শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
অমিতাভে জোৰকৈ ধৰি টানি নিছিল ঐশ্বৰ্যক, কি হৈছিল সেইদিনা?

অমিতাভে জোৰকৈ ধৰি টানি নিছিল ঐশ্বৰ্যক, কি হৈছিল সেইদিনা?

trishna-kalita
Trishna Kalita | Updated On: 13 Aug 2025 22:13 PM

পাৰ্টিত সকলোৰে সন্মুখত ঐশ্বৰ্যই ‘সুৰাপান’ কৰা এনে খবৰ সকলোতে বিয়পি পৰিছে। অমিতাভে তেওঁক জোৰকৈ ধৰি সকলোৰে সন্মুখৰ পৰা লৈ যোৱা দেখা গৈছে।

বচ্চন পৰিয়ালৰ বোৱাৰী মিছ ৱৰ্ল্ড ঐশ্বৰ্য ৰায় বচ্চন।  বিবাহ বিচ্ছেদৰ জল্পনা-কল্পনাৰ বাবে বিগত এবছৰ ধৰি বাতৰিৰ শিৰোনাম দখল কৰি আহিছে ঐশ্বৰ্যই। এনে সময়তে ভাইৰেল হৈ পৰিছে বহু পুৰণি ভিডিঅ’ । চৰ্চাত থকা ভিডিঅ’টো আছিল ঐশ্বৰ্য-অমিতাভৰ সম্পৰ্কক লৈ। কেতিয়াবা ‘কজৰৰে’ গীতটো, কেতিয়াবা তেওঁলোকৰ অতিৰিক্ত ঘনিষ্ঠ ভংগীমা।

তেনে এটা ভিডিঅ’ত ঐশ্বৰ্য সুৰাসক্ত অৱস্থা দেখা গৈছে। যাক চম্ভালিবলৈ ব্যস্ত হৈ পৰিছিল অমিতাভ বচ্চনে । বহুতৰে বাবে ধাৰণা স্পষ্ট যে সেইদিনা নায়িকাগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। অমিতাভেও তেওঁক ৰাজহুৱাভাৱে অনুশাসন কৰিছিল। কিন্তু অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায় বচ্চনৰ সন্দৰ্ভত প্ৰকাশ পোৱা বহু খবৰে বচ্চন পৰিয়ালক ‘কলংকিত’ কৰি তুলিছে। প্ৰথম বিষয়টো আছিল তেওঁলোকৰ সম্পৰ্ক। অমিতাভ বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ মাজত ঘনিষ্ঠতাক লৈ বহু খবৰ মাজে মাজে বিয়পি পৰে।