শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দিল্লীৰ পৰা উত্তৰ-পূবলৈ, কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে কেন্সাৰ ৰোগী ? কাৰণ জানক

শেহতীয়াকৈ এক গৱেষণা কৰা হৈছিল, য’ত আচৰিত ধৰণৰ পৰিসংখ্যা চৰ্চালৈ আহিছে। ২০ আগষ্টত জাভা নেটৱৰ্কৰ এটা ৰিপৰ্ট ওলাইছিল, য’ত কোৱা হৈছিল যে, ভাৰতৰ জনসংখ্যা প্ৰায় ১১ শতাংশই এই মাৰাত্মক ৰোগৰ সন্মুখীন হৈছে।

দিল্লীৰ পৰা উত্তৰ-পূবলৈ, কিয় দ্ৰুতগতিত বৃদ্ধি পাইছে কেন্সাৰ ৰোগী ? কাৰণ জানক
প্ৰতীকী ফটোImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 01 Sep 2025 16:42 PM

ভাৰতত কৰ্কট ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে। বিশ্বৰ ভিতৰতে দ্বিতীয় স্থানত আছে ভাৰত। প্ৰথম স্থানত আছে চীন। এই দেশসমূহত জনসংখ্যাও অধিক, যাৰ বাবে কেন্সাৰ ৰোগীও বেছিকৈ পোৱা যায়। ইণ্টাৰনেশ্যনেল এজেন্সি ফৰ ৰিচাৰ্চ অন কেন্সাৰৰ GLOBOCAN ৰ ২০২২ চনৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ১৪ লাখ লোকৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছে। একে সময়তে কৰ্কট ৰোগত আক্ৰান্ত হৈ ৯ লাখৰো অধিক লোকৰ মৃত্যু হৈছে। কিন্তু ভাৰতত কেন্সাৰ ৰোগীৰ সংখ্যা কিয় ইমান বেছি?

শেহতীয়াকৈ এক গৱেষণা কৰা হৈছিল, য’ত আচৰিত ধৰণৰ পৰিসংখ্যা চৰ্চালৈ আহিছে। ২০ আগষ্টত জাভা নেটৱৰ্কৰ এটা ৰিপৰ্ট ওলাইছিল, য’ত কোৱা হৈছিল যে, ভাৰতৰ জনসংখ্যা প্ৰায় ১১ শতাংশই এই মাৰাত্মক ৰোগৰ সন্মুখীন হৈছে। এই গৱেষণা National Cancer Registry Programme Investigator Group য়ে কৰিছে।

এই অধ্যয়নত ৭ লাখৰো অধিক কৰ্কট ৰোগীৰ ওপৰত গৱেষণা কৰা হৈছিল। ইয়াৰ লগতে ২ লাখ ৰোগীৰ ওপৰত অধ্যয়ন কৰা হৈছিল, যিসকলৰ কৰ্কট ৰোগত ইতিমধ্যে মৃত্যু হৈছিল। এই পৰিসংখ্যাই দেখুৱাইছে যে, কেন্সাৰ এতিয়া কেৱল এটা সমস্যা নহয়, ই এক বৃহৎ পৰিসৰৰ প্ৰত্যাহ্বান হৈ পৰিছে।

কোনবোৰ ৰাজ্য অধিক প্ৰভাৱিত?

মিজোৰামৰ ৰাজধানী আইজলত আটাইতকৈ বেছি কৰ্কট ৰোগী পোৱা গৈছে। চহৰখনত ১ লাখ পুৰুষৰ ভিতৰত ২৫৬ জনৰ কৰ্কট ৰোগ ধৰা পৰাৰ বিপৰীতে প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ২১৭ গৰাকীৰ দেহত কৰ্কট ৰোগ ধৰা পৰিছে।

