Fatty Liver: ফেটি লিভাৰৰ আশংকা হ্ৰাস কৰে এই ৫ বিধ শাক-পাচলিয়ে, জানক…
Fatty Liver Food: আজিকালি বহুতে ফেটি লিভাৰৰ সমস্যাত ভোগে। কিন্তু কিছুমান খাদ্যই ফেটি লিভাৰৰ আশংকা কম কৰে। গতিকে ফেটি লিভাৰত আক্ৰান্তসকলে বিশেষ ৫ বিধ শাক-পাচলি খাব পাৰে।

আজিকালি বহুতে ফেটি লিভাৰৰ সমস্যাত ভোগা দেখা যায়। জীৱনশৈলী, খাদ্য আদি বিভিন্ন কাৰণত এই সমস্যা হ’ব পাৰে। পূৰ্বতে সুৰাপান কৰাসকলৰ বেছিকৈ এই সমস্যা দেখিবলৈ পোৱা গৈছিল। কিন্তু এতিয়া সুৰাপান নকৰা লোকসকলৰো এই সমস্যা হোৱা দেখা যায়। গতিকে এই ক্ষেত্ৰত সাৱধান হৈ থকা ভাল।
কিছুমান খাদ্য, ওজন নিয়ন্ত্ৰণ আদি বিভিন্ন ধৰণে ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰিব পাৰে। গতিকে তলত কেইবিধমান শাক-পাচলিৰ নাম উল্লেখ কৰা হ’ল যিয়ে ফেটি লিভাৰৰ আশংকা হ্ৰাস কৰাত সহায় কৰে।
ব্ৰকলিঃ ব্ৰকলিত ফাইবাৰ আৰু এন্টিঅক্সিডেন্ট থাকে। যিয়ে যকৃতৰ চৰ্বিবোৰ ভাঙি পেলোৱাত সহায় কৰে। এনে অৱস্থাত ই যকৃতত চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে। ইয়াৰোপৰি ব্ৰকলিত ডিটক্সিফাইং গুণ থাকে যি যকৃতৰ কলাৰ বাবে উপকাৰী।
পালেংঃ যকৃতৰ বাবে পালেং শাক অতি ভাল। পালেং শাকত ভিটামিন, মিনাৰেল আৰু এন্টিঅক্সিডেন্ট থাকে। ফাইবাৰ,কেৰটিনয়ড, ক্ল’ৰ’ফিলে যকৃতৰ কোষ মেৰামতি কৰাত সহায় কৰে আৰু শৰীৰক বিষমুক্ত কৰাত সহায় কৰে। যাৰ বাবে যকৃতৰ স্বাস্থ্যৰ বাবে পালেং শাক খাব পাৰে।
তিতা কেৰেলাঃ তিতা কেৰেলাত বহু ঔষধি গুণ আছে। ই যকৃতৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। তিতা কেৰেলাই চৰ্বি জমা হোৱাত বাধা প্ৰদান কৰে। ফেটি লিভাৰৰ আশংকাৰ পৰা নিজক ৰক্ষা ৰাখিবলৈ তিতা কেৰেলা খাব পাৰে। ইয়াৰোপৰি ই ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
কেলঃ কেল (Kale) এক প্ৰকাৰৰ পাতকবি। য’ত ভিটামিন চি, ভিটামিন এ, ভিটামিন কে আৰু ফাইবাৰ থাকে। ইয়াৰ এন্টিঅক্সিডেন্টে যকৃতৰ ফুলা কম কৰাত সহায় কৰে। ইয়াক সেৱন কৰাৰ ফলত আপোনাৰ পাচন তন্ত্ৰও শক্তিশালী হয় আৰু ওজন নিয়ন্ত্ৰণত থাকে।
কলমৌ শাকঃ এই শাকবিধ সাধাৰণতে পানীত হয়।ইয়াত ফাইবাৰ, ভিটামিন, মিনাৰেল আদি থাকে। যিয়ে ফেটি লিভাৰৰ আশংকা কম কৰাত সহায় কৰে। ইয়াৰ ফলত শৰীৰ আৰু যকৃতৰ চৰ্বি ভালদৰে নষ্ট হোৱাত সহায় কৰে। গতিকে এই শাক আপুনি খাব পাৰে।
উল্লেখ্য যে, এই লেখাটোত কিছুমান সাধাৰণ কথা উল্লেখ কৰা হৈছে। ইয়াৰ বিষয়ে অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।
অন্য খবৰ পঢ়কঃ সঘনাই চেলুনলৈ যায় নেকি? হ’ব পাৰে ষ্ট্ৰোকৰ কাৰণ! জানক সকলো…