শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Happy Diwali 2025: এনেদৰে প্ৰিয়জনক দিয়ক দীপাৱলীৰ শুভেচ্ছা…

Diwali 2025 Wishes: এইবাৰ ২০ অক্টোবৰত অৰ্থাৎ সোমবাৰে দীপাৱলী উদযাপন কৰা হ'ব। ঘৰৰ পৰা দূৰত থকাসকলে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীলৈও শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। আপুনিও এই বাৰ্তা প্ৰেৰণ কৰি আপোনাৰ আপোনজনক দীপাৱলীৰ শুভেচ্ছা জনাব পাৰে।

Happy Diwali 2025: এনেদৰে প্ৰিয়জনক দিয়ক দীপাৱলীৰ শুভেচ্ছা…
দেৱালীৰ শুভেচ্ছাImage Credit source: NurPhoto/Getty Images
trishna-kalita
Trishna Kalita | Updated On: 18 Oct 2025 20:38 PM

Diwali 2025 Wishes in Assamese: দেশৰ প্ৰতিটো প্ৰান্তত অতি ধুমধাম আৰু আনন্দৰে দীপাৱলী উৎসৱ উদযাপন কৰা হয় । প্ৰতি বছৰে কাতি মাহৰ অমাৱস্যাৰ দিনা দীপাৱলী পালন কৰা হয়। এইবাৰ ২০ অক্টোবৰত অৰ্থাৎ সোমবাৰে দীপাৱলী উদযাপন কৰা হ’ব। এই শুভ অনুষ্ঠানত মানুহে নিজৰ ঘৰৰ চৌদিশ চাকি, ৰঙীন পোহৰেৰে আলোকিত কৰে।

কেইবাদিনো আগতীয়াকৈ আৰম্ভ হয় দীপাৱলীৰ প্ৰস্তুতি। মানুহে ঘৰ-দুৱাৰ চাফা কৰি এই অনুষ্ঠানৰ বাবে নতুন কাপোৰ ক্ৰয় কৰে। দীপাৱলীৰ সময়ত বজাৰবোৰ জীৱন্ত হৈ পৰে। মিঠাইৰ দোকানৰ পৰা আৰম্ভ কৰি কাপোৰ-কানি আৰু সজ্জাৰ দোকানলৈকে ভিৰ দেখা যায়। দীপাৱলীত মানুহে মিঠাই আৰু উপহাৰৰ আদান-প্ৰদান আৰু ইজনে সিজনক সম্ভাষণ জনায়।  ঘৰৰ পৰা দূৰত থকাসকলে আত্মীয়-স্বজন আৰু বন্ধু-বান্ধৱীলৈও শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। আপুনিও এই বাৰ্তা প্ৰেৰণ কৰি আপোনাৰ আপোনজনক দীপাৱলীৰ শুভেচ্ছা জনাব পাৰে।

দীপাৱলীৰ শুভেচ্ছা

  1. আপোনাৰ লগতে আপোনাৰ পৰিয়াললৈ দীপাৱলীৰ শুভেচ্ছা আৰু মৰম…
  2. সুখ-আনন্দ, হাঁহি-ধেমালীৰ মাজেৰে দীপাৱলী উদযাপন কৰক। দীপাৱলীৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
  3. দীপাৱলীৰ পোহৰেৰে আপোনাৰ জীৱন আলোকিত হওক। দীপাৱলীৰ শুভ পোহৰে সকলো অন্ধকাৰ দূৰ কৰক, আৰু
  4. আপোনাৰ জীৱন সুন্দৰ, সুস্থ, আৰু শান্তিপূৰ্ণ হওক। দীপাৱলীৰ শুভেচ্ছা জনালোঁ
  5. পোহৰৰ উৎসৱত আপোনাৰ জীৱন সুখ আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক। দীপাৱলীৰ শুভেচ্ছা আৰু মৰম।
  6. পোহৰৰ উৎসৱে আপোনাক সুখ আৰু সফলতাৰ পথ দেখুৱাওক। দীপাৱলীৰ শুভকামনা জনালো…
  7. এই দীপাৱলীত দেৱী লক্ষ্মীয়ে আপোনাৰ জীৱন সুখ আৰু সমৃদ্ধিৰে ভৰাই তোলক। মৰম আৰু পোহৰৰ মাজত অতি আনন্দৰে এই উৎসৱ পাৰ হওক। শুভ দীপাৱলী…
  8. উৎসৱৰ বতৰৰ আনন্দ আৰু পোহৰে আপোনাৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনক।
  9. দীপাৱলীৰ পোহৰে আপোনাৰ জীৱনটো অধিক ৰঙীন আৰু  আলোকিত কৰি তোলক! দীপাৱলীৰ শুভেচ্ছা…
  10. দীপাৱলীৰ দিনটোত দেৱী লক্ষ্মীয়ে আপোনাক সমৃদ্ধিৰ আশীৰ্বাদ দিয়ক। দেৱালীৰ শুভকামনা…