শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Janmashtami 2025 Wishes: এইদৰে সকলোকে জনাওক জন্মাষ্টমীৰ শুভেচ্ছা…

বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণৰ জন্ম নিশা হৈছিল। সেয়েহে জন্মাষ্টমীৰ দিনা নিশা বিশেষ পূজা কৰা হয়। লাড্ডু গোপালক আৰু ৰাধা-কৃষ্ণক প্ৰসাদ আগবঢ়োৱা হয়। জন্মাষ্টমীৰ দিনা এই পবিত্ৰ উৎসৱৰ বাবে ইজনে সিজনক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। আপোনাৰ আপোনজনকো এই বাৰ্তাসমূহৰ জৰিয়তে জন্মাষ্টমীৰ শুভেচ্ছা জনাব পাৰে।

Janmashtami 2025 Wishes: এইদৰে সকলোকে জনাওক জন্মাষ্টমীৰ শুভেচ্ছা…
জন্মাষ্টমীৰ শুভেচ্ছা
trishna-kalita
Trishna Kalita | Updated On: 14 Sep 2025 09:50 AM

ভগৱান শ্ৰীকৃষ্ণৰ জন্মদিনটো প্ৰতি বছৰে জন্মাষ্টমী হিচাপে অতি উৎসাহ আৰু আড়ম্বৰেৰে পালন কৰা হয়। এই বিশেষ দিনটোত ফুল, লাইট আদি বহু বস্তুৰে সজাই তোলা হৈছে মন্দিৰসমূহ। ভকতসকলে দিনটো ব্ৰত ৰাখি ভজন আৰু কীৰ্তন গায়। আজি অসমত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰা হৈছে।

বিশ্বাস অনুসৰি শ্ৰীকৃষ্ণৰ জন্ম নিশা হৈছিল। সেয়েহে জন্মাষ্টমীৰ দিনা নিশা বিশেষ পূজা কৰা হয়। লাড্ডু গোপালক আৰু ৰাধা-কৃষ্ণক প্ৰসাদ আগবঢ়োৱা হয়। জন্মাষ্টমীৰ দিনা এই পবিত্ৰ উৎসৱৰ বাবে ইজনে সিজনক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। আপোনাৰ আপোনজনকো এই বাৰ্তাসমূহৰ জৰিয়তে জন্মাষ্টমীৰ শুভেচ্ছা জনাব পাৰে।

জন্মাষ্টমী ২০২৫ৰ ১০ টা শুভেচ্ছা

  1. জন্মাষ্টমীৰ এই শুভ দিনটোত আপোনাৰ জীৱন ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদেৰে পৰিপূৰ্ণ হওক। আপোনাৰ প্ৰতিটো দিন সুখ, শান্তি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  2. নন্দৰ পুত্ৰ ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ সকলো দুখ দূৰ কৰক। তেওঁৰ বাঁহীৰ সুৰে আপোনাৰ মন-প্ৰাণ ভৰাই তোলক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  3. যশোদা আৰু ৰাধাৰ প্ৰিয় ভগৱান শ্ৰীকৃষ্ণৰ জন্ম বাৰ্ষিকীত শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁৰ কৃপাত আপোনাৰ জীৱন মৰম আৰু সফল হওক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  4. জন্মাষ্টমীৰ এই শুভ দিনটোত আপোনাৰ সকলো কামনা পূৰ্ণ হওক। গোপালৰ আশীৰ্বাদত আপোনাৰ ঘৰখন সুখেৰে পৰিপূৰ্ণ হওক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  5. ভগৱান শ্ৰীকৃষ্ণই যেনেকৈ গোপিনীসকলৰ হৃদয় জয় কৰিছিল, তেনেকৈয়ে তোমালোকৰ হৃদয়ও আনন্দৰে ভৰপূৰ হওক। তেওঁৰ লীলাৰ দৰেই আপোনাৰ জীৱনটোও বৈচিত্ৰময় আৰু সুন্দৰ হওক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  6. কৃষ্ণৰ মৰম আৰু ভক্তিয়ে আপোনাৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত আলোকিত কৰক। তেওঁৰ শিক্ষাই আপোনাক সঠিক পথ দেখুৱাওক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  7. এই জন্মাষ্টমীয়ে আপোনাৰ পৰিয়াললৈ নতুন আনন্দ আৰু উৎসাহ কঢ়িয়াই আনক। সকলোৱে মিলি এই পবিত্ৰ উৎসৱ উদযাপন কৰক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  8. জন্মাষ্টমীৰ এই বিশেষ দিনটোত ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ জীৱনৰ সকলো বাধা দূৰ কৰক তাৰেই প্ৰাৰ্থনা জনাইছোঁ। তেওঁৰ কৃপা সদায় আপোনাৰ ওপৰত থাকক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  9. ৰাধা-কৃষ্ণৰ প্ৰেম যেনেকৈ চিৰন্তন, তেনেকৈ আপোনাৰ জীৱনতো প্ৰেম চিৰন্তন হওক। এই পবিত্ৰ দিনটোত আপোনাৰ হৃদয়ত ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতি গভীৰ ভক্তি জাগ্ৰত হওক। জন্মাষ্টমীৰ শুভেচ্ছা জনালোঁ।
  10. জন্মাষ্টমীৰ এই শুভ ক্ষণত আপোনালোকৰ লগতে আপোনাৰ পৰিয়াললৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।