হাত-ভৰিত দেখা দিছে নেকি এই লক্ষণ? হ’ব পাৰে এই গুৰুতৰ ৰোগৰ সংকেত, জানক বিশেষজ্ঞৰ পৰা…
আজিকালি মানুহে বিভিন্ন স্বাস্থ্যজনিত সমস্যাত ভোগে। মানুহৰ স্বাস্থ্যৰ সমস্যা হ'লে শৰীৰত বহু লক্ষণে দেখা দিয়ে। কৰ্কট ৰোগ এক গুৰুতৰ ৰোগ। এই ৰোগ হ'লে হাত-ভৰিত কিছুমান লক্ষণে দেখা দিয়ে।

কৰ্কট এক গুৰুতৰ ৰোগ। ই এনে এক ৰোগ যি লাহে লাহে শৰীৰত বৃদ্ধি পায়। কিন্তু বহুতে ইয়াৰ লক্ষণবোৰ আওকান কৰে। যেতিয়া লক্ষণ পোহৰলৈ আহে তেতিয়ালৈক পলম হৈ যায়। কিন্তু সময়ত ইয়াক চিনাক্ত কৰিব পাৰিলে চিকিৎসাৰ দ্বাৰা সুস্থ হ’ব পাৰি। বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ ভিতৰত হাওঁফাওঁৰ কৰ্কট ৰোগ অন্যতম। এই ৰোগ হ’লে বিভিন্ন দিশৰ লগতে হাত-ভৰিতো কিছুমান লক্ষণে দেখা দিয়ে।
কিছুমান লক্ষণ
আঙুলিঃ হাওঁফাওঁৰ কৰ্কট ৰোগৰ ভৰিত দেখা দিয়া আটাইতকৈ সাধাৰণ লক্ষণ হৈছে ডিজিটেল ক্লাবিং। এই অৱস্থাত আঙুলি বা ভৰিৰ আঙুলিৰ আগবোৰ ফুলি উঠে। যাৰ ফলত ঘূৰণীয়া বা বাল্বৰ দৰে দেখা যায়। নখ কোমল হোৱাৰ লগতে আঙুলিৰ মূৰবোৰ কোমল হৈ ভাঁজ লাগিব পাৰে। তেজত অক্সিজেনৰ মাত্ৰা কম হোৱা বাবে এনে হয়।
হাত-ভৰি বিষঃ কোনো কাৰণ নোহোৱাকৈ হাত-ভৰিত বিষ বা ফুলা অনুভৱ হ’ব পাৰে। টিউমাৰৰ বাবে ৰক্ত প্ৰৱাহত বাধা পৰে। যাৰ বাবে এনে হ’ব পাৰে। লগতে মাজে মাজে হাত-ভৰি বিষ হৈ থাকিব পাৰে।
নখৰ ৰং পৰিৱৰ্তনঃ হাওঁফাওঁৰ কৰ্কট ৰোগৰ বাবে নখৰ ৰং সলনি হ’ব পাৰে। এই ৰং নীলা বা বেঙুনীয়া হ’ব পাৰে। তেজত অক্সিজেনৰ পৰিমাণ কমি গ’লে এয়া হয়।
হাত-ভৰি ফুলাঃ হাত-ভৰি ফুলাও হাওঁফাওঁৰ কৰ্কট ৰোগৰ আন এক লক্ষণ হ’ব পাৰে। কেন্সাৰ বুকুৰ লিফ্মো নোডচ বা ৰক্তবাহিকালৈ বিয়পি পৰাৰ এই লক্ষণ দেখা দিব পাৰে।
অজ্ঞানতা আৰু জিনজিননিঃ যদি হাত-ভৰিত অজ্ঞানতা অনুভৱ আৰু জিনজিননি হয় তেতিয়া ইয়াক সহজভাৱে লোৱা ঠিক নহয়। টিউমাৰৰ বাবে শৰীৰৰ বিভিন্ন অংশত হেঁচা পৰে, যাৰ বাবে এনে হয়। কেন্সাৰ বুকুৰ আশে পাশে বিয়পি পৰিলে এনে হয়।
মেক্স হাস্পতালৰ অংক’লজিষ্ট ডাঃ ৰোহিত কাপুৰে আন কিছুমান লক্ষণৰ বিষয়েও কয়। সেইবোৰ-
- স্থায়ী কাহ,
- উশাহ-নিশাহত সমস্যা,
- বুকুৰ তীব্ৰ বিষ,
- ওজন হ্ৰাস
- কাহত তেজ আহিব পাৰে আদি।
যদি দীৰ্ঘদিন ধৰি এই লক্ষণে দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে। সময়মতে এই ৰোগ চিনাক্ত কৰিব পাৰিলে ভালদৰে চিকিৎসা কৰিব পৰা যায়।
অন্য খবৰ পঢ়কঃ আপুনি বিচনাত বহি খাদ্য খাই নেকি? ই ভাল নে বেয়া, জানক বিশেষজ্ঞৰ পৰা…