শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাৰে বাৰে বেয়া সপোন দেখিলে ‘অকাল মৃত্যু’ হয় নেকি? গৱেষণাত ভয়ংকৰ তথ্য প্ৰকাশ…

বেয়া সপোনে স্বাস্থ্যত প্ৰভাৱ পেলায়। এই পৰীক্ষাত গৱেষকসকলে জনাৰ চেষ্টা কৰিছিল যে, এজন ব্যক্তিয়ে কিমান সঘনাই দুঃস্বপ্ন দেখে আৰু তেওঁলোকৰ কোষবোৰ কিমান দ্ৰুতগতিত বৃদ্ধি পায়।

বাৰে বাৰে বেয়া সপোন দেখিলে ‘অকাল মৃত্যু’ হয় নেকি? গৱেষণাত ভয়ংকৰ তথ্য প্ৰকাশ…
বেয়া সপোনImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 03 Jul 2025 17:11 PM

মানুহে শুলে সপোন দেখা সাধাৰণ কথা। এই সপোন ভাল বা বেয়া হ’ব পাৰে। কিন্তু যদি আপুনি বাৰে বাৰে বেয়া সপোন দেখা পাই তেন্তে ই স্বাস্থ্যৰ বাবে কোনো বেয়া সংকেত হ’ব পাৰে। জুন মাহত প্ৰকাশিত ‘ইউৰোপিয়ান অকাডেমী অৱ নিউৰোলজী’ৰ প্ৰতিবেদন অনুসৰি, যিসকলো লোকে প্ৰতি সপ্তাহত বেয়া সপোন দেখে তেনে লোকসকলৰ ৭০ বছৰৰ পূৰ্বে অকাল মৃত্যুৰ সম্ভাৱনা ৩ গুণ অধিক হয়। মাজে মাজে বেয়া সপোন দেখাসকলৰ তুলনাত ই ৩ গুণ বৃদ্ধি হয়। গৱেষকসকলৰ মতে, বাৰে বাৰে বেয়া সপোন দেখা ঘটনাই বাস্তৱত শৰীৰৰ বয়স বৃদ্ধিৰ প্ৰক্ৰিয়া দ্ৰুত কৰে। ই আমাৰ স্বাস্থ্যক গুৰুতৰভাৱে প্ৰভাৱিত কৰে।

গৱেষণাত কোৱা হয় যে, ধূমপান, মেদবহুলতা, দুৰ্বল খাদ্যাভ্যাস, শাৰীৰিক কাৰ্যকলাপৰ অভাৱ আদি বিপদজনক কাৰকতকৈ বেয়া সপোনে ‘অকাল মৃত্যুৰ আংশকা বৃদ্ধি কৰে। ইয়াৰ সবিশেষ তলত উল্লেখ কৰা হ’ল।

গৱেষণাই কি কয়

বেয়া সপোনে স্বাস্থ্যত প্ৰভাৱ পেলায়। এই পৰীক্ষাত গৱেষকসকলে জনাৰ চেষ্টা কৰিছিল যে, এজন ব্যক্তিয়ে কিমান সঘনাই দুঃস্বপ্ন দেখে আৰু তেওঁলোকৰ কোষবোৰ কিমান দ্ৰুতগতিত বৃদ্ধি পায়।

এই গৱেষণাৰ নেতৃত্ব বহন কৰিছিল ইউকেৰ ‘ডিমেনছিয়া ৰিচাৰ্ছ ইনষ্টিটিউট আৰু ইম্পৰিয়ন কলেজ লণ্ডন’ৰ ডাঃ অবিডেমী অটাইকুৱে। তেওঁৰ দলটোৱে ৮ ৰ পৰা ১০ বছৰীয়া ২৪২৯ টা শিশু, ২৬ ৰ পৰা ৮৬ বছৰীয়া ১,৮৩,০১২ গৰাকী বয়স্ক ব্যক্তিৰ তথ্য বিশ্লেষণ কৰিছে। প্ৰায় ১৯ বছৰ নিৰীক্ষণ কৰাৰ পাছত এই তথ্য পোহৰলৈ আহিছে।

