শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শৰীৰটো ফিট আৰু সুস্থ কৰি ৰাখিবলৈ এই ৰুটিন অনুসৰণ কৰক…

জীৱনশৈলীৰ পৰিৱৰ্তন, কৰ্মৰ চাপ বৃদ্ধি আৰু খাদ্যাভ্যাসৰ অৱনতি ঘটাটোৱে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। সুস্থ আৰু ফিট হৈ থাকিবলৈ কেৱল জিমলৈ যোৱা বা ডায়েটিং কৰাত সীমাবদ্ধ থাকিলে নহ’ব। নিয়মীয়া ব্যায়াম, সঠিক সময়ত শোৱা আৰু সাৰ পোৱা, সুষম খাদ্য গ্ৰহণৰ দৰে অভ্যাসে আপোনাৰ জীৱনটো সুস্থ আৰু ফিট কৰি তুলিব পাৰে।

শৰীৰটো ফিট আৰু সুস্থ কৰি ৰাখিবলৈ এই ৰুটিন অনুসৰণ কৰক…
ৰাতিপুৱা শৰীৰ চৰ্চা কৰাটো অতি প্ৰয়োজনImage Credit source: GettyImage
manas-borah
Manas Borah | Updated On: 29 Dec 2024 06:38 AM

বৰ্তমানৰ পৰিৱেশত শৰীৰৰ যত্ন লোৱাটো অতি প্ৰয়োজন । আজিৰ যুগত সুস্থ আৰু ফিট হোৱাটো অতি প্ৰয়োজনীয়। জীৱনশৈলীৰ পৰিৱৰ্তন, কৰ্মৰ চাপ বৃদ্ধি আৰু খাদ্যাভ্যাসৰ অৱনতি ঘটাটোৱে স্বাস্থ্যৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলায়। সুস্থ আৰু ফিট হৈ থাকিবলৈ কেৱল জিমলৈ যোৱা বা ডায়েটিং কৰাত সীমাবদ্ধ থাকিলে নহ’ব। আপোনাৰ শাৰীৰিক ফিটনেছ, মানসিক শান্তি আৰু সঠিক খাদ্যাভ্যাস আদিৰ ওপৰত  সমানে গুৰুত্ব দিব লাগিব । নিয়মীয়া ব্যায়াম, সঠিক সময়ত শোৱা আৰু সাৰ পোৱা, সুষম খাদ্য গ্ৰহণৰ দৰে অভ্যাসে আপোনাৰ জীৱনটো সুস্থ আৰু ফিট কৰি তুলিব পাৰে।

ৰাতিপুৱাটো সঠিকভাৱে আৰম্ভ কৰক

ৰাতিপুৱাটো পানীৰে আৰম্ভ কৰক। ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে এগিলাচ কুহুমীয়া পানী খাব। তাত নেমু বা মৌ দিব পাৰে। ই আপোনাৰ শৰীৰক বিষমুক্ত কৰে। লগতে ৰাতিপুৱাৰ শুদ্ধ বতাহত কিছু সময় কটাব। ইয়াৰ ফলত আপোনাৰ মানসিক স্বাস্থ্যৰ উন্নতি হয়। লগতে ৰাতিপুৱা ১০-১৫ মিনিট যোগাসন বা ষ্ট্ৰেচিং কৰক। ই আপোনাৰ শৰীৰ সক্ৰিয় কৰে।

সুষম ব্ৰেকফাষ্ট কৰক

ৰাতিপুৱা সাৰ পালে প্ৰটিন আৰু আঁহযুক্ত ব্ৰেকফাষ্ট কৰক। ব্ৰেকফাষ্টে গোটেই দিনটো আপোনাৰ শক্তিৰ মাত্ৰা বজাই ৰাখে । গতিকে ৰাতিপুৱাটো স্বাস্থ্যসন্মত আৰু পুষ্টি সমৃদ্ধ খাদ্যৰ দ্বাৰা আৰম্ভ কৰক।

সুষম আহাৰ গ্ৰহণ কৰক

সুস্থ আৰু ফিট হৈ থাকিবলৈ সুষম খাদ্যাভ্যাস অতি প্ৰয়োজনীয়। সেয়েহে সম্ভৱ হ’লে দিনটোত তিনিবাৰকৈ স্বাস্থ্যসন্মত আহাৰ গ্ৰহণ কৰিব লাগে। ফাষ্ট ফুড আৰু জাংক ফুড পৰিহাৰ কৰক। প্ৰতিটো আহাৰত প্ৰটিন, কাৰ্বহাইড্ৰেট আৰু বতৰৰ শাক-পাচলি অন্তৰ্ভুক্ত কৰক।

উপযুক্ত পৰিমাণৰ পানী খাব লাগে

দিনটোৰ ভিতৰত কমেও ৮-১০ গিলাচ পানী খাব লাগে। শৰীৰটো হাইড্ৰেটেড হৈ থাকিলে ছাল আৰু শৰীৰ দুয়োটা সুস্থ হৈ থাকে। সঠিক পৰিমাণৰ পানী স্বাস্থ্যৰ বাবে অতি গুৰুত্বপূৰ্ণ।

নিয়মিত ব্যায়াম

সুস্থ আৰু ফিট হৈ থাকিবলৈ ব্যায়াম কৰাটো অতি প্ৰয়োজনীয়। সুস্থ আৰু ফিট হৈ থাকিবলৈ সপ্তাহত কমেও ৪-৫ দিন ৩০ মিনিট ব্যায়াম কৰিব লাগে। ইয়াক আপোনাৰ দৈনন্দিন জীৱনৰ অংশ হিচাপে গঢ়ি তোলক। দৈনন্দিন আপুনি খোজ কঢ়া, দৌৰা, চাইকেল চলোৱা, নৃত্য কৰা আদি কাম কৰিব পাৰে।

পৰ্যাপ্ত টোপনি গুৰুত্বপূৰ্ণ

শৰীৰটো সুস্থ কৰি ৰাখিবলৈ সুষম আহাৰ আৰু দৈনিক ব্যায়ামৰ উপৰিও ভাল টোপনি অহাটোও জৰুৰী । ইয়াৰ কাৰণ ই কেৱল ভাগৰুৱা শৰীৰক জিৰণি দিয়াই নহয়, মানসিক স্বাস্থ্যও সুস্থ কৰি ৰখাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়। প্ৰতিদিনে ৭ৰ পৰা ৮ ঘণ্টা পৰ্যাপ্ত টোপনি যাব লাগে।