শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ব্যক্তিগত আৰু কৰ্মজীৱনৰ মাজত কেনেদৰে ভাৰসাম্য বজাই ৰাখিব? অনুসৰণ কৰক এই সহজ টিপচ্

আজিকালি সকলো ব্যস্ত হৈ পৰিছে। যাৰ বাবে নিজৰ পৰিয়ালক সময় দিব নোৱাৰে। বৰ্তমান অত্যধিক কামৰ হেঁচাত মানসিক চাপ অনুভৱ কৰাটো অতি সাধাৰণ কথা। সেয়ে ইয়াক সঠিকভাৱে পৰিচালনা কৰাটো অতি প্ৰয়োজনীয়। আজি কেইটামান টিপচ লৈ আহিছোঁ...

ব্যক্তিগত আৰু কৰ্মজীৱনৰ মাজত কেনেদৰে ভাৰসাম্য বজাই ৰাখিব? অনুসৰণ কৰক এই সহজ টিপচ্
ব্যক্তিগত আৰু কৰ্মজীৱনৰ মাজত কেনেদৰে ভাৰসাম্য বজাই ৰাখিব?
barasha-misra
Barasha Misra | Published: 14 Aug 2025 15:46 PM

কৰ্মজীৱনত মানসিক চাপ কম বেছি পৰিমানৰ সকলোৰে থাকে। কিন্তু কামৰ বাবে আপোনাৰ ব্যক্তিগত জীৱনত প্ৰভাৱ পেলোৱাটো অনুচিত। অবিৰত মানসিক চাপৰ ফলত বহু ধৰণৰ মানসিক আৰু শাৰীৰিক সমস্যাৰ সৃষ্টি হয়। আজি ব্যক্তিগত জীৱন আৰু কৰ্মৰ মাজত কেনেকৈ ভাৰসাম্য ৰক্ষা কৰিব পাৰি সেই বিষয়েও জানো আহক।

সময়ৰ সঠিক ব্যৱহাৰ:

কামৰ সময়ত কামত মনোযোগ দিয়া আৰু ব্যক্তিগত সময়ত কামৰ চিন্তাৰ পৰা আঁতৰি থকাটো প্ৰয়োজনীয়। ইয়াৰ বাবে প্ৰথমে সেইবোৰ কাম কৰক যিবোৰ অতি গুৰুত্বপূৰ্ণ। যদি আপুনি আপোনাৰ পৰিয়ালৰ সৈতে সময় কটাবলৈ সুযোগ নাপায়, তেন্তে অফিচৰ পৰা গৈ ৰাতি তেওঁলোকৰ সৈতে নৈশ আহাৰ গ্ৰহণ কৰক।

সীমা নিৰ্ধাৰণ কৰা:

নিজৰ ব্যক্তিগত কামৰ বাবে এক সময়সীমা নিৰ্ধাৰণ কৰক আৰু সেই সময়সীমা উলংঘা নকৰিবলৈ চেষ্টা কৰিব। সময় নষ্ট কৰা অভ্যাসবোৰ চিনাক্ত কৰি সেইবোৰ সলনি কৰক। অফিচৰ সময়ত কেৱল অফিচৰ কাম কৰক আৰু অফিচৰ পৰা ওলাই ঘৰৰ মানুহক গুৰুত্ব দিয়ক। ঘৰত অফিচৰ কথা বেছি আলোচনা নকৰিব।

আজিৰ কাম কাইলৈৰ বাবে থৈ নিদিব:

যদি আপুনি জীৱনত সুখী হ’ব বিচাৰে, তেন্তে এই অভ্যাস তৎক্ষণাত এৰি দিয়া উচিত। বহু সময়ত আমি আমাৰ কাম আহিবলগীয়া দিনলৈ পিছুৱাই দিওঁ। ইয়াৰ বাবে ক্ৰমান্বয়ে আমাৰ বাবে কামৰ পাহাৰ সাজু হৈ উঠে আৰু তাৰ পিছত আমি আমাৰ অতিৰিক্ত সময় দি সম্পূৰ্ণ কৰিব লগা হয়। আমি যেতিয়া আমাৰ অতিৰিক্ত সময় এনেদৰে কটাওঁ কাম সম্পূৰ্ণ কৰিবলৈ, তেতিয়া আমাৰ নিজৰ বাবে কোনো সময় নাথাকে। গতিকে নিজৰ সময় উলিয়াবলৈ কাম স্থগিত ৰখাৰ অভ্যাস ত্যাগ কৰক।