ইয়াৰবাড নে হেডফোন! কাণৰ সুৰক্ষাৰ বাবে কোনবিধ অধিক ভাল?
বৰ্তমান সময়ত গান শুনা, ফোন কৰা, বা ভাৰ্চুৱেল মিটিং এই সকলোতে ইয়াৰফোন বা হেডফোনৰ ব্যৱহাৰ এক কথাত অনিবাৰ্যস্বৰূপ হৈ পৰিছে। কিন্তু প্ৰশ্ন হয়, কাণৰ স্বাস্থ্য আৰু দীৰ্ঘম্যাদী ব্যৱহাৰৰ ক্ষেত্ৰত কোনবিধ অধিক উপযোগী?

প্ৰযুক্তিৰ উন্নতিৰ লগে লগে মানৱ জীৱনত ব্যৱহৃত বহু সামগ্ৰী ন-ন ৰূপত বজাৰত প্ৰৱেশ কৰিছে। এই সামগ্ৰীসমূহ আজিৰ সময়ত প্ৰায় সকলো লোকৰে বাবে অবিচ্ছিন্ন অংগস্বৰূপ হৈ পৰিছে। বৰ্তমান সময়ত গান শুনা, ফোন কৰা, বা ভাৰ্চুৱেল মিটিং এই সকলোতে ইয়াৰফোন বা হেডফোনৰ ব্যৱহাৰ এক কথাত অনিবাৰ্যস্বৰূপ হৈ পৰিছে। কিন্তু প্ৰশ্ন হয়, কাণৰ স্বাস্থ্য আৰু দীৰ্ঘম্যাদী ব্যৱহাৰৰ ক্ষেত্ৰত কোনবিধ অধিক উপযোগী?
স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাঃ কাণৰ বাবে হেডফোন তুলনামূলকভাৱে সুৰক্ষিত। কাৰণ ই কাণৰ বাহিৰত থাকে আৰু শব্দৰ তৰংগবোৰ পোনপটীয়াকৈ কাণত প্ৰৱেশ নকৰে। আনহাতে, ইয়াৰবাডৰ শব্দই কাণৰ ভিতৰলৈ গৈ পোনপটীয়াকৈ কাণৰ পৰ্দাত চাপ দিয়ে। গতিকে দীৰ্ঘদিন বা অধিক ভলিউমত ইয়াৰবাড ব্যৱহাৰ কৰিলে শ্ৰৱণ ক্ষমতা হেৰুৱাৰ আশংকা থাকে।
শব্দৰ চাপ আৰু ক্ষতিঃ হেডফোনৰ ক্ষেত্ৰত শব্দ বিয়পি পৰাৰ বাবে তীব্ৰতা কমি যায় যদিও ইয়াৰবাডত শব্দ পোনপটীয়াকৈ কাণত প্ৰৱেশ কৰে। গতিকে উচ্চ স্বৰত গান শুনিলে ইয়াৰবাডছ অধিক ক্ষতিকাৰক হ’ব পাৰে।
আৰামদায়ক ব্যৱহাৰঃ দীৰ্ঘদিন ব্যৱহাৰৰ বাবে হেডফোন আৰামদায়ক। কাৰণ ইয়াৰ দ্বাৰা কাণৰ পৰ্দাত চাপ কিছু কম হয়। লগতে বাহিৰত থকাৰ বাবে কাণৰ ভিতৰত কোনো হেঁচা অনুভৱ নহয়।
বীজাণুৰ আশংকাঃ নিয়মিতভাৱে ইয়াৰবাড পৰিষ্কাৰ নকৰিলে কাণত বীজাণু জমা হ’ব পাৰে, যাৰ ফলত কাণৰ সংক্ৰমণৰ দৰে সমস্যা হ’ব পাৰে।
যিকোনো স্থানলৈ যাওঁতে লগতে লৈ যাব পৰা সুবিধা, ষ্টাইল আদিৰ ক্ষেত্ৰত ইয়াৰবাড সুবিধাজনক যদিও স্বাস্থ্য আৰু কাণৰ সুৰক্ষাৰ কথা বিবেচনা কৰিলে হেডফোন অধিক ব্যৱহাৰযোগ্য। যিসকলে দিনত দীৰ্ঘ সময় ইয়াৰফোন ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে হেডফোন সৰ্বোত্তম। কিন্তু ইয়াৰবাড বা হেডফোন যি ব্যৱহাৰ নকৰক কিয়, অধিক ভলিউম এৰাই চলি নিয়মিত বিৰতি লোৱাটো প্ৰয়োজনীয়।