শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ভাৰত, চকুৰে সৰিয়হ ফুল দেখিব ইউনুচ চৰকাৰে!

বাংলাদেশৰ বিৰুদ্ধে কঠোৰ ভাৰত, চকুৰে সৰিয়হ ফুল দেখিব ইউনুচ চৰকাৰে!

raj-saikia
Raj Saikia | Published: 13 Aug 2025 22:11 PM

মে’ মাহৰ নিষেধাজ্ঞাৰ অধীনত ভাৰতৰ স্থল বন্দৰৰ জৰিয়তে বাংলাদেশৰ ৰেডিমেড কাপোৰ, খাদ্য সামগ্ৰী ভাৰতত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। ফলত বংগৰ চাংৰাবন্দা বা ফুলবাৰী স্থল বন্দৰেৰে ফলমূল, প্ৰচেছড খাদ্য, কাপোৰ, কপাহৰ দৰে সামগ্ৰীৰ প্ৰৱেশো নিষিদ্ধ কৰা হয়।

যোৱা এপ্ৰিল মাহত বাংলাদেশৰ সৈতে ‘ট্ৰেন্সশ্বিপমেণ্ট’ৰ সুবিধা বন্ধ কৰি দিছিল ভাৰতে। অৰ্থাৎ কোনো ভাৰতীয় বন্দৰ ব্যৱহাৰ কৰি কোনো তৃতীয় দেশলৈ সামগ্ৰী প্ৰেৰণ কৰিব নোৱাৰিব বাংলাদেশে। তাৰ পাছত মে’ মাহত নতুন দিল্লীয়ে স্থলপথেৰে ভাৰতত কেবাটাও বাংলাদেশী সামগ্ৰীৰ প্রৱেশত নিষেধাজ্ঞা আৰোপ কৰে ৷ ইয়াৰ ফলত ভাৰতত সেই সামগ্ৰীসমূহ নিৰ্মাণ কৰা কোম্পানী বা ব্যক্তিসকল কিছু পৰিমাণে লাভৱান হৈছিল। এতিয়া কেন্দ্ৰীয় চৰকাৰে ঢাকাক আৰু অধিক হেঁচা প্ৰয়োগ কৰিছে।

মে’ মাহৰ নিষেধাজ্ঞাৰ অধীনত ভাৰতৰ স্থল বন্দৰৰ জৰিয়তে বাংলাদেশৰ ৰেডিমেড কাপোৰ, খাদ্য সামগ্ৰী ভাৰতত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। ফলত বংগৰ চাংৰাবন্দা বা ফুলবাৰী স্থল বন্দৰেৰে ফলমূল, প্ৰচেছড খাদ্য, কাপোৰ, কপাহৰ দৰে সামগ্ৰীৰ প্ৰৱেশো নিষিদ্ধ কৰা হয়।

ঘোষণা কৰা হৈছিল যে কলকাতা বা মুম্বাই বন্দৰলৈ এই সকলোবোৰ সামগ্ৰী জাহাজেৰে প্ৰেৰণ কৰা হ’ব। পাছত মৰাপাট আৰু মৰাপাটৰ দ্বাৰা তৈয়াৰী সামগ্ৰী এই তালিকাত যোগ কৰা হ’ল। এতিয়া মৰাপাটৰ ৰছী, বস্তা, মোনা, ব্লিচ কৰা আৰু ব্লিচ নকৰা মৰাপাটেৰে বোৱা কাপোৰ ইত্যাদি স্থলবন্দৰেৰে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব বুলি ঘোষণা কৰা হৈছে।

কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ৰ অধীনস্থ বৈদেশিক বাণিজ্য সঞ্চালকালয়ে এক অধিসূচনা জাৰি কৰি কয় যে এই সামগ্ৰীসমূহ মুম্বাইৰ নভা শ্বেৱা বন্দৰৰ জৰিয়তে প্ৰেৰণ কৰিলেহে ভাৰতত প্ৰৱেশৰ অনুমতি দিয়া হ’ব।