শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এই কেইবিধ আচৰিত বস্তু! শক্তি বাঢ়িব আপোনাৰ

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে নিয়মীয়া খাদ্য আৰু বিশেষকৈ ৰাতি শোৱাৰ আগতে কিছুমান খাদ্য গ্ৰহণ কৰিলে আপুনি সুস্বাস্থ্যৱান হৈ পৰিব। যিয়ে আপোনাক গোটেই দিনটো শাৰীৰিক আৰু মানসিকভাৱে সহায় কৰিব।

নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এই কেইবিধ আচৰিত বস্তু! শক্তি বাঢ়িব আপোনাৰ
barasha-misra
Barasha Misra | Published: 22 Nov 2025 15:34 PM

Diet For Better Sleep: ৰাতি ভালদৰে আৰু গভীৰ টোপনি অহাটো স্বাস্থ্যৰ বাবে অতি উপকাৰী। কিন্তু আজিৰ ব্যস্ততাপূৰ্ণ আৰু দ্ৰুতগতিত চলি থকা জীৱনত বেছিভাগ মানুহেই টোপনিৰ সমস্যাৰ সন্মুখীন হৈছে। ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্য আৰু কৰ্ম প্ৰদৰ্শনত নেতিবাচক প্ৰভাৱ পৰে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে দৈনন্দিন খাদ্যাভ্যাসত বিশেষকৈ শুই উঠাৰ আগৰ আহাৰত কিছু পৰিৱৰ্তন কৰিলে ভাল আৰু স্বাস্থ্যসন্মত টোপনি অহাত সহায়ক হ’ব পাৰে।

স্বাস্থ্যৰ বাবে ভাল টোপনি কিয় আৰু কিমান গুৰুত্বপূৰ্ণ? (Why and how important is good sleep for health?)

বিশেষজ্ঞসকলে কয় যে, ৰাতি ভাল টোপনিৰ ফলত পিছদিনা শক্তিৰ মাত্ৰা বৃদ্ধি পায়। ইয়াৰ ফলত মানুহ সুস্থ হৈ থাকে আৰু অসুস্থ হোৱাৰ সম্ভাৱনাও কম হয়। গভীৰ আৰু মানসম্পন্ন টোপনিয়ে মন আৰু মগজুক শিথিল কৰে, আৰু ইয়াৰ সঠিক কাৰ্য্যক্ষমতাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও উন্নত কৰে।

সেয়েহে প্ৰতিজন ব্যক্তিয়ে নিজৰ বয়সৰ ওপৰত নিৰ্ভৰ কৰি দৈনিক ৭-৮ ঘণ্টা টোপনি যোৱা উচিত। মাথোঁ শোৱাৰ পূৰ্বে এইসমূহ খাদ্য খাওক…

ৰাতি শোৱাৰ পূৰ্বে আলমণ্ড খাব

খাদ্য বিশেষজ্ঞ আৰু পুষ্টিবিদসকলৰ মতে ৰাতি টোপনি বৃদ্ধি কৰা গুণ থকা খাদ্য খোৱাটো মানুহৰ টোপনিৰ ধৰণত উপকাৰী হ’ব পাৰে। ৰাতি কিছুমান বিশেষ খাদ্য যেনে আলমণ্ড, কিউই, আখৰোট, বগা চাউল খোৱাটো উৎকৃষ্ট উপায় বুলি গণ্য কৰা হয়। দৈনিক আলমণ্ড খালে টাইপ ২ ডায়েবেটিছ আৰু হৃদৰোগৰ সম্ভাৱনাও হ্ৰাস পাব পাৰে।

কিউই আৰু আখৰোট

কম কেলৰি আৰু বহু পুষ্টিকৰ উপাদানৰে সমৃদ্ধ ফল কিউই সেৱন কৰিলেও ৰাতি ভাল টোপনি অহাত সহায়ক হয়। বহু গৱেষণাৰ পৰা দেখা গৈছে যে মগজুত উপস্থিত চেৰ’টনিন ৰাসায়নিক পদাৰ্থক প্ৰসাৰিত কৰি টোপনিৰ চক্ৰ নিয়ন্ত্ৰণত কিউই এক ফলপ্ৰসূ খাদ্য।

আঁহ, ভিটামিন, খনিজ পদাৰ্থ, মেগনেছিয়াম, মেংগানিজ, তাম আদিৰে সমৃদ্ধ আখৰোটেও গভীৰ টোপনিকে ধৰি স্বাস্থ্যৰ বাবে উল্লেখযোগ্য উপকাৰ সাধন কৰে। আখৰোটত থকা ওমেগা-৩ ফেটি এচিড, লিনোলিক এচিড, স্বাস্থ্যকৰ চৰ্বিয়েও টোপনি ভাল কৰাত অৰিহণা যোগায়।

(অস্বীকাৰ: পৰামৰ্শকে ধৰি এই বিষয়বস্তুৱে কেৱল সাধাৰণ তথ্যহে প্ৰদান কৰে। ই কোনো কাৰণতে যোগ্য চিকিৎসা মতামতৰ বিকল্প নহয়। অধিক তথ্যৰ বাবে সদায় বিশেষজ্ঞ বা আপোনাৰ চিকিৎসকৰ পৰামৰ্শ লওক। এই তথ্যৰ বাবে TV9 Assam এ দায়িত্ব স্বীকাৰ নকৰে।)