শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সঘনাই হৈ থকা কাণৰ খজুৱতি সাধাৰণ নহ’ব পাৰে! জানক বিশেষজ্ঞই কি কয়…

মানুহৰ কাণত খজুৱতি হোৱা সাধাৰণ কথা। কিন্তু এই সমস্যা যদি সঘনাই হৈ থাকে তেন্তে ই অন্য় ৰোগৰ কাৰণ হ'ব পাৰে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

সঘনাই হৈ থকা কাণৰ খজুৱতি সাধাৰণ নহ’ব পাৰে! জানক বিশেষজ্ঞই কি কয়…
কাণৰ সমস্যাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 01 Aug 2025 09:12 AM

কাণৰ খজুৱতি এক সাধাৰণ কথা। কিন্তু যদি সঘনাই এই খজুৱতি হৈ থাকে তেন্তে ই সাধাৰণ নহ’ব পাৰে। ইয়াৰ আঁৰত কেতিয়াবা কাণৰ মলি, ভেঁকুৰৰ সংক্ৰমণ, শুকান বা ছালৰ লগত জড়িত আন কাৰণ থাকিব পাৰে। সঘনাই হৈ থকা খজুৱতি আওকান কৰিলে ভৱিষ্যতে অন্য সংক্ৰমণ, বিষ বা শ্ৰৱণ ক্ষমতাত প্ৰভাৱ পেলাব পাৰে।

সফদাৰজং হাস্পতালৰ ই এন টি বিভাগৰ প্ৰাক্তন ডাঃ কৃষ্ণ ৰাজভৰে কয় যে সঘনাই কাণত খজুৱতি হোৱা সাধাৰণ নহয়। ইয়াৰ আঁৰত বহু কাৰণ থাকিব পাৰে। যেনে কাণত মল জমা হোৱা, ছালৰ সমস্যা বা সংক্ৰমণ আদি। ইয়াৰ বাবে কাণ সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। যদি এই সমস্যা স্থায়ী হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ।

কাণৰ মলি

কাণত উপস্থিত থকা কৰ্ণমল বা ইয়াৰৱেক্স আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়াৰ এটা অংশ। ই আমাৰ কাণক ধূলি, বেক্টেৰিয়া আৰু পোক-পৰুৱাৰ পৰা ৰক্ষা কৰে। কিন্তু যেতিয়া এই মলি বহু পৰিমাণে কাণত জমা হয় তেতিয়া ই খজুৱতিৰ সৃষ্টি কৰে। বহুতে ইয়াক চাফা কৰিবলৈ কপাহৰ সহায় লয়। কিন্তু ইয়াৰ ফলত এই মলি ভিতৰলৈ যায় আৰু সমস্যাৰ সৃষ্টি হয়।

ছালৰ এলাৰ্জী বা শুকান হোৱা

কেতিয়াবা কাণৰ ছাল শুকান হৈ পৰে। যাৰ ফলত খজুৱতি হয়। যদি কোনো ব্যক্তিৰ ছালৰ সমস্যা যেনে একজিমা বা চ’ৰিয়াচিছ আছে, তেন্তে কাণতো প্ৰভাৱ পৰিব পাৰে। এনে পৰিস্থিতিত খজুৱতিৰ লগতে ৰঙা পৰা আৰু ঘাঁ পৰ্যন্ত হ’ব পাৰে। ইয়াৰোপৰি নতুন শ্বেম্পু, চুলিৰ ৰং বা কাণফুলিৰ ধাতুৰ ফলতো খজুৱতি হ’ব পাৰে।

ভেঁকুৰ বা বেক্টেৰিয়াৰ সংক্ৰমণ

গ্ৰীষ্ম বা বাৰিষা কালত আৰ্দ্ৰতা থাকি যায়, যাৰ ফলত ভেঁকুৰৰ বৃদ্ধিত সহায় কৰে। ভেঁকুৰৰ সংক্ৰমণত কাণৰ ভিতৰত বগা বা হালধীয়া তৰপ গঠন হ’ব পাৰে। এনে অৱস্থাত খজুৱতি আৰু জলা-পোৰা হয়। ইয়াৰোপৰি কেতিয়াবা কাণত আঘাত পালে তাত বেক্টেৰিয়া জমা হয় যাৰ ফলত খজুৱতি হয়।

ভুল অভ্য়াস

প্ৰায়ে মানুহে কাণ কলম, হেয়াৰপিন, মেচষ্টিক বা কপাহ আদিৰে চাফা কৰে। এই অভ্যাসবোৰে কাণৰ ভিতৰৰ ছালৰ ক্ষতি কৰাই নহয়, সংক্ৰমণৰ সম্ভাৱনাও বৃদ্ধি কৰে। কেতিয়াবা ৰক্তক্ষৰণ হয়, যাৰ ফলত বিষ আৰু ফুলিব পাৰে।

 চিকিৎসকৰ পৰামৰ্শ

যদি খজুৱতি, বিষ, শ্ৰৱণ ক্ষমতা হেৰুৱা বা মূৰ ঘূৰোৱা আদি লক্ষণ দেখা দিয়ে – তেন্তে এইটো এটা গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত চিকিৎসকৰ পৰামৰ্শ লোৱা আৱশ্যক।

 

অন্য খবৰ পঢ়কঃ অলপ সময় খোজকঢ়়াৰ পাছতেই উশাহ লোৱাত কষ্ট হয় নেকি? হ’ব পাৰে গুৰুতৰ ৰোগৰ লক্ষণ…