শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আওকাণ নকৰিব হাত-ভৰিৰ আঙুলিৰ বিষঃ হ’ব পাৰে এনে দৈহিক সমস্যাৰ লক্ষণ

হাত আৰু আৰু ভৰিৰ আঙুলিৰ বিষ সাধাৰণ বুলি সাধাৰণতে আওকাণ কৰা দেখা যায়। কিন্তু যদি এই সমস্যা বহুদিনলৈকে থাকে, তেতিয়া সাৱধান হোৱা উচিত। কোনো সৰু সমস্যা এটাও কেতিয়াবা ব্যয়বহুল হৈ পৰিব পাৰে। হাত-ভৰিৰ আঙুলিৰ বিষৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। আঙুলিৰ বিষ কেতিয়াবা কিছুমান ৰোগৰ লক্ষণো হ’ব পাৰে।

আওকাণ নকৰিব হাত-ভৰিৰ আঙুলিৰ বিষঃ হ’ব পাৰে এনে দৈহিক সমস্যাৰ লক্ষণ
প্ৰতিনিধিত্বমূলক ছবি
Monjit Dutta
Monjit Dutta | Published: 10 Feb 2025 10:14 AM

শীতকালত অধিকাংশ লোকৰ ক্ষেত্ৰত হাত আৰু আৰু ভৰিৰ আঙুলিৰ বিষ হোৱা দেখা যায়। এই বিষ সাধাৰণ বুলি সাধাৰণতে আওকাণ কৰা দেখা যায়। কিন্তু যদি এই সমস্যা বহুদিনলৈকে থাকে, তেতিয়া সাৱধান হোৱা উচিত। যদি আঙুলিৰ বিষ বহুদিনলৈ থাকে, লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কোনো সৰু সমস্যা এটাও কেতিয়াবা ব্যয়বহুল হৈ পৰিব পাৰে। হাত-ভৰিৰ আঙুলিৰ বিষৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। আঙুলিৰ বিষ কেতিয়াবা কিছুমান ৰোগৰ লক্ষণো হ’ব পাৰে।

এনে পৰিস্থিতিত এই সমস্যাক আওকাণ কৰা উচিত নহয়। কাৰণ এই সমস্যাক আপোনাক পিছলৈ ডাঙৰ বিপদত পেলাব পাৰে। গতিকে হাত-ভৰিৰ আঙুলিৰ বিষৰ সমস্যাই কেনেধৰণৰ ৰোগৰ ইংগিত দিয়ে, সেই বিষয়ে জানো আহক-

বাতবিষ

হাত আৰু ভৰিৰ আঙুলিৰ বিষ বাতবিষৰ কাৰণো হ’ব পাৰে। বাতবিষ আৰু অষ্টিঅ’আৰ্থাইটিছৰ বাবে আঙুলি শিৰামাৰি ধৰাৰ দৰে সমস্যা হ’ব পাৰে। শিৰাত তেজৰ চলাচল বন্ধ হোৱাৰ বাবে এই সমস্যা বাঢ়ে, ইয়াৰ ফলত আঙুলি ৰঙা পৰা আৰু ফুলি উঠাৰ দৰে সমস্যাও বৃদ্ধি পায়।

ডায়েবেটিছ

ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকৰ হাতৰ আঙুলি আৰু ভৰিৰ আঙুলিৰ বিষ হোৱা দেখা যায়। ইয়াৰ উপৰিও আঙুলি শিৰামাৰি ধৰা, আঙুলি ফুলি উঠা আদি সমস্যাও হ’ব পাৰে। এই সমস্যা ডায়েবেটিছ ৰোগীৰ ক্ষেত্ৰত বেছিকৈ দেখা যায়।

ইনফেকচন

ইনফেকচন হ’লেও হাত আৰু ভৰিৰ আঙুলিত বিষ হ’ব পাৰে। আঙুলিত কাটিলে বা ঘা হ’লে কেতিয়াবা ইনফেকচন হয়। ইয়াৰ ফলত বিষৰ লগতে আঙুলি ফুলি উঠা আৰু ৰঙা পৰাৰ দৰে সমস্যা হ’ব পাৰে।

গেংলিয়ন চিষ্ট

গেংলিয়ন চিষ্টৰ বাবে শিৰাত গোটা কিছুমান গোট গঠন হোৱা দেখা যায়। এই গোটবোৰ হাতৰ কব্জি আৰু হাতৰ গাঁঠিত দেখা দিব পাৰে। এনে পৰিস্থিতিৰ সৃষ্টি হ’লে লগে লগে চিকিৎসকৰ ওচৰ চাপিব লাগে। অন্যথা এই সমস্যা অধিক বৃদ্ধি পাব পাৰে।

কাৰ্পল টানেল চিনড্ৰ’ম

কাৰ্পল টানেল চিনড্ৰ’মৰ সমস্যাও সাধাৰণ। স্নায়ুবোৰ যেতিয়া সংকোচিত হয় বা ফুলি উঠে তেতিয়া আঙুলিত বিষ হ’ব পাৰে। এই বিষ আঙুলিৰ পৰা আৰম্ভ কৰি হাতলৈকে যাব পাৰে। ইয়াৰ বাহিৰেও ভৰিৰ আঙুলিত বিষ, ফুলি উঠা আৰু ৰঙা পৰাৰ লক্ষণ দেখা যায়।