হঠাতে প্ৰেচাৰ হাই হ’লে কি কৰিব! এইদৰে ঘৰুৱা উপায়েৰে কৰিব পাৰে নিয়ন্ত্ৰণ
বৰ্তমান সময়ত ৰক্তচাপৰ সমস্যা অধিক চিন্তনীয় স্বাস্থ্যজনিত সমস্যা হিচাপে পৰিগণিত হৈছে। উচ্চ ৰক্তচাপৰ ফলত ষ্ট্ৰোক, হাৰ্ট এটেক আদি গুৰুতৰ স্বাস্থ্যজনিত অৱস্থাৰ সৃষ্টি হ’ব পাৰে। গতিকে যদি হঠাতে ৰক্তচাপ বৃদ্ধি পায়, তেন্তে তাৎক্ষণিকভাৱে কিছু ব্যৱস্থা লোৱা প্ৰয়োজনীয় হৈ পৰে। এনে কিছু ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক।
হাই প্ৰেচাৰ বা উচ্চ ৰক্তচাপৰ সমস্যা সাম্প্ৰতিক সময়ত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। বৰ্তমান এই সমস্যা অধিক চিন্তনীয় স্বাস্থ্যজনিত সমস্যা হিচাপে পৰিগণিত হৈছে। সাধাৰণতে অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবেই সম্প্ৰতি মানুহৰ মাজত হাই প্ৰেচাৰ অৰ্থাৎ উচ্চ ৰক্তচাপৰ সমস্যা বৃদ্ধি পাইছে। বয়সীয়াল লোকসকলৰ লগতে যুৱক যুৱতীসকলো উচ্চ ৰক্তচাপৰ সমস্যাৰ সন্মুখীন হৈছে। উচ্চ ৰক্তচাপৰ বাবে হৃদযন্ত্ৰৰ লগতে মগজুতো বেয়া প্ৰভাৱ পৰে, ইয়াৰ ফলত ষ্ট্ৰোক, হাৰ্ট এটেক আদি গুৰুতৰ স্বাস্থ্যজনিত অৱস্থাৰ সৃষ্টি হ’ব পাৰে। গতিকে যদি হঠাতে ৰক্তচাপ বৃদ্ধি পায়, তেন্তে তাৎক্ষণিকভাৱে কিছু ব্যৱস্থা লোৱা প্ৰয়োজনীয় হৈ পৰে।
আকস্মিকভাৱে ৰক্তচাপ বৃদ্ধি হোৱাৰ লক্ষণ দেখা দিলে এই লক্ষণ আওকাণ কৰা বা ভীতিগ্ৰস্ত হৈ পৰা উচিত নহয়। বৰঞ্চ তাৎক্ষণিকভাৱে সকাহ লাভ কৰাৰ বাবে কিছুমান বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰাহে উচিত, অন্যথা ইয়াৰ ফলত আক্ৰান্ত ব্যক্তিগৰাকীৰ জীৱনলৈ বিপদ নামি আহিব পাৰে। ৰক্তচাপ হঠাতে বৃদ্ধি পালে হাৰ্ট এটেক বা ষ্ট্ৰোক আহিব পাৰে আৰু ফলত ৰোগীৰ মৃত্যু পৰ্যন্ত ঘটিব পাৰে।
গতিকে ৰক্তচাপ হঠাতে বৃদ্ধি পালে আমি কেনে ব্যৱস্থা গ্ৰহণ কৰা উচিত, সেই বিষয়ে জানিব লাগিব। ঘৰুৱাভাৱে গ্ৰহণ কৰিব পৰা এনে কিছু স্বাস্থ্যসন্মত পদক্ষেপৰ বিষয়ে চাওঁ আহক-
যদি কোনো লোকৰ ৰক্তচাপ হঠাতে বৃদ্ধি পায়, তেন্তে সেই ব্যক্তিজনক ফেনৰ বতাহত আৰাম কৰি বহিবলৈ দিয়ক। এই সময়ত আক্ৰান্ত লোকজনৰ চাৰিওফালে ভিৰ কৰিব নালাগে। আক্ৰান্ত ব্যক্তিজনক ফেনৰ তলত বহিবলৈ দি দীঘলকৈ উশাহ ল’বলৈ ক’ব। ইয়াৰ পিছত এগিলাছ পানী দি লাহে লাহে খাবলৈ কওক। ইয়াৰ দ্বাৰা ৰোগীয়ে তাৎক্ষণিকভাৱে সকাহ পাব।
উচ্চ ৰক্তচাপ থকা লোকসকলৰ বাবে কল, কিৱি, আপেল আদি ফল যথেষ্ট উপকাৰী। যদি কোনো লোকৰ ৰক্তচাপ আকস্মিকভাৱে বৃদ্ধি পায়, তেন্তে তেওঁক প্ৰথমে আৰামত বহিবলৈ দি পানী খাবলৈ দিয়াৰ পিছত এনে কোনো ফল খাবলৈ দিব লাগে। ইয়াৰ দ্বাৰা ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হ’ব।
ৰক্তচাপ বাঢ়িলে নেমুৰ পানী খালেও তৎক্ষণাত সকাহ পোৱা যায়। কিন্তু নেমুৰ পানীৰ সৈতে নিমখ বা চেনি কেতিয়াও নিদিব। এই সময়ত প্ৰস্ৰাৱ কৰিলেও সকাহ লাভ কৰে, সেয়েহে পাৰিলে দুগিলাচ পৰ্যন্ত পানী খাব লাগে। ইয়াৰ বাহিৰেও মুখত পানী ছটিয়াই কিছু সময় মুকলি ঠাইত লাহে লাহে খোজ কাঢ়িব লাগে।
উচ্চ ৰক্তচাপৰ সমস্যা থকা লোকসকলে প্ৰতিদিনে পুৱা অলপ খোজ কাঢ়িব লাগে বা যোগাসন কৰাৰ অভ্যাস গঢ়ি তুলিব লাগে। প্ৰতিটো সৰু সৰু কথাতে মানসিক চাপ লোৱাৰ পৰা বিৰত থকা উচিত। ইয়াৰ বাহিৰেও নিমখ কমকৈ খাব লাগে আৰু লঘু খাদ্য যেনে শাক-পাচলি, ফল-মূল, চালাড আদি খাব লাগে। সময়ে সময়ে নিজৰ স্বাস্থ্য পৰীক্ষা কৰি থাকিব লাগে আৰু যদি কোনো সমস্যা হয়, তেন্তে তৎক্ষণাত চিকিৎসকৰ লগত যোগাযোগ কৰা উচিত।