শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Happy independence day 2025: স্বাধীনতা দিৱসঃ এই ১০ টা উক্তিয়ে আপোনাৰ মনত যোগাব দেশপ্ৰেমৰ ধাৰণা…

Happy independence day 2025: প্ৰতিবছৰে ১৫ আগষ্টৰ দিনটোত দেশে স্বাধীনতা পালন কৰে। এই স্বাধীনতাৰ বাবে হাজাৰ হাজাৰ বীৰ-বীৰংগণাই প্ৰাণ আহুতি দিছিল।

Happy independence day 2025: স্বাধীনতা দিৱসঃ এই ১০ টা উক্তিয়ে আপোনাৰ মনত যোগাব দেশপ্ৰেমৰ ধাৰণা…
স্বাধীনতা দিৱসৰ উক্তিImage Credit source: Unsplash
barasha-sarma
Barasha Sarma | Published: 14 Aug 2025 17:39 PM

১৫ আগষ্টত সমগ্ৰ দেশে পালন  কৰে স্বাধীনতা দিৱস। ১৯৪৭ চনত এই দিনটোতেই ভাৰতে স্বাধীনতা লাভ কৰিছিল। স্বাধীনতা লাভৰ যুঁজখন সহজ নাছিল। তাৰ বিনিময়ত বহু সেনানী শ্বহীদ হ’বলগীয়া হৈছিল। নিজৰ জীৱনত তুচ্ছ জ্ঞান কৰি হাজাৰ হাজাৰ লোকে দেশৰ হৈ প্ৰাণ আহুতি দিছিল। চন্দ্ৰশেখৰ আজাদ, ভগত সিং, কনকলতা বৰুৱা, পিয়লি ফুকন, মংগল পাণ্ডে, ৰাণী লক্ষ্মীবাঈ আদিকে ধৰি বিভিন্নজনে দেশৰ হৈ প্ৰাণ হেৰুৱাইছিল।

শ্বহীদৰ তালিকাখন বহু দীঘলীয়া। কিছুমান শ্বদীহ সম্ভৱতঃ এনেকুৱা আছে যাৰ নাম কেতিয়াও ইতিহাসত খোদিত নহ’ল। কিন্তু দেশৰ হৈ যুঁজ দিয়া বীৰ-বীৰংগণাৰ বাবে আজি আমি স্বাধীনতা উপভোগ কৰিছিল। সেই সময়ত আজিৰ দৰে প্ৰযুক্তি নাছিল। তেনে স্থলত মহান সেনানীসকলে কিছুমান উক্তি তথা ব্যক্তব্যৰে সকলোকে একত্ৰিত কৰাৰ চেষ্টা কৰিছিল। যিবোৰ এতিয়াও মহান লোকৰ বাণী হৈ আছে। তেনে কেইটামান উক্তি তলত উল্লেখ কৰা হ’ল, যিয়ে তেওঁলোকৰ দেশৰ প্ৰতি থকা প্ৰেমৰ কিছু উমান দিব-

  1. স্বতন্ত্ৰতা মোৰ জন্মগত অধিকাৰ, আৰু মই ইয়াক লৈহে এৰিমঃ লোকমাণ্য বাল গংগাধৰ তিলক।
  2. তুমি মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম- এই মহান বাক্যশাৰী সুভাষ চন্দ্ৰ বসুয়ে কৈছিল।
  3. ইনক্লাব জিন্দাবাদঃ ভগত সিঙে কৈছিল। এটা সময়ত ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়াত এই বাক্যই ভাৰতীয়ক সাহস দিছিল।
  4. জয় জোৱান-জয় কিষাণ- লাল বাবাদুৰ শাস্ত্ৰী।
  5. ছৰফিৰোসী কি তমন্না অব হমাৰা দিলো মে হ্যে-ৰাম প্ৰসাদ বিস্মিল
  6. সত্যমেৱ জয়তেঃ মদন মোহন মালবিয়া
  7. আপুনি মোক শিকলিৰে বান্ধিব পাৰে, মোক ধ্বংস কৰিব পাৰে, আনকি এই শৰীৰটোও ধ্বংস কৰিব পাৰে, কিন্তু মোৰ মনটোক কেতিয়াও কাৰাগাৰত ৰাখিব নোৱাৰেঃ  মহাত্মা গান্ধী।
  8. ভাৰতৰ প্ৰতিজন নাগৰিকে মনত ৰাখিব লাগিব যে তেওঁ এজন ভাৰতীয় আৰু এই দেশত তেওঁৰ সকলো অধিকাৰ আছে কিন্তু নিৰ্দিষ্ট কৰ্তব্যৰ সৈতেঃচৰ্দাৰ বল্লভভাই পেটেল
  9. বোমা আৰু পিষ্টলে বিপ্লৱ কৰিব নোৱাৰে। বিপ্লৱৰ তৰোৱাল ধাৰণাৰ শিলত চোকা হয়ঃ ভগত সিং।
  10. আমি শত্ৰুৰ গুলীৰ সন্মুখীন হম, আমি মুক্ত আৰু মুক্ত হৈ থাকিমঃ চন্দ্ৰশেখৰ আজাদ।

 

অন্য খবৰ পঢ়কঃ Bharat Mata: আমাৰ দেশক কিয় ‘ভাৰত মাতা’ বুলি কোৱা হয়? জানক সকলো…