Tv9 Health Conclave: হৃদযন্ত্ৰ আৰু ৰক্তচাপৰ ৰোগীয়ে ঔষধ বন্ধ কৰিব পাৰেনে ? বিশেষজ্ঞই কি ক’লে?
যদি কোনো ব্যক্তিৰ ৰোগ সময়মতে ধৰা পৰে আৰু তেওঁৰ জীৱনশৈলীত প্ৰয়োজনীয় পৰিৱৰ্তন ঘটে, তেন্তে বি পি আৰু হৃদযন্ত্ৰৰ সৈতে জড়িত ঔষধসমূহো হ্ৰাস কৰিব পৰা যায়।

স্বাস্থ্যৰ বিভিন্ন সমস্যাৰ ওপৰত আলোচনা কৰাৰ বাবে Tv9 য়ে আয়োজন কৰিছিল স্বাস্থ্য সন্মিলন। এই সন্মিলনতে হৃদৰোগ সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহৰ ওপৰত আলোচনা কৰা হয়। এই সময়ত চিকিৎসকে হৃদযন্ত্ৰ আৰু বি পি ৰোগৰ ওপৰত নিজৰ মতামত আগবঢ়ায়। সকলোৰে মনত উত্থাপিত হোৱা প্ৰশ্নটো হ’ল যে,হৃদৰোগ আৰু ৰক্তচাপ ৰোগীয়ে আজীৱন ঔষধ খাই থাকিব লাগিব নেকি?
দিল্লীৰ এপ’ল’ হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ এন এন খান্নাই এই সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰে। ডাঃ এন এন খান্নাই কয় যে, যদি কোনো ব্যক্তিৰ ৰোগ সময়মতে ধৰা পৰে আৰু তেওঁৰ জীৱনশৈলীত প্ৰয়োজনীয় পৰিৱৰ্তন ঘটে, তেন্তে বি পি আৰু হৃদযন্ত্ৰৰ সৈতে জড়িত ঔষধসমূহো হ্ৰাস কৰিব পৰা যায়। ডাঃ খান্নাই কয় যে, যোৱা কেইবছৰমানৰ পৰা হৃদৰোগ বৃদ্ধি পাইছে। ইয়াৰ এটা প্ৰধান কাৰণ হ’ল উচ্চ বিপি।
তেওঁ কয় যে, উচ্চ বিপি বেয়া জীৱনশৈলীৰ বাবে হয়। যদি এবাৰ হয় তেন্তে নিয়ন্ত্ৰণ কৰাটো জৰুৰী, নহ’লে বহু ৰোগৰ সৃষ্টি হ’ব পাৰে। তেওঁ কয় যে, ৰক্তচাপ বা হৃদযন্ত্ৰৰ ঔষধ শৰীৰত ভাৰসাম্য ৰক্ষাৰ বাবে দিয়া হয়, যাতে হৃদযন্ত্ৰৰ ওপৰত অত্যধিক চাপ নাথাকে, কিন্তু সেইবোৰ চিৰদিনৰ বাবে গ্ৰহণ কৰাটো প্ৰয়োজনীয় নহয়, সুস্থ জীৱনশৈলী বজাই ৰাখি আপুনি ঔষধৰ নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে।
তেওঁ জানিবলৈ দিয়ে যে,কিছুমান ক্ষেত্ৰত সেইবোৰ এৰি দিব পাৰি, কিন্তু সেয়া ব্যক্তিজনৰ বয়স আৰু তেওঁৰ জীৱনশৈলীৰ ওপৰত নিৰ্ভৰ কৰে। বৃদ্ধসকলে ঔষধ এৰি দিয়াটো ইমান সহজ নহয়, কিন্তু যুৱক-যুৱতীসকলে উপযুক্ত ৰুটিন বজাই ৰাখি ঔষধৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব পাৰে।
ঔষধৰ ওপৰত নিৰ্ভৰশীলতা কেনেদৰে হ্ৰাস কৰিব?
হৃদৰোগ আৰু উচ্চ ৰক্তচাপ ৰোগীয়ে ঔষধ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ নিয়মীয়াকৈ ব্যায়াম কৰিব পাৰে। ইয়াৰ লগতে যোগাসন অভ্যাস কৰিব পাৰে। ধ্যান আৰু প্ৰাণায়ম কৰিব পাৰে।
ইয়াৰ লগতে আপুনি এই নিৰ্ভৰশীলতা হ্ৰাস কৰিবলৈ নিমখ আৰু প্ৰচেছড খাদ্য পৰিহাৰ কৰিব পাৰে।
মানসিক চাপ নিয়ন্ত্ৰণ কৰিব লাগিব। বহু ৰোগৰ এটা অন্যতম কাৰণ হৈছে মানসিক চাপ। ইয়াৰ বাবে ধ্যান কৰিব পাৰে। তদুপৰি নিয়মীয়াকৈ পৰ্যাপ্ত পৰিমাণৰ টোপনি যোৱাৰ চেষ্টা কৰিব পাৰে।
কেতিয়াও নিজাববীয়াকৈ ঔষধ খোৱা বন্ধ নকৰিব
ডাঃ এন এন এ কয় যে, যদি আপোনাৰ জীৱনশৈলী উন্নত কৰি আপোনাৰ ৰোগ নিয়ন্ত্ৰণলৈ আহিছে, তেন্তে কেতিয়াও নিজাববীয়াকৈ ঔষধ সেৱন বন্ধ কৰক। এনে ক্ষেত্ৰত প্ৰথমে চিকিৎসকৰ পৰামৰ্শ লওক। ডাঃ এন এন য়ে কয় যে, প্ৰতিজন ব্যক্তিয়ে নিজৰ জীৱনশৈলী সঠিকভাৱে ৰাখিবলৈ চেষ্টা কৰা উচিত। যদি এই কথা সঠিক হয়, তেন্তে আপুনি সহজেই হৃদৰোগ, উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।