শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Happy New Year 2026: এনেদৰে আপোনজনক প্ৰেৰণ কৰক নৱবৰ্ষৰ শুভেচ্ছা…

Happy New Year 2026: বছৰ আহে বছৰ যায়। সম্ভাৱনা, আশা আৰু জীয়াই থকাৰ নতুন প্ৰেৰণাৰে আহিছে ২০২৬ চন। ইয়াকে লৈ বিভিন্নজনে আৰম্ভ কৰিছে প্ৰস্তুতি। নতুন বছৰত প্ৰায় সকলোৱে আপোনজনক প্ৰেৰণ কৰে নৱবৰ্ষৰ শুভেচ্ছা।

Happy New Year 2026: এনেদৰে আপোনজনক প্ৰেৰণ কৰক নৱবৰ্ষৰ শুভেচ্ছা…
নতুন বছৰৰ শুভেচ্ছাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 29 Dec 2025 20:07 PM

এয়া নতুনক আদৰাৰ সময়! ২০২৫ ক বিদায় দি ২০২৬ চন (New Year 2026) ত আদৰণি জনাৰ সময় এয়া। প্ৰতিজনে নতুন বছৰক আদৰাক লৈ আৰম্ভ কৰিছে নিজা নিজা প্ৰস্তুতি। কিছুদিন পাছতেই আহিব ইংৰাজী নৱবৰ্ষ। প্ৰত্যোকৰে নতুনক লৈ থাকে আশা, সম্ভাৱনা। নৱবৰ্ষৰ সময়চোৱাত বিভিন্নজনে ফুৰিবলৈ যায়, বন্ধুৰ সৈতে সময় কটাই বা আন কিবা কাম কৰে। নতুন বছৰৰ সময়ত বিভিন্নজনে আপোনজনক প্ৰেৰণ কৰে শুভেচ্ছা। আপুনিও আত্মীয় বা বন্ধু-বান্ধৱীক নতুন বছৰৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে। গতিকে তলত দিয়া ধৰণে আপুনি আপোজনক নতুন বছৰৰ শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে-

  1. নতুন বছৰৰ বহুত বহুত শুভেচ্ছা। আশা কৰো নতুন বছৰে তোমাৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি।
  2. Happy new year বন্ধু। আশা কৰো নতুন বছৰটি তোমাৰ ভালদৰে পাৰ হওক।
  3. তোমাক আৰু তোমাৰ পৰিয়াললৈ নতুন বছৰৰ বহুত শুভেচ্ছা। আশা কৰো ভগৱানে সকলো মনৰ কামনা পূৰ্ণ কৰক তোমাৰ। Happy new year.
  4. Happy new year, এই সময় নতুনক আদৰাৰ, নতুনৰ ৰঙেৰে ৰঙীণ হোৱাৰ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা তোমাৰ জীৱনলৈ আহক সুখ, সমৃদ্ধি আৰু সফলতা ।
  5. তুমি সুখী হোৱা, মনে বিচৰা প্ৰতিটো বস্তুৱে লাভ কৰা। Happy new year.
  6. পুৰণি দুখ বেদনাবোৰক এৰি নতুনক আদৰাৰ সময় এয়া। আহিবলগীয়া বছৰটি শুভ হওক, তাৰেই কামনাৰে Happy New Year 2026.
  7. Happy New Year 2026 বন্ধু। আশা কৰো আমাৰ বন্ধুত্ব সদায় এনেদৰে থাকক। সুখী হোৱা তুমি।
  8. ইংৰাজী নতুন বছৰৰ বহুত বহুত শুভেচ্ছা। আশা কৰো, জীৱনত আহিবলগীয়া প্ৰতিটো প্ৰত্যাহ্বান নেওচি তুমি উন্নতিৰ শিখৰলৈ গতি কৰা। জীৱন যুদ্ধত জয়ী হোৱা।
  9. নতুন বছৰটিক আদৰি লোৱা। আশা কৰো এই বছৰটিয়ে তোমাৰ আৰু তোমাৰ পৰিয়ালক আনন্দৰ মাজেৰে উপচাই পেলাওক। Happy New Year 2026.
  10. পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় এয়া। প্ৰাপ্তি-অপ্ৰাপ্তিৰ প্ৰতিটো ক্ষণক ধন্যবাদ দি আদৰি লোৱা নতুন বছৰ। Happy New Year 2026
  11. জীৱনৰ প্ৰতিটো খোজতে সফলতা লাভ কৰা, প্ৰতিটো সপোন পূৰণ হওক তোমাৰ, আশা কৰো ভগৱানে প্ৰতিটো সুখ তোমাক দিয়ক। Happy New Year 2026 বন্ধু।
  12. নতুন বছৰৰ প্ৰতিটো দিনেই তোমাৰ বাবে হওক আনন্দ আৰু সুখৰ দিন। তাৰেই কামনাৰে নৱবৰ্ষৰ শুভেচ্ছা বন্ধু।
  13. শুভ নৱবৰ্ষ বন্ধু। আশা কৰো, নতুন বছৰৰ প্ৰতিটো দিনেই তোমাৰ বাবে হওক সুখকৰ, আনন্দময় আৰু প্ৰাপ্তিৰ দিন।

 

অন্য খবৰ পঢ়কঃ বছৰৰ প্ৰথম দিনটোত পঢ়ক এই উক্তি! জীৱনলৈ আহিব সাহস, নতুন প্ৰেৰণা…