শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
ৰূপকোঁৱৰ চ’কৰ পৰা অজাপৰ ৰাহুল গান্ধীক সাক্ষাতলৈ, দিনটোৰ শীৰ্ষ খবৰ

ৰূপকোঁৱৰ চ’কৰ পৰা অজাপৰ ৰাহুল গান্ধীক সাক্ষাতলৈ, দিনটোৰ শীৰ্ষ খবৰ

monjit-dutta
Monjit Dutta | Updated On: 12 Aug 2025 23:52 PM

আজি সলনি কৰা হয় নগাঁৱৰ ঢাকাপট্টিৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে আজি নগাঁও জিলা প্ৰশাসনে এই পদক্ষেপ লয়। এতিয়াৰ পৰা এই স্থানক 'ৰূপকোঁৱৰ চ'ক' নামেৰে জনা যাব।

আজি সলনি কৰা হয় নগাঁৱৰ ঢাকাপট্টিৰ নাম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে আজি নগাঁও জিলা প্ৰশাসনে এই পদক্ষেপ লয়। এই সিদ্ধান্ত অনুসৰি ঢাকাপট্টিৰ নতুন নাম ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ নামেৰে নামকৰণ কৰা হৈছে। এতিয়াৰ পৰা এই স্থানকৰূপকোঁৱৰ চ’ক’ নামেৰে জনা যাব আজি নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই বিষয়ে ঘোষণা কৰে

অসম জাতীয় পৰিষদৰ এক প্ৰতিনিধ দলে আজি নতুন দিল্লীত সাক্ষাৎ কৰে বিৰোধী দলপতি ৰাহুল গান্ধীক অজাপৰ প্ৰতিনিধি দলটোৱে অসম চুক্তি ৰূপায়ন, বিদেশী বহিষ্কৰণ, অসমীয়াৰ সাংবিধানিক ৰক্ষাকৱচৰ ওপৰত ৰাহুল গান্ধীৰ সৈতে আলোচনা কৰে। বিদেশী বহিস্কৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰে প্ৰতাৰণা কৰা বুলি অজাপে পুনৰ অভিযোগ কৰে আৰু এই বিষয়ে সংসদত উত্থাপন কৰাৰ বাবে ৰাহুল গান্ধীক আহ্বান জনায়।