শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বুকুত বিষ, উশাহ-নিশাহত কষ্ট…হৃদযন্ত্ৰ বিকল হ’লে দেখা দিয়ে এই ৬ টা লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…

Heart fail symptoms: আজিকালি মানুহৰ হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। যেতিয়া মানুহৰ হৃদযন্ত্ৰ বিকল হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু মানুহে ইয়াক আওকান কৰি চলে।

বুকুত বিষ, উশাহ-নিশাহত কষ্ট…হৃদযন্ত্ৰ বিকল হ’লে দেখা দিয়ে এই ৬ টা লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…
হাৰ্ট ফেইলImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 19 Sep 2025 09:04 AM

আজিকালি বহুতৰে হৃদযন্ত্ৰৰ সমস্যা হোৱা দেখা যায়। আনকি কম বয়সীয়া যুৱক-যুৱতী সকলো হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যাত ভোগা দেখা যায়।  বহুতৰে হাৰ্ট এটেক হোৱা দেখা যায়। কিন্তু হৃদযন্ত্ৰৰ লগত জড়িত আন এটা সমস্যা হৈছে হাৰ্ট ফেইল বা হৃদযন্ত্ৰ বিকল। হাৰ্ট এটেক আৰু হাৰ্ট ফেইলৰ মাজত পাৰ্থক্য আছে। হাৰ্ট এটেক হঠাতে হ’ব পাৰে। ইয়াৰ বিপৰীতে লাহে লাহে হৃদযন্ত্ৰ বিকল হয়। ই মানুহৰ জীৱনশৈলী, ৰোগ আৰু ৰোগৰ ইতিহাসৰ ওপৰত নিৰ্ভৰ কৰে। যদি উচ্চ ৰক্তচাপ, ডায়েবেটিছ, মেদবহুলতা, পাৰিবাৰিক ইতিহাস আছে তেন্তে এই সমস্যাৰ আংশকা বেছি।

হৃদযন্ত্ৰ বিকল হোৱা এনে এক অৱস্থা যেতিয়া হৃদযন্ত্ৰই শৰীৰৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ তেজ পাম্প কৰিব নোৱাৰে। কেতিয়াবা এই সমস্যা লাহে লাহে আৰু কেতিয়াবা হঠাত আহিব পাৰে। যেতিয়া হৃদযন্ত্ৰ বিকল হ’বলৈ ধৰে তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰি চলে। গতিকে সময়মতে ইয়াৰ লক্ষণবোৰ চিনাক্ত কৰা ভাল।

লক্ষণ

এপ’ল’ হাস্পতালৰ হৃদৰোগ বিভাগৰ ডাঃ বৰুণ বংছালে এই সন্দৰ্ভত সবিশেষ জনাইছে। কেইটামান লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • উশাহ-নিশাহত কষ্টঃ খোজ কঢ়া, চিৰি বগোৱা, শুই থকা সময়ত উশাহ-নিশাহৰ কষ্ট।
  • ভাগৰ আৰু দুৰ্বলতাঃ হৃদযন্ত্ৰ বিকল হ’লে শৰীৰৰ অংগবোৰে অক্সিজেন আৰু পুষ্টিকৰ উপাদান লাভ নকৰে। যাৰ বাবে পেশীবোৰ দুৰ্বল হৈ পৰে। এনে অৱস্থাত ৰোগীয়ে অহৰহ ভাগৰ আৰু দুৰ্বলতা অনুভৱ কৰে।
  • ভৰি, গোৰোহা, পেটত ফুলাঃ হৃদযন্ত্ৰই সঠিকভাৱে তেজ পাম্প কৰিব নোৱাৰিলে শৰীৰত তৰল পদাৰ্থ জমা হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত ভৰি, গোৰোহা, পেট আদি ফুলিব পাৰে।
  • হৃদস্পন্দন দ্ৰুত বা অনিয়মিতঃ ৰোগীৰ বেছিভাগ সময় হৃদস্পন্দন দ্ৰুত হয়।
  • ভোক নলগা আৰু বমিঃ এনে অৱস্থাত পাচনতন্ত্ৰত সমস্যা হয়। যাৰ বাবে ভোক নলগা সমস্যা আৰু বমি হৈ থাকিব পাৰে।
  • মূৰ ঘূৰোৱা আৰু কথা পাহৰি যোৱাঃ এনে অৱস্থাত আপোনাৰ মূৰ ঘূৰাব পাৰে বা কথা পাহৰি যাব পাৰে। বৃদ্ধ লোকসকলৰ ক্ষেত্ৰত এই সমস্যা বেছিকৈ  দেখা যায়।
  • বুকু বিষঃ যেতিয়া হাৰ্ট ফেইলৰ লগতে হাৰ্ট এটেক হয় তেতিয়া বুকুত তীব্ৰ বিষ হ’ব পাৰে।

যদি আপোনাৰ এই সমস্যাবোৰে দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক।

 

অন্য খবৰ পঢ়ক- ডিঙিৰ বিষ হৈ থাকে নেকি? সহজভাৱে নল’ব, হ’ব পাৰে এই ৰোগৰ লক্ষণ…