14 AUG 2025
TV9 ASSAM
১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত স্বাধীন হৈছিল। সেই সময়ত দেশ দুটা ভাগত বিভক্ত হৈ পাকিস্তান গঠন হৈছিল। স্বাধীনতা লাভৰ আগৰ পৰা পাছলৈ বহু সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল।
স্বাধীনতাৰ পাছত লাখ লাখ লোক পদযাত্ৰা, গৰু গাড়ী, ট্ৰেইন, ট্ৰাক, বিমান, ষ্টীমৰ, নাও আদিৰে ভাৰতলৈ আহিছিল। ট্ৰেইনত আহিছিল লাখ লাখ মৃতদেহ।
প্ৰশ্ন হয়, স্বাধীনতা লাভৰ পাছত ভাৰতৰ পৰা কিমান সংখ্যক মুছলমান পাকিস্তানলৈ গৈছিল আৰু কিমান হিন্দু পাকিস্তানৰ পৰা ভাৰতলৈ আহিছিল।
১৯৪৭ চনত ভাৰত বিভাজনৰ সময়ত পাকিস্তানক দুটা ভৌগালিক ৰূপত ভাগ হৈছিল। পূব পাকিস্তান (বাংলাদেশ) আৰু পশ্চিমী পাকিস্তান (বৰ্তমানৰ পাকিস্তান)।
১৯৫১ চনৰ পাকিস্তানৰ জনগণনা অনুসৰি ভাৰতৰ পৰা ৭২,২৬,৬০০ লোক স্থানচ্যুত হৈছিল। আনহাতে ভাৰতৰ জনগণনা অনুসৰি ইয়াৰ পৰিমাণ আছিল ৭২,৯৫,৮৭০ জন।
ভাৰতৰ পৰা পশ্চিম পাকিস্তানলৈ ৬৫ লাখ মুছলিম গৈছিল, আনহাতে তাৰ পৰা প্ৰায় ৪৭ লাখ হিন্দু আৰু শিখ ভাৰতলৈ আহিছিল।
পূব পাকিস্তানৰ পৰা ২৬ লাখ লোক ভাৰতলৈ আহিছিল, আনহাতে ভাৰতৰ পৰা প্ৰায় ৭ লাখ লোক পূব পাকিস্তান(এতিয়াৰ বাংলাদেশ)লৈ গৈছিল।
পঢ়িবলৈ ক্লিক কৰক