নিশা শুই থকাৰ সময়ত ভৰিৰ পেশী টানি ধৰে নেকি? সাৱধান, দেহত হ’ব পাৰে এই উপাদানসমূহৰ অভাৱ…
ভৰিৰ পেশী টানি ধৰা সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। কিন্তু দেহৰ বাবে প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদানৰ অভাৱতো এনে সমস্যাই গা কৰি উঠিব পাৰে। চাওঁ আহক এই বিষয়ে।

ব্যক্তিৰ সুস্বাস্থ্যৰ বাবে ভাল টোপনিৰ অত্যন্ত প্ৰয়োজন। পিছে নিশা টোপনি যোৱাৰ চেষ্টা কৰিলেও কিছুমান কাৰণত আমাৰ টোপনিত ব্যাঘাত জন্মে। বহু সময়ত ভৰিৰ পেশী টানি ধৰাৰ ফলতো আমাৰ টোপনি বিঘ্নিত হয়। টোপনি ভঙাৰ সমান্তৰালকৈ এই ভৰিৰ পেশী টানি ধৰাৰ ফলত আমি অসহ্যকৰ বিষৰ সন্মুখীন হওঁ। সাধাৰণতে বহু লোকে নিশা এইধৰণৰ সমস্যাৰ সন্মুখীন হয়। যদি কেতিয়াবাহে এনে সমস্যাৰ সন্মুখীন হৈছে, সেয়া এক সাধাৰণ কথা বুলি ভাবিব পাৰে। কিন্তু প্ৰায়ে যদি আপুনি এই সমস্যাত ভোগে, আপুনি সাৱধান হোৱা প্ৰয়োজন।
ভৰিৰ পেশী টানি ধৰা সমস্যাৰ আঁৰত বহু কাৰণ থাকিব পাৰে। কিন্তু দেহৰ বাবে প্ৰয়োজনীয় বহু পুষ্টিকৰ উপাদানৰ অভাৱতো এনে সমস্যাই গা কৰি উঠিব পাৰে। এগৰাকী ব্যক্তিৰ সুস্থ, সবল আৰু নিৰোগী দেহৰ বাবে পুষ্টিকৰ উপাদানসমূহ দেহে সঠিকভাৱে লাভ কৰাটো অত্যন্ত প্ৰয়োজনীয়। এনে কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱত ভৰিৰ পেশী টানি ধৰাৰ দৰে সমস্যাত ভুগিবলগা হয়। চাওঁ আহক এই বিষয়ে।
মেগনেছিয়ামঃ আমাৰ দেহৰ বাবে অত্যন্ত প্ৰয়োজনীয় উপাদান হৈছে মেগনেছিয়াম। এই উপাদানবিধে পেশী শিথিল কৰাত সহায় কৰে। যদি দেহত মেগনেছিয়ামৰ অভাৱ হয়, তেতিয়া ভৰিৰ পেশী টানি ধৰিব পাৰে।
পটাচিয়ামঃ দেহত পটাছিয়ামৰ অভাৱতো ব্যক্তি এজন এনে সমস্যাত ভুগিব পাৰে। পটাছিয়ামে পেশী সংকোচন-প্রসাৰণ নিয়ন্ত্ৰণ কৰে। গতিকে দেহত পটাছিয়ামৰ অভাৱ হ’লে পেশী সংকোচন-প্রসাৰণ বাধাগ্ৰস্ত হয়।
কেলচিয়ামঃ মানৱ দেহৰ বাবে এক অত্যন্ত প্ৰয়োজনীয় খনিজ পদাৰ্থ হৈছে কেলচিয়াম। ই ব্যক্তিৰ দেহৰ হাড়, দাঁতৰ পৰা আৰম্ভ পেশীৰ স্বাস্থ্যও সবল কৰি ৰাখে। পেশীৰ সঠিক কাম-কাজৰ বাবে কেলচিয়াম অত্যন্ত প্ৰয়োজনীয়।
D ভিটামিনঃ ভিটামিন D- এ দেহত কেলচিয়াম শোষণ সহায় কৰি পেশী সুস্থ ৰাখে। এনে অৱস্থাত দথত যদি এই ভিটামিনৰ অভাৱ হয়, পেশী দুৰ্বল হৈ পৰে আৰু ইয়াৰ ফলত পেশী টানি ধৰাৰ দৰে সমস্যা হ’ব পাৰে।
সাধাৰণতে ৫০ বছৰ বয়সৰ উৰ্ধৰ লোকসকল, কিছুমান বিশেষ ঔষধ (যেনে প্ৰস্ৰাৱৰ ঔষধ বা ষ্টেটিন) গ্ৰহণ কৰা লোক, ফল-মুল, শাক-পাচলি, বা গাখীৰৰ দৰে পুষ্টিবৰ্ধক খাদ্যবস্তু কমকৈ খোৱা লোক, থাইৰয়েড বা কিডনীজনিত সমস্যাত আক্ৰান্ত লোকসকল আৰু দেহৰ পৰা অত্যধিক ঘাম ওলোৱা লোকৰ ক্ষেত্ৰত এনে সমস্যা অধিক হোৱা দেখা যায়।
যদি এই সমস্যাই সঘনে আপোনাক আমনি কৰে, তেতিয়া তাৎক্ষণিকভাৱে চিকিৎসকৰ কাষ চপা উচিত। তদুপৰি আপুনি ব্যক্তিগতভাৱে কিছু অভ্যাস গঢ়ি তুলি এনে সমস্যাৰ পৰা উপশম লাভ কৰিব পাৰে। যেনে-
খাদ্যত অধিক সেউজীয়া শাক-পাচলি অন্তৰ্ভুক্ত কৰিব লাগে।
কল, বাদাম, গাখীৰ, মাছ আদি খাদ্য খাব লাগে।
দেহ হাইড্ৰেট কৰি ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে।
নিশা শোৱাৰ পূৰ্বে ভৰিৰ পেশীৰ বাবে কিছুমান সহজ ষ্ট্ৰেচিং কৰিব পাৰে।