শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আপোনাৰ নিদ্ৰাহীন উজাগৰ ৰাতিৰ কাৰণ হ’ব পাৰে বিচনা চাদৰখন! জানেনে এই বিষয়ে?

বিশেষজ্ঞসকলে টোপনি নোহোৱা সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে বুলি উল্লেখ কৰিছে। বিচনা চাদৰতো টোপনিৰ সমস্যাৰ কাৰণ লুকাই থাকিব পাৰে বুলি তেওঁলোকে কয়।

আপোনাৰ নিদ্ৰাহীন উজাগৰ ৰাতিৰ কাৰণ হ’ব পাৰে বিচনা চাদৰখন! জানেনে এই বিষয়ে?
বিচনা চাদৰত থাকিব পাৰে টোপনিৰ সমস্যৰ কাৰণ!Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 14 Aug 2025 17:31 PM

আমাৰ সুস্বাস্থ্যৰ বাবে অত্যন্ত প্ৰয়োজনীয় টোপনি নিশা ভালদৰে টোপনি নহলে শৰীৰ নানা সমস্যাৰ সৃষ্টি হয় আগনিশা যদি ভালদৰে টোপনি নহয়, তেতিয়া দিনটোৰ বাবে দৈহিকমানসিক ক্লান্তিয়ে দেখা দিয়ে ধাৰাবাহিকভাৱে এই নিদ্ৰাহীনতাৰ সমস্যা থাকিলে দেহত বহু ৰোগেও থিতাপি পাৰে সাধাৰণতে দিনটোৰ পৰিশ্ৰমৰ অন্তত সকলোৱে নিশা ভালদৰে শুব বিচাৰে চকুতো থাকে টোপনিৰ জ্বাল পিছে বিচনাত বাগৰ দিয়াৰ লগে লগে প্ৰায়ে টোপনি নোহোৱা হৈ যায়

ইয়াৰ পিছত হাজাৰ চেষ্টা কৰিও বহু সময়লৈ টোপনি আনিব পৰা সম্ভৱ হৈ নুঠে আৰু ইয়াৰ ফল আমি পিছত ভোগ কৰিবলগা হয় বিশেষজ্ঞসকলে টোপনিৰ এই সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে বুলি উল্লেখ কৰিছে বিচনা চাদৰতো টোপনিৰ সমস্যাৰ কাৰণ লুকাই থাকিব পাৰে বুলি তেওঁলোকে কয়

পিছে বিচনাৰ চাদৰে কিদৰে টোপনিৰ সমস্যা সৃষ্টি কৰিব পাৰে? জানো আহক এই বিষয়ে

১) বিচনাখনত ব্যৱহাৰ কৰা বিচনা চাদৰখন কপাহৰ হ’ব লাগে। লিগতে বিচনা চাদৰখন পাতল ৰঙৰ লাগে। বগা বা পাতল হালধীয়া ৰং নিৰ্বাচন কৰিলে ভাল

২) সন্ধিয়া বিচনা চাদৰ সলনি কৰিব লাগে। ইয়াৰ ফলত বিচনাখনত সতেজ অনুভৱ হ’ব। এনে কৰিলে আপুনি সোনকালে টোপনি যাব পাৰে।

৩) শুবলৈ লোৱাৰ পূৰ্বে আঠুৱা আৰু বিচনা চাদৰত অলপ সুগন্ধি ব্যৱহাৰ কৰিব লাগে। ইয়াৰ দ্বাৰাও আপোনাৰ টোপনি ভাল হ’ব।

৪) গৰমৰ দিনত গাঢ় ৰঙৰ বিচনা চাদৰ ব্যৱহাৰ নকৰিব। ইয়াৰ ফলত আপোনাৰ গৰম অনুভৱ হ’ব পাৰে। সেয়ে বিচনা চাদৰখনৰ ৰং পাতল হ’ব লাগে।

৫) বিশেষজ্ঞৰ মতে, বহুত ডিজাইন থকা বিচনা চাদৰ ব্যৱহাৰ নকৰিব। ইয়াৰ পৰিৱৰ্তে কোনো প্ৰিন্ট নথকা পাতল ৰঙৰ বিচনা চাদৰে আপোনাৰ মনটোক শান্ত কৰিব আৰু আপোনাৰ টোপনিও ভাল হ’ব।

৬) সদায় পৰিষ্কাৰ বিচনা চাদৰ ব্যৱহাৰ কৰিব লাগে। সপ্তাহত অন্ততঃ দুবাৰ বিচনা চাদৰ সলনি কৰক। আপুনি দেখিব যে আপোনাৰ টোপনি যথেষ্ট ভাল হ’ব।