এই গৱেষকসকলৰ তথ্যই সকলোকে স্তম্ভিত কৰি তুলিছিল। তেওঁলোকে কয় যে, যিসকল লোকে সপ্তাহত এবাৰ বা তাতকৈ বেছি বেয়া সপোন দেখে তেওঁলোকৰ টেল’মিৰ (ক্ৰম’জমৰ শেষত সুৰক্ষামূলক আৱৰণ) চুটি হোৱা দেখা গৈছে। এই টেল’মিৰবোৰ সুস্থ কোষ বিভাজনৰ বাবে অতি গুৰুত্বপূৰ্ণ। যেতিয়া এইবোৰ চুটি হৈ পৰে তেতিয়া ই কোষৰ দ্ৰুত বয়স বৃদ্ধিৰ ইংগিত দিয়ে।

গৱেষণাত লগতে পোহৰলৈ আহে যে, বিশেষকৈ বয়স্ক লোকসকলে এনে সপোন দেখে, তেওঁলোকৰ ৭০ বছৰৰ পূৰ্বে মৃত্যুৰ সম্ভাৱনা বৃদ্ধি পায়। কেতিয়াবা বেয়া সপোন দেখাসকলৰ তুলনাত ৩ গুণ বৃদ্ধি পাই এই আশংকা।

বেয়া সপোনৰ প্ৰভাৱ বয়সত কিয় পৰে

গৱেষকসকলে কয় যে, বেয়া সপোনে টোপনিৰ গুণাগুণ আৰু টোপনিৰ সময় দুয়োটাতে ব্যাঘাত জন্মায়, যাৰ ফলত শৰীৰৰ কোষীয় পৰ্যায়ত নিজকে মেৰামতি কৰাৰ ক্ষমতাত প্ৰভাৱ পৰে। যেতিয়া টোপনিত ব্যাঘাত জন্মে তেতিয়া নিশা শৰীৰটোৱে নিজৰ প্ৰয়োজনীয় কাম কৰিব নোৱাৰে। সময়ৰ লগে লগে দুৰ্বল টোপনি আৰু দীৰ্ঘদিনীয়া মানসিক চাপে আমাৰ কোষ আৰু আমাৰ শৰীৰৰ বয়স বৃদ্ধি ত্বৰান্বিত কৰাত মুখ্য ভূমিকা ল’ব পাৰে।

অটাইকুৱে ‘দ্য ইণ্ডিপেণ্ডেণ্ট’ক ইয়াৰ আঁৰৰ বিজ্ঞান বুলি উল্লেখ কৰি কয় যে, আমাৰ শুই থকা মগজুৱে সপোন আৰু বাস্তৱৰ মাজত পাৰ্থক্য কৰিব নোৱাৰে। যাৰ বাবে বেয়া সপোন দেখিলে মানুহৰ ঘাম, উশাহ-নিশাহৰ কষ্ট, হৃদস্পন্দন বৃদ্ধি আদিৰ সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত কৰ্টিছল হৰম’ন বৃদ্ধি হব পাৰেয কৰ্টিছল হৈছে মানসিক চাপৰ সময়ত শৰীৰে নিৰ্গত কৰা হৰম’ন আৰু ই কোষৰ বয়স বৃদ্ধি ত্বৰান্বিত কৰিব পাৰে।

গৱেষণাত প্ৰকাশ কৰা হৈছে যে, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে পৰ্যাপ্ত টোপনি যোৱা প্ৰয়োজন। লগতে ভাল খাদ্য আৰু জীৱনশৈলী উন্নত কৰাৰ প্ৰয়োজন।

 

অন্য খবৰ পঢ়কঃ ৬০ দিনৰ ভিতৰত আৰম্ভ হ’ব ষ্টাৰলিংকৰ ইন্টাৰনেট সেৱা! ইয়াৰ বাবে আপুনি কিমান টকা খৰচ কৰিব লাগিব, জানক…