শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

শংখ বজালে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কি কি উপকাৰ হয় জানেনে ?

আচলতে শংখ বজোৱাটো হিন্দু ধৰ্মৰ এক পবিত্ৰ প্ৰথা। বিশেষকৈ পূজা আৰু বিভিন্ন শুভ অনুষ্ঠানত ব্যৱহাৰ কৰা হয় শংখ। ধৰ্মীয় তাৎপৰ্যৰ বাহিৰেও নিয়মিতভাৱে শংখ বজালে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উপকাৰ হয়।

শংখ বজালে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ কি কি উপকাৰ হয় জানেনে ?
Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 30 Sep 2025 14:09 PM

প্ৰায়বোৰ মাংগলিক কৰ্মত ডবা-শংখ বজোৱা দেখা যায়। দুৰ্গা পূজাৰ সময়তো শংখ বজোৱা হয়। আচলতে শংখ বজোৱাটো হিন্দু ধৰ্মৰ এক পবিত্ৰ প্ৰথা। বিশেষকৈ পূজা আৰু বিভিন্ন শুভ অনুষ্ঠানত ব্যৱহাৰ কৰা হয় শংখ। ধৰ্মীয় তাৎপৰ্যৰ বাহিৰেও নিয়মিতভাৱে শংখ বজালে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উপকাৰ হয়।

জানেনে আপুনি ইয়াৰ দ্বাৰা কি কি উপকাৰ হয়?

  1. কোৱা হয় যে, শংখ বজালে হাওঁফাওঁৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। শংখ বজোৱাৰ সময়ত গভীৰভাৱে উশাহ ল’ব লাগে আৰু বহু সময় ধৰি উশাহ বন্ধ কৰি এৰিব লাগে। ইয়াৰ ফলত হাওঁফাওঁৰ পেশী শক্তিশালী হয় আৰু শ্বাস-প্ৰশ্বাসৰ ক্ষমতা বৃদ্ধি পায়। ই শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ বাবে ব্যায়ামৰ দৰে কাম কৰে।
  2. শংখ নিয়মিতভাৱে বজালে হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰৰ মাজেৰে বায়ুৰ গতি বৃদ্ধি পায়। হাঁপানী বা উশাহ লোৱাত কষ্ট পোৱাৰ দৰে সমস্যা হ্ৰাস কৰাত ই সহায়ক হ’ব পাৰে। কিয়নো ই বায়ুপথ মুকলি কৰি ৰাখে।
  3. থাইৰয়ড গ্ৰন্থি সক্ৰিয় কৰি ৰাখে। শংখ বজোৱাৰ সময়ত সৃষ্টি হোৱা চাপে ডিঙিৰ পেশী আৰু থাইৰয়ড গ্ৰন্থিক উদ্দীপিত কৰে। ইয়াৰ দ্বাৰা পৰোক্ষভাৱে থাইৰয়ড গ্ৰন্থিৰ কাৰ্যক্ষমতা বজাই ৰখাত সহায়ক হ’ব পাৰে।
  4. মুখ আৰু মূত্ৰাশয়ৰ ব্যায়ামৰ দৰে কাম কৰে। শংখ বজোৱাৰ সময়ত মুখৰ পেশী আৰু ডিঙি টান হৈ পৰে, যাৰ ফলত মুখৰ পেশীবোৰ শক্তিশালী কৰাত সহায়ক হয়। কিছুমান প্ৰাচীন যোগশাস্ত্ৰৰ মতে, ই মূত্ৰাশয়ৰ পেশীবোৰকো কিছু পৰিমাণে শক্তিশালী কৰিব পাৰে।
  5. ৰক্ত সঞ্চালন উন্নত কৰে। শংখ বজোৱাৰ সময়ত প্ৰয়োজনীয় শাৰীৰিক প্ৰচেষ্টাই সামগ্ৰিকভাৱে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। লগতে শৰীৰৰ প্ৰতিটো অংশলৈ অক্সিজেনৰ যোগান বৃদ্ধি কৰে।
  6. মানসিক চাপ হ্ৰাস কৰাত সহায় কৰে। শংখৰ বজোৱা প্ৰক্ৰিয়াটো এক প্ৰকাৰৰ প্ৰাণায়ম। ই মনটোক শান্ত কৰাত সহায় কৰে আৰু মানসিক চাপ আৰু উদ্বেগ হ্ৰাস কৰাত সহায়ক হ’ব পাৰে।
  7. ধনাত্মক পৰিবেশ সৃষ্টি কৰে । শংখৰ শব্দই পৰিৱেশৰ পৰা ঋণাত্মক শক্তি আঁতৰাই ধনাত্মক শক্তি আৰু শান্তিৰ পৰিৱেশ সৃষ্টি কৰে বুলি বিশ্বাস কৰা হয়। একেদৰে নিয়মীয়া শংখ বজোৱাৰ অনুশীলনে একাগ্ৰতা আৰু মনোযোগ বৃদ্ধিত সহায় কৰে।
  8. জনবিশ্বাস অনুসৰি শংখৰ শব্দই এক প্ৰকাৰৰ শব্দ তৰংগ সৃষ্টি কৰে যিয়ে পৰিৱেশত থকা সৰু সৰু বীজাণুবোৰ ধ্বংস কৰাত সহায় কৰে।
  9. ধৰ্মীয় দৃষ্টিকোণৰ পৰা শংখ বজোৱা কাৰ্যক ঈশ্বৰৰ আহ্বান বুলি গণ্য কৰা হয়। ই পূজাৰ অংশ আৰু আধ্যাত্মিক চেতনা জাগ্ৰত কৰে।