শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Gandhi Jayanti 2025 Quotes: গান্ধী জয়ন্তী উপলক্ষে পঢ়ক জাতিৰ পিতা মহাত্মা গান্ধীৰ মহান বাণী…

Gandhi Jayanti 2025: আজি ২ অক্টোবৰ, গান্ধী জয়ন্তী। জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁক স্মৰণ কৰি তেওঁৰ অমূল্য চিন্তাধাৰা পঢ়ক, যিয়ে আপোনাৰ সমগ্ৰ জীৱনত প্ৰভাৱ পেলাব পাৰে।

Gandhi Jayanti 2025 Quotes: গান্ধী জয়ন্তী উপলক্ষে পঢ়ক জাতিৰ পিতা মহাত্মা গান্ধীৰ মহান বাণী…
Motivational Quotes And Thoughts Of Mahatma Gandhi On Gandhi Jayanti 2025
trishna-kalita
Trishna Kalita | Updated On: 01 Oct 2025 17:25 PM

সদায় অহিংসা আৰু সত্যৰ পথ প্ৰচাৰ কৰা মহাত্মা গান্ধীয়ে ভাৰতৰ স্বাধীনতাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ইংৰাজে প্ৰায় ২০০ বছৰ ভাৰতত শাসন কৰিছিল। বছৰ বছৰ ধৰি মানুহে ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে মাত মাতিবলৈ বা যুঁজিবলৈ সাহস গোটাব পৰা নাছিল। কিন্তু ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীয়ে নিজৰ শিক্ষাগত অৰ্হতাৰ ভিত্তিত ভাৰতত ইংৰাজৰ ভেটি কঁপাই তুলিছিল। ১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰিছিল, য’ত বাপুৱে কেৱল অহিংসাৰ পথহে গ্ৰহণ কৰিছিল।

জাতিৰ পিতৃ মহাত্মা গান্ধীৰ জন্ম হৈছিল ১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। মহাত্মা গান্ধী আছিল অসাধাৰণ ব্যক্তিত্বৰ ব্যক্তি, নিস্বাৰ্থ কৰ্মযোগী আৰু সেই যুগৰ মানুহ। তেওঁক ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ স্থপতি হিচাপে গণ্য কৰা হয়। মানুহে মহাত্মা গান্ধীক বাপু আৰু জাতিৰ পিতা বুলি মৰমেৰে অভিহিত কৰে আৰু প্ৰতি বছৰে ২ অক্টোবৰ তাৰিখে তেওঁক স্মৰণ কৰি গান্ধী জয়ন্তী বুলি উদযাপন কৰা হয়।

মহাত্মা গান্ধীয়ে গোটেই জীৱন সত্য আৰু অহিংসাৰ নীতি অনুসৰণ কৰিছিল। সেয়ে ২০০৭ চনৰ ১৫ জুন তাৰিখে ৰাষ্ট্ৰসংঘই তেওঁৰ সন্মানত ২ অক্টোবৰ দিনটো আন্তৰ্জাতিক অহিংসা দিৱস হিচাপে ঘোষণা কৰে। আজি জাতিৰ পিতাৰ জন্মবাৰ্ষিকী উপলক্ষে তেওঁক স্মৰণ কৰি তেওঁৰ অমূল্য চিন্তাধাৰা পঢ়ক, যিয়ে আপোনাৰ সমগ্ৰ জীৱনত প্ৰভাৱ পেলাব পাৰে।

মহাত্মা গান্ধীৰ বাণী

১) অহিংসাই সকলো ধৰ্মৰ মূল ভিত্তি।
২) সঁচা ধর্ম হৈছে নিজৰ আত্মাৰ আৱিষ্কাৰ।
৩) সত্যৰ পথ সদায় কঠিন হয়, কিন্তু সেয়া শ্ৰেষ্ঠ পথ।
৪) তুমি নিজেই হোৱা পৰিৱৰ্তন, যাক তুমি পৃথিৱীত দেখিবলৈ বিচাৰা।
৫) নিজক পৰিষ্কাৰ কৰাটো হৈছে সকলোতকৈ ডাঙৰ সেৱা।
৬) স্বতন্ত্ৰতাৰ মূল্য হৈছে নিত্য সতৰ্কতা।
৬) ভুল কৰাটো মানুহৰ স্বভাৱ, কিন্তু ভুলত স্থিৰ থাকাটো দোষ।
৭)সৰ্বোত্তম উপায়েৰে জীৱনৰ প্ৰতিটো কাজ সম্পন্ন কৰা তোমাৰ কৰ্তব্য।
৮) সংযম হ’ল আত্মাৰ প্ৰধান শক্তি।
৯) ভাল কথা আৰু ভাল কামৰে নিজৰ মূল্য প্ৰমাণ কৰক।
১০)সত্যৰ পথ সদায় কঠিন হয়, কিন্তু সেয়া শ্ৰেষ্ঠ পথ।
১১)যদি বিশ্বাসেৰে কাম কৰা হয়, একো অসম্ভৱ নহয়।
১২)ধৈৰ্য্যই সকলো সমস্যাৰ উত্তৰ।
১৩) কোনো কৰ্মই সৰু নহয়, সকলো কৰ্মৰ সমান মূল্য।
১৪) যত্ন আৰু আন্তৰিকতাৰে কৰা যিকোনো কামেই সফল হয়।
১৫)নিজৰ ওপৰত বিশ্বাস থকাটো উন্নতিৰ প্ৰথম ধাপ।
১৬)যদি তোমাৰ হৃদয় শুদ্ধ, তেন্তে তোমাৰ কৰ্ম সদায় উত্তম হব।
১৭)অহিংসাই এটা শক্তি, যাক কোনো অস্ত্ৰেই পৰাস্ত কৰিব নোৱাৰে।