শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Guru Purnima Wishes: আজি পবিত্ৰ গুৰু পূৰ্ণিমা, এই দিনটোত প্ৰতিজন গুৰুকে জনাওক শুভকামনা

আহাৰ মাহৰ শুক্ল পক্ষৰ পূৰ্ণিমাৰ তিথিত প্ৰতি বছৰে গুৰু পূৰ্ণিমা উৎসৱ পালন কৰা হয় । এই দিনটোত গুৰুক পূজা কৰাৰ বিশেষ মহত্ব আছে ৷ গুৰুৱে জীৱনত জ্ঞান আৰু পথ প্ৰদৰ্শক হিচাপে কাম কৰে, সেয়েহে তেওঁলোকৰ প্ৰতি কৃতজ্ঞতা জনোৱাটো এই উৎসৱৰ মূল উদ্দেশ্য।

Guru Purnima Wishes: আজি পবিত্ৰ গুৰু পূৰ্ণিমা, এই দিনটোত প্ৰতিজন গুৰুকে জনাওক শুভকামনা
আজি পবিত্ৰ গুৰু পূৰ্ণিমা
Barasha Misra
Barasha Misra | Published: 10 Jul 2025 06:30 AM

আজি পবিত্ৰ গুৰু পূৰ্ণিমা। এই দিনটোত গুৰু সকলৰ উদ্দেশ্যে বিভিন্ন সাংস্কৃতিক তথা ধৰ্মীয় অনুষ্ঠান পালন কৰা হয়। গুৰু পূজা এই উৎসৱৰ অন্যতম মূল অনুষ্ঠান। গুৰু শব্দটো ‘গু’ আৰু ‘ৰু’ এই দুই শব্দৰ পৰা আহিছে। সংস্কৃত ভাষাত ‘গু’ মানে অন্ধকাৰ বা অজ্ঞানতা আৰু ‘ৰু’ মানে অন্ধকাৰ বা অজ্ঞানতা দূৰ কৰোঁতা। অৰ্থাৎ গুৰু মানে অজ্ঞানৰূপী অন্ধকাৰ দূৰ কৰোঁতা। ভাৰতীয় সংস্কৃতিত গুৰুক জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ হিচাপে গণ্য কৰা হয়। ধৰ্মীয় গুৰুত্বৰ বাহিৰেই এই উৎসৱৰ ভাৰতীয় শিক্ষা-ব্যবস্থাৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ।

গুৰু পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত সমাজখনক প্ৰেৰণা দিয়া তথা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা প্ৰতিজন গুৰুকে এইদৰে দিয়ক শুভেচ্ছা…

  1. জীৱনৰ প্ৰতিটো মুহূৰ্তত সঠিক পথ দেখুৱায় গুৰুৱে। যিসকলে আমাক স্বাৰ্থপৰতা নোহোৱাকৈ আগবাঢ়ি যোৱা দেখিব বিচাৰে। গুৰু অবিহনে জীৱনত পোহৰ নাথাকে। ভাগ্যবান সেইসকল যিয়ে গুৰুৰ সংগ পায়। গুৰু পূৰ্ণিমাৰ শুভেচ্ছা
  2. আমাৰ ভৱিষ্যত উজ্জ্বল কৰি তোলাৰ পৰা আৰম্ভ কৰি জীৱনৰ সঠিক পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰালৈকে। আপুনি আপোনাৰ শ্ৰেষ্ঠখিনি দিলে কেৱল আমাক প্ৰতিদিনে উজ্জ্বল কৰিবলৈ…. , আপোনাৰ অৱদান শব্দৰে প্ৰকাশ কৰিব নোৱাৰি।
  3. শিক্ষক এজন মৃৎশিল্পীৰ দৰে যিয়ে কেঁচা মাটিক আকৃতি দিয়ে। তাৰ পিছত তেওঁৰ কথা মনত ৰাখি ধুনীয়া পাত্ৰৰ আকৃতি দিয়াত সফল হয়। আপুনিও মোৰ জীৱনলৈ এটা সঠিক দিশ দিলে। ইয়াৰ বাবে মই গোটেই জীৱন আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিম।
  4. গুৰু পূৰ্ণিমাৰ পৱিত্ৰ ক্ষণত সমাজখনক প্ৰেৰণা দিয়া তথা গঢ় দিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আমাৰ গুৰুসকললৈ সশ্ৰদ্ধ প্ৰণিপাত ৷
  5. প্ৰজ্ঞাৰ বীজ সিঁচি সমাজ আলোকিত কৰা প্ৰতিগৰাকী গুৰুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।