Diwali 2025 Wishes: সকলোলৈ এইদৰে প্ৰেৰণ কৰক দীপাৱলীৰ শুভকামনা…
Diwali Wishes in Assemese: এইবাৰ ২০ অক্টোবৰ, সোমবাৰে দীপাৱলী উৎসৱ। দীপাৱলীৰ সন্ধিয়া দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূজা কৰা হয়, পৰিয়ালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা হয়। আপুনিও সকলোকে এনেদৰে দীপাৱলীৰ শুভেচ্ছা জনাব পাৰে...

দীপাৱলীৰ শুভেচ্ছা
দীপাৱলীৰ দিনা চাকিৰে পোহৰ, ৰঙীন লাইটেৰে আলোকিত হৈ পৰে সমগ্ৰ দেশ। চৌদিশে আনন্দ আৰু সুখে পৰিৱেশে বিৰাজ কৰে। শিশুৰ পৰা প্ৰাপ্তবয়স্কলৈকে সকলোৱে বছৰজুৰি এই উৎসৱৰ বাবে অপেক্ষা কৰি থাকে। এই উৎসৱৰ প্ৰস্তুতি কেইবা সপ্তাহ আগতেই আৰম্ভ হয়। ঘৰ চাফা কৰাৰ পৰা আৰম্ভ কৰি সজোৱালৈকে… ৰঙীন মালা লগোৱা হয়। ঘৰলৈ বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন ৰন্ধা হয়।
এইবাৰ ২০ অক্টোবৰ, সোমবাৰে দীপাৱলী উৎসৱ। দীপাৱলীৰ সন্ধিয়া দেৱী লক্ষ্মী আৰু ভগৱান গণেশক পূজা কৰা হয়, পৰিয়ালৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা হয়। আপুনিও সকলোকে এনেদৰে দীপাৱলীৰ শুভেচ্ছা জনাব পাৰে…
দীপাৱলী শুভকামনা
- এই পোহৰৰ উৎসৱত আপোনাৰ জীৱন সুখ, শান্তি আৰু সমৃদ্ধিৰে পৰিপূৰ্ণ হওক। দীপাৱলীৰ শুভেচ্ছা থাকিল!
- আপোনাৰ জীৱন পোহৰৰ উজ্জ্বলতাৰে আলোকিত হওক, দেৱী লক্ষ্মী আৰু গণেশে আপোনাৰ ঘৰলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনক। দীপাৱলীৰ শুভেচ্ছা জনালো!
- চাকিৰ পোহৰে জীৱনৰ সকলো অন্ধকাৰ মচি পেলাওক। অন্তহীন আনন্দ আৰু শান্তি উপচি পৰক। দীপাৱলীৰ শুভেচ্ছা
- ঘৰলৈ আন্ধাৰ আঁতৰি পোহৰ, হতাশা দূৰ হৈ আশা আগমন হওক। আপোনাৰ জীৱনটো হাঁহি আৰু সুখেৰে ভৰি পৰক। দেৱালীৰ আন্তৰিক শুভকামনা যাঁচিলো।
- মা লক্ষ্মী আৰু গণেশৰ আশীৰ্বাদত আপোনাৰ ধন, সুখ আৰু শান্তি অক্ষত থাকক। কালী পূজা আৰু দীপাৱলীত বহুত বহুত শুভেচ্ছা।
- এই পোহৰৰ উৎসৱে আপোনালোকৰ বাবে এক নতুন আৰম্ভণি কঢ়িয়াই আনক, য’ত প্ৰতিটো দিন আনন্দ আৰু প্ৰেমেৰে ভৰি পৰক। দীপাৱলীৰ শুভেচ্ছা থাকিল!
- দিপাৱলীৰ শুভ আৰম্ভণিয়ে চৌদিশে শান্তি, সমৃদ্ধি, সৌভাগ্য আৰু সীমাহীন আনন্দ বিয়পাই দিয়ক। দীপাৱলীৰ শুভেচ্ছা থাকিল!
- আতচবাজীৰ পোহৰত আপোনাৰ জীৱনলৈ আনন্দ আনক। আপোনাৰ পৰিয়ালৰ সৈতে এই দিনটো আনন্দেৰে উদযাপন কৰক। দীপাৱলীৰ শুভেচ্ছা থাকিল!
- আপোনাৰ হৃদয় আনন্দৰে ভৰি পৰক আৰু আপোনাৰ জীৱনৰ প্ৰতিটো কোণ চাকিৰ পোহৰৰ দৰে উজ্জ্বল হওক। দীপাৱলীৰ শুভেচ্ছা…
- দীপাৱলীৰ ৰঙীন লাইটৰ পোহৰে আপোনাৰ জীৱনৰ সকলো অন্ধকাৰ দূৰ কৰক, আৰু প্ৰতিটো দিন শান্তি আৰু সৌভাগ্যৰে পৰিপূৰ্ণ হওক।