উত্তৰ-পূব ভাৰতৰ ৬ খন জিলাই আটাইতকৈ গুৰুতৰ, য’ত সৰ্বাধিক কৰ্কট ৰোগী ধৰা পৰিছে। ইয়াৰ উপৰিও কাশ্মীৰ উপত্যকা আৰু কেৰালাতো কৰ্কট ৰোগৰ হাৰ অধিক হোৱা দেখা গৈছে। হায়দৰাবাদত প্ৰতি ১ লাখ মহিলাৰ ভিতৰত ১৫৪ গৰাকী কৰ্কট ৰোগী।

স্তন কেন্সাৰ আৰু মুখৰ কেন্সাৰ বেছি

দেশৰ উত্তৰ-পূব অংশত দুবিধ কৰ্কট ৰোগ বেছি হোৱা দেখা গৈছে। প্ৰথমটো হৈছে খাদ্যনলীৰ কৰ্কট ৰোগ। এইটো হৈছে খাদ্যৰ নলীত হোৱা কেন্সাৰ। দ্বিতীয়টো হ’ল পেটত হোৱা কেন্সাৰ। বিশেষকৈ ডাঙৰ চহৰত স্তন কেন্সাৰ আৰু মুখৰ কেন্সাৰৰ ৰোগী বেছিকৈ পোৱা গৈছে। একে সময়তে গাঁৱত সৰ্বাধিক ছাৰ্ভাইকেল কেন্সাৰ পোৱা যায়।

দিল্লীৰ পৰিস্থিতি চিন্তনীয়

বিশেষকৈ দিল্লীৰ পৰিস্থিতি চিন্তনীয়। মেট্ৰ’ত প্ৰদূষণ, পৰিৱৰ্তনশীল জীৱনশৈলী, খাদ্যাভ্যাস আৰু পৰীক্ষাৰ অভাৱৰ দৰে কাৰণে ৰাজধানী চহৰখনত কেন্সাৰ ৰোগী বৃদ্ধি পাইছে। দিল্লীত যুৱক-যুৱতীসকলৰ মাজত ব্লাড কেন্সাৰ (Acute Myeloid Leukemia)হাৰ বেছি। শেহতীয়া বছৰবোৰত কেৱল দিল্লীতে প্ৰতি বছৰে প্ৰায় ৩০০০টা এই ধৰণৰ নতুন ৰোগী পঞ্জীয়ন হৈছে, য’ত বেছি সংখ্যক ৰোগী ৩০ৰ পৰা ৪০ বছৰ বয়সৰ।

কেৱল তেজৰ কৰ্কট ৰোগ নহয়, হাওঁফাওঁৰ কৰ্কট ৰোগী সংখ্যাও দিল্লীত বৃদ্ধি পাইছে। ইয়াৰ এটা প্ৰধান কাৰণ হ’ল দিল্লীৰ প্ৰদূষিত বায়ু আৰু বৃদ্ধি পোৱা প্ৰদূষণ। প্ৰতিদিনে উশাহ-নিশাহৰ লগে লগে শৰীৰত প্ৰৱেশ কৰা পিএম ২.৫ৰ দৰে বিষাক্ত কণাবোৰেই হাওঁফাওঁৰ কৰ্কট ৰোগ আৰু অন্যান্য শ্বাস-প্ৰশ্বাসজনিত ৰোগৰ আটাইতকৈ ডাঙৰ কাৰণ।

কাৰণ আৰু প্ৰতিৰোধ

ইয়াৰ কাৰণ হিচাপে দ্ৰুতগতিত বৃদ্ধি পোৱা জনসংখ্যা আৰু বয়সীয়াল লোক, বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলী, বিশেষকৈ প্ৰদূষণ, সময়মতে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ অভাৱ আদি অন্তৰ্ভুক্ত কৰা হৈছে। কিন্তু যদি আমি আমাৰ খাদ্যাভ্যাস, পৰিবেশ, পৰীক্ষণ আৰু চিকিৎসা ব্যৱস্থা আৰু জীৱনশৈলীৰ উন্নতি কৰো, তেন্তে এই ৰোগ বহু পৰিমাণে ৰোধ কৰিব পৰা যাব।