Independence Day Wishes: সকলোলৈ এইদৰে প্ৰেৰণ কৰক স্বাধীনতা দিৱসৰ শুভবাৰ্তা…
Independence Day Wishes in Assamese: ১৫ আগষ্ট ভাৰতৰ ইতিহাসৰ এক অতি বিশেষ দিন। এই দিনটোত দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া বিপ্লৱী আৰু শ্বহীদ সকলক প্ৰণাম। আপোনজনক স্বাধীনতাৰ বিশেষ শুভেচ্ছা জনাওক।

Happy Independence Day: ১৫ আগষ্ট বৃহস্পতিবাৰে ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস। ১৯৪৭ চনৰ এই দিনটোতে ভাৰতবৰ্ষই ব্ৰিটিছ দাসত্বৰ পৰা মুক্ত হৈছিল। স্বাধীনতা দিৱসত ভাৰতত সকলো প্ৰান্ততে দেশপ্ৰেমৰ পৰিৱেশ দেখা যায়। এই দিনটো শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৰে মন উৎসাহেৰে ভৰি থাকে।
স্বাধীনতা দিৱসত দিল্লীৰ লালকিল্লাত আয়োজিত এক অনুষ্ঠানত দেশবাসীক সম্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে। এই দিনটোত ভাৰতৰ সাফল্যৰ কথা কোৱা হয়। এই দিনটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ দিন। মানুহে স্বাধীনতা দিৱস উদযাপন কৰি পতাকা উৰুৱাই, জাতীয় সংগীত গাই, মিঠাই বিতৰণ কৰি উদযাপন কৰে।
এই বিশেষ ক্ষণত সকলোৱে নিজৰ বন্ধু-বান্ধৱী, আত্মীয়-স্বজন আৰু পৰিয়ালৰ লোকলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা প্ৰেৰণ কৰে। আপুনিও এই স্বাধীনতা দিৱস উদযাপনত অংশগ্ৰহণ কৰি আপোনজনক শুভেচ্ছা প্ৰেৰণ কৰিব পাৰে।
স্বাধীনতা দিৱসৰ শুভবাৰ্তা
১) স্বাধীনতা দিৱস ২০২৫ ৰ শুভেচ্ছা জনালো। আহক আমি সকলোৱে মিলি ত্ৰিৰংগাক আৰু ওপৰলৈ উঠাই দেশক মহান কৰি তোলোঁ।
২) এই স্বাধীনতা দিৱসত ত্ৰিৰংগাৰ তিনিটা ৰঙেৰে নিজৰ হৃদয় ৰঙীন কৰক। জয় হিন্দ।
৩) আমাৰ দেশ, আমাৰ ত্ৰিৰংগ আৰু আমাক এই স্বাধীনতা দিয়া সকলো বীৰক লৈ আমি গৌৰৱান্বিত। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
৪)২০২৫ চনৰ ১৫ আগষ্ট তাৰিখৰ এই শুভ দিনটোত দেশপ্ৰেমৰ মনোভাৱ সদায় হৃদয়ত দৃঢ় হৈ থাকক। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
৫) আমাৰ দেশক স্বাধীন কৰি তোলাত অৰিহণা যোগোৱা সেই সকলো লোককে শিৰ নত কৰি প্ৰণাম জনাওঁ আহক।
৬) আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
৭) দেশপ্ৰেমৰ মনোভাৱ জাগ্ৰত কৰক, স্বাধীনতাৰ উৎসৱ উদযাপন কৰক, প্ৰতিখন হৃদয়ত ত্ৰিৰংগ উত্তোলন কৰক – জয় হিন্দ, জয় ভাৰত
৮) এই বিশেষ মুহূৰ্তটো মনত ৰাখি দেশৰ বাবে কিবা এটা কৰোঁ আহক। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
৯) আপোনাৰ জীৱনত সদায় দেশপ্ৰেমৰ মনোভাৱ থাকক আৰু ভাৰত সদায় আগুৱাই যাওক। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
১০) আমি দেশৰ বাবে জীয়াই থাকিম, দেশৰ বাবে মৰিম, ত্ৰিৰংগৰ সন্মানত আমি সদায় মূৰ তল কৰিম। ভাৰত মাতা কি জয়।
১১) এই স্বাধীনতা দিৱসত আমাৰ দেশৰ বাবে প্ৰাণ আহুতি দিয়া সকলো বীৰ জোৱানক স্মৰণ কৰোঁ আহক। জয় হিন্দ।
১২) স্বাধীনতাৰ এই পৱিত্ৰ উৎসৱত গৌৰৱেৰে উৰি থকা ত্ৰিৰংগা আমাৰ দেশৰ গৌৰৱ আৰু পৰিচয়। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
১৩) এই স্বাধীনতা দিৱসত আমাৰ মনৰ সকলো দুখ দূৰ কৰি স্বাধীনতাৰ আনন্দত আনন্দিত হওঁ আহক। স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
১৪) এই স্বাধীনতা দিৱসত আপুনিও নিজৰ জীৱনৰ সকলো সিদ্ধান্ত মুক্তভাৱে ল’ব পাৰিব বুলি কামনা কৰিলোঁ।
১৫) স্বাধীনতা দিৱসৰ শুভেচ্ছা থাকিল! আহক আমি দেশখনক উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিওঁ। জয় হিন্দ।
লগতে পঢ়ক: এইদৰে সকলোকে জনাওক স্বাধীনতা দিৱসৰ শুভেচ্ছা…