শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

উচ্চ ৰক্তচাপে শৰীৰৰ কোনবোৰ অংগক প্ৰভাৱিত কৰে ? ইয়াৰ প্ৰকৃত লক্ষণবোৰ জানক…

উচ্চ ৰক্তচাপৰ ফলত প্ৰথমে হৃদযন্ত্ৰত প্ৰভাৱ পৰে। ইয়াৰ বাহিৰেও মন, বৃক্ক আৰু চকুত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰে। উচ্চ ৰক্তচাপৰ সমস্যা থকা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰিলে মগজুৰ ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । জানক ই শৰীৰৰ কোনবোৰ অংগক প্ৰভাৱিত কৰে ।

উচ্চ ৰক্তচাপে শৰীৰৰ কোনবোৰ অংগক প্ৰভাৱিত কৰে ? ইয়াৰ প্ৰকৃত লক্ষণবোৰ জানক…
প্ৰতীকী ফটো
Manas Borah
Manas Borah | Published: 13 Apr 2025 11:40 AM

উচ্চ ৰক্তচাপেই হওক বা নিম্ন ৰক্তচাপেই হওক, ই সমগ্ৰ শৰীৰৰ বাবে ক্ষতিকাৰক । ৰক্তচাপৰ ফলত শৰীৰৰ কিছু অংশত অতি বেয়া প্ৰভাৱ পৰে। সাধাৰণতে মানুহে উচ্চ ৰক্তচাপৰ সন্মুখীন হয় । ইয়াৰ মূল কাৰণ হৈছে, জীৱনশৈলী আৰু দৈনন্দিন কাম-কাজ প্ৰভাৱ। খাদ্যাভ্যাসে ৰক্তচাপত যথেষ্ট প্ৰভাৱ পেলায়। মানসিক চাপ, কম্পিউটাৰ, মোবাইল, চাকৰি আৰু খাদ্যত প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ ফলত এই ৰক্তচাপৰ সমস্যাই দেখা দিয়ে ।

উচ্চ ৰক্তচাপৰ ফলত প্ৰথমে হৃদযন্ত্ৰত প্ৰভাৱ পৰে। ইয়াৰ বাহিৰেও মন, বৃক্ক আৰু চকুত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰে। উচ্চ ৰক্তচাপৰ সমস্যা থকা ব্যক্তিয়ে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ নকৰিলে মগজুৰ ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে । দৃষ্টিশক্তি হেৰুৱাৰ কাৰণো উচ্চ ৰক্তচাপ হ’ব পাৰে । যদি আপুনি উচ্চ ৰক্তচাপৰ লক্ষণ অনুভৱ কৰিছে তেন্তে আপুনি ইয়াৰ চিকিৎসা তৎক্ষণাত আৰম্ভ কৰিব লাগে। যদি আপুনি উচ্চ ৰক্তচাপৰ চিকিৎসাত বিলম্ব কৰে তেন্তে ই শৰীৰত বিৰূপ প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰে।

উচ্চ ৰক্তচাপৰ লক্ষণ

উচ্চ ৰক্তচাপৰ কিছুমান সাধাৰণ লক্ষণ দেখা যায়। এই লক্ষণসমূহ আওকাণ কৰিব নালাগে। উচ্চ ৰক্তচাপৰ আৰম্ভণিতে মূৰটো গধুৰ গধুৰ লগা আৰু বিষ হয়। ইয়াৰ বাহিৰেও অলপ খোজ কাঢ়িলেও উশাহ-নিশাহ লোৱাটো কঠিন হৈ পৰে। কাম কৰাৰ সময়ত জিৰণি প্ৰয়োজনীয়তা বেছিকৈ অনুভৱ কৰিব পাৰে । যদি আপুনি এই লক্ষণসমূহ অনুভৱ কৰে তেন্তে লগে লগে চিকিৎসকৰ সৈতে যোগাযোগ কৰক। ৰক্তচাপ পৰীক্ষা কৰি চিকিৎসা আৰম্ভ কৰক।

চিকিৎসাৰ অভাৱে বিপদ মাতিব পাৰে

যদি উচ্চ ৰক্তচাপৰ চিকিৎসা কৰা নহয় তেন্তে ই বহু দিশত ক্ষতিকাৰক।উচ্চ ৰক্তচাপক চাইলেণ্ট কিলাৰ বুলিও কোৱা হয়। অবিৰতভাৱে উচ্চ ৰক্তচাপৰ বাবে হাৰ্ট এটেকৰ সম্ভাৱনা বহু পৰিমাণে বৃদ্ধি পায়। ইয়াৰ ফলত বৃক্কৰ কাম-কাজত প্ৰভাৱ পৰে আৰু বৃক্কৰ যথেষ্ট ক্ষতি হয়। উচ্চ ৰক্তচাপৰ ফলত বৃক্ক বিকল হ’ব পাৰে।উচ্চ ৰক্তচাপে চকুৰ ৰক্তবাহী নলীত প্ৰভাৱ পেলায়, যাৰ ফলত দৃষ্টিশক্তি হ্ৰাস পায়। ইয়াৰ লগতে মগজুৰ ৰক্তক্ষৰণৰ আশংকাও থাকে। গতিকে উচ্চ ৰক্তচাপ অতি সোনকালে নিয়ন্ত্ৰণ কৰিব লাগে।