৱস্থাতে জানি ল’ব লাগে। তাৰ পূৰ্বে প্ৰথমে তেজৰ চেনিৰ মাত্ৰা অধিক হোৱাৰ কাৰণসমূহ জানি লওঁ আহক।

তেজত চেনিৰ মাত্ৰা অধিক হোৱাৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল ইনচুলিনৰ অকাৰ্যকৰীতা। দুৰ্বল জীৱনশৈলী, অত্যধিক জাংক ফুড সেৱন, সীমিত শাৰীৰিক কাৰ্যকলাপ, মেদবহুলতা, মানসিক চাপ, টোপনিৰ অভাৱ, হৰম’নৰ পৰিৱৰ্তন, জিনীয় কাৰকেও উচ্চ তেজৰ চেনিৰ সৃষ্টি কৰাত অৰিহণা যোগাব পাৰে।

যেতিয়া তেজত শৰ্কৰাৰ মাত্ৰা বেছি সময় থাকে তেতিয়া হৃদযন্ত্ৰ, বৃক্ক, চকু, স্নায়ু, ছালত প্ৰভাৱ পেলাব পাৰে। ইয়াৰ ফলত হৃদৰোগ, ষ্ট্ৰোক, বৃক্ক বিকল হোৱা, দৃষ্টিশক্তি হেৰুৱা, স্নায়ু অজ্ঞান হোৱা, ভৰিৰ ঘা লাহে লাহে ভাল হোৱা আদি গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে। গতিকে সময়মতে উচ্চ ৰক্তশৰ্কৰা নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ লক্ষণসমূহ জানো আহক।

হাই চুগাৰৰ লক্ষণসমূহ কি কি?

দিল্লীৰ আৰ এম এল হাস্পতালৰ চিকিৎসা বিভাগৰ সঞ্চালক অধ্যাপক ডাঃ সুভাষ গিৰীয়ে জানিবলৈ দিয়া মতে তেজত চেনিৰ মাত্ৰা বৃদ্ধি পালে শৰীৰে কেইবাটাও সংকেত দিয়ে, যেনে- পিয়াহ বৃদ্ধি, সঘনাই প্ৰস্ৰাৱ কৰা, ভোক বৃদ্ধি, ভাগৰ, দৃষ্টিশক্তি ম্লান হোৱা, ওজন কমি যোৱা বা বৃদ্ধি হোৱা, ছাল শুকান হোৱা, ঘা লাহে লাহে ভাল হোৱা আদি। কেতিয়াবা ভৰি আৰু হাতত অজ্ঞানতাৰ দৰে অনুভৱ হয়।

তেজৰ চেনিৰ পৰিমাণ বেছি হ’লে গুৰুতৰ লক্ষণ দেখা দিব পাৰে, যেনে- উশাহ-নিশাহ লোৱাত অসুবিধা, বিভ্ৰান্তি, দ্ৰুত হৃদস্পন্দন, বমি, মূৰ্চ্ছা যোৱা, ডিহাইড্ৰেছন, কেট’এচিড’ছিছৰ আশংকা। তদুপৰি সঘনাই সংক্ৰমণ আৰু ছালৰ খজুৱতি হোৱাটোও হাই চুগাৰৰ লক্ষণ হ’ব পাৰে। যদি এই লক্ষণসমূহে দেখা দিয়ে, লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক। অন্যথা পৰিস্থিতি বিপদজনক হৈ উঠিব পাৰে।

কিদৰে নিয়ন্ত্ৰণ কৰিব?

দৈনিক কমেও ৩০ৰ পৰা ৪৫ মিনিট ব্যায়াম কৰিব লাগে।

চেনি, ৰিফাইন আটা, জাংক ফুডৰ পৰা আঁতৰি থাকক।

ফাইবাৰযুক্ত খাদ্য, শাক-পাচলি, দালি, গোটা শস্য খাব লাগে।

ওজন নিয়ন্ত্ৰণত ৰাখক আৰু পৰ্যাপ্ত টোপনি লওক।

প্ৰচুৰ পৰিমাণে পানী খাব লাগে আৰু মানসিক চাপ কমাব লাগে।

চিকিৎসকৰ পৰামৰ্শ অনুসৰি ঔষধ নিয়মিতভাৱে গ্ৰহণ কৰক আৰু তেজৰ চেনিৰ মাত্ৰা পৰীক্ষা কৰক।