প্ৰায়ে গেছৰ সমস্যা হয় নেকি? এই সহজ ঘৰুৱা উপায়ে দিব সমাধান…
আজিকালি বহু মানুহে পাচনতন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যাত ভোগা দেখা যায়। কিছুমানৰ খাদ্য গ্ৰহণ কৰাৰ পাছত গেছ হয়। কিন্তু কিছুমান ঘৰুৱা উপায়ে আপোনাক এই সমস্যাৰ পৰা পৰিত্ৰাণ দিব পাৰে।
আজিকালি বহু মানুহৰ গেছৰ লগত জড়িত বিভিন্ন সমস্যা হোৱা দেখা যায়। খাদ্য, জীৱনশৈলী আদি বিভিন্ন কাৰণত মানুহৰ গেছৰ সমস্যা হ’ব পাৰে। ইয়াৰ প্ৰভাৱ মানুহৰ দৈনন্দিন জীৱনৰ কামত পৰে। কিন্তু কিছুমান বিশেষ অভ্যাসৰ দ্বাৰা আপুনি এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। এই সন্দৰ্ভত আয়ুৰ্বেদিক চিকিৎসক ৰবিন শৰ্মাই নিজৰ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। খাদ্য খোৱাৰ পাছত হোৱা গেছৰ সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে তেওঁ এক বিশেষ উপায় দিছে। গতিকে গেছৰ সমস্যা থকাসকলে এই ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে।
কি কি লাগিব
- এক চামুচ ঘিউ (গৰুৰ গাখীৰৰ পৰা প্ৰস্তুত কৰা হ’লে ভাল)
- অলপ নিমখ (rock salt)
- অলপ হিং
কেনেকৈ তৈয়াৰ কৰিব
এয়া তৈয়াৰ কৰা একেবাৰে সহজ। ইয়াৰ বাবে আপুনি আধা চামুচ ঘিউ লৈ তাত অলপ নিমখ দিব। লগতে দিব অলপ হিং। পাছত ইয়াক মিহলাই লওক। যদি আপোনাৰ গেছৰ সমস্যা আছে তেন্তে খাদ্য গ্ৰহণ কৰাৰ আগতে এইখিনি খাই দিব। ডাঃ ৰবিনৰ মতে, গেছ আৰু পেট ফুলা সমস্যাত ভোগাসকলৰ বাবে এই উপায় ফলপ্ৰসূ।
হিঙৰ উপকাৰ
পেটৰ বাবে হিং উপকাৰী। ই পাচন এনজাইমৰ উৎপাদন বৃদ্ধি কৰে, যাৰ ফলত খাদ্য হজম কৰাত সহজ হয়। হিং সেৱন কৰাৰ ফলত অন্ত্ৰৰ কাৰ্যক্ষমতা বৃদ্ধি পায়। ইয়াৰ ফলত এচিডিটি, কোষ্ঠকাঠিন্য, পেটৰ বিষ আদি পাচনতন্ত্ৰৰ সমস্যা দূৰ হয়।
ৰক চল্ট
ইয়াৰোপৰি ৰক চল্ট বা সন্ধত নিমখ পাচনন্ত্ৰৰ বাবে ভাল। ইয়াক সেৱন কৰিলে অন্ত্ৰত থকা বেয়া পদাৰ্থ বাহিৰ হয়। এনে অৱস্থাত ব্যক্তিৰ ভোক বাঢ়ে, লগতে পেট ফুলাৰ সমস্যা হ্ৰাস পায়।
View this post on Instagram
যদি আপোনাৰ প্ৰায়ে গেছৰ সমস্যা হয় তেন্তে এই ঘৰুৱা উপায় অৱলম্বন কৰিব পাৰে। ইয়াৰোপৰি দীৰ্ঘদিন আৰু বেছিকৈ গেছৰ সমস্যা হ’লে চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল।
অন্য খবৰ পঢ়কঃ চাইনাছৰ সমস্যা আছে নেকি? ভুলতো নাখাব এইসমূহ খাদ্য, জানক চিকিৎসকৰ পৰা…