শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Children’s day wishes: শিশু দিৱসত এইদৰে কণ কণ শিশুসকলক দিয়ক শুভেচ্ছা…

জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ মাজত তেওঁ নেহৰু চাচা বুলি পৰিচিত আছিল | তেওঁৰ জন্ম দিনটোক প্রতি বছৰে “শিশু দিৱস” হিচাপে পালন কৰা হয়।

Children’s day wishes: শিশু দিৱসত এইদৰে কণ কণ শিশুসকলক দিয়ক শুভেচ্ছা…
barasha-misra
Barasha Misra | Updated On: 12 Nov 2025 15:07 PM

Happy children’s day wishes: শিশু দিৱস হৈছে শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে সমগ্ৰ ভাৰতবৰ্ষত পালন কৰা এক দিৱস। শিশুৰ প্ৰতি বিশেষভাৱে আকৰ্ষিত হোৱা বুলি জনাজাত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিনত প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত সমগ্ৰ ভাৰততে শিশুসকলৰ বাবে বিভিন্ন শিক্ষামূলক আৰু প্ৰেৰণাদায়ক কাৰ্যসূচী অনুষ্ঠিত হয়।

১৮৮৯ চনৰ ১৪ নৱেম্বৰ তাৰিখে জন্ম হয় শিশু সকলৰ অতিকৈ মৰমৰ পণ্ডিত জৱাহৰলাল নেহৰু। তেওঁ আছিল একেধাৰে ভাৰতৰ ৰজনীতিবিদ, চিন্তাবিদ, লেখক আৰ স্বাধীন ভাৰতৰ প্রথম প্রধানমন্ত্রী। জৱাহৰলাল নেহৰুৱে শিশু সকলক বৰ ভাল পাইছিল আৰু তেওঁলোকৰ মাজত তেওঁ নেহৰু চাচা বুলি পৰিচিত আছিল | আৰু তেওঁৰ জন্ম দিনটোক প্রতি বছৰে “শিশু দিৱস” হিচাপে পালন কৰা হয়| এই দিনটোত আপুনিও শিশুসকলক জনাব পাৰে শুভেচ্ছা…

শিশু দিৱসত এইদৰে দিয়ক শুভেচ্ছা

  • শিশু দিৱস উপলক্ষে শিশু সকলক মৰম, শুভেচ্ছা, আশীৰ্বাদ যাচিছোঁ ।
  • শিশু দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। শিশুসকল হ’ল আমাৰ দেশৰ উজ্জ্বল ভৱিষ্যত। তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো আমাৰ সকলোৰে দায়িত্ব…
  • কান্দিবলৈ কোনো কাৰণ নাছিল, হাঁহিবলৈ মাথোঁ অজুহাত লাগিছিল… আমাৰ শৈশৱৰ সেই দিনটো, আজিও বহুত মনত পৰে, শিশু দিৱসৰ শুভেচ্ছা!
  • আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। তেওঁলোকৰ উজ্জ্বল ভৱিষ্যতৰ বাবে আমি সকলোৱে কাম কৰিব লাগিব। শিশু দিৱসৰ শুভেচ্ছা!
  • আজি শিশুৰ দিন, কোমল মন আৰু এটি কলিৰ দিন, সকলো শিশু ভালে থাকক…
  • সকলোৰে প্ৰিয় চাচা নেহৰু, নেহৰুৱে শিশুসকলক হহুৱাইছে, দিছে হৃদয়েৰে পৰিপূৰ্ণ অনন্য প্ৰেম, শিশু দিৱসৰ শুভেচ্ছা!
  • যিয়ে আকৌ উভতি নাহে, যাক পাহৰি যোৱাটো কঠিন… খেলা-ধেমালি আৰু মাথোঁ খোৱা, শিশু দিৱসৰ শুভেচ্ছা।
  • সেই শৈশৱৰ দিনবোৰ… যিটো আছিল সুখৰ ভাণ্ডাৰ, সপোন হাজাৰ দেখিছিলোঁ মাথোঁ পখিলাৰ দৰে উৰিব বিচাৰিছিলোঁ…
  • শিশু হৈছে এখন দেশৰ প্ৰগতিৰ আধাৰ, চাচা নেহৰুৰ সপোনবোৰ সঁচা কৰি তুলিব সকলো শিশু সাজু… শিশু দিৱসৰ শুভেচ্ছা!
  • শিশুসকল হৈছে বিশ্বৰ আটাইতকৈ মূল্যৱান সম্পদ আৰু ভৱিষ্যতৰ বাবে ইয়াৰ সৰ্বোত্তম আশা- শিশু দিৱসৰ বহুত বহুত শুভেচ্ছা।