স্বামীৰ অনুপস্থিতিত আহিছিল ঘৰলৈ! সন্দেহৰ বাবেই যুৱকৰ সৈতে ভয়ংকৰ কাণ্ড জ্যেষ্ঠ ভাতৃৰ…
দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ কাণ্ড। এজন লোকে সৰু ভাতৃক অতি নৃশংসভাৱে হত্যা কৰে। কেৱল সন্দেহৰ ভিত্তিত এই কাণ্ড সংঘটিত কৰে।
বৰ্তমান সময়ত দেশত তীব্ৰগতিত বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা। অবৈধ প্ৰেমৰ নামত বহু লোকে প্ৰাণ হেৰুৱাবলগীয়া হয়। শেহতীয়াকৈ এনে এক ঘটনা পোহৰলৈ আহিছে যিয়ে আচৰিত কৰি তুলিব আপোনাক। এজন লোকে কেৱল সন্দেহৰ ভিত্তিত হত্যা কৰে সৰু ভাতৃক। তাৰ পাছতে তেওঁ থানালৈ গৈ আত্মসমৰ্পন কৰে। এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ খুঁটি জিলাত। ঘটনা সন্দৰ্ভত অৱগত হোৱাৰ পাছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
ঘটনা সন্দৰ্ভত পোহৰলৈ অহা তথ্য অনুসৰি, শনিবাৰ (২৫ অক্টোবৰ)য়ে বিয়লি দুই ভাতৃৰ মাজত বিবাদ হৈছিল। এই বিবাদৰ পৰিণতিতে জ্যেষ্ঠ ভাতৃয়ে হত্যা কৰে সৰু ভাতৃক। জানিব পৰা মতে, দীৰ্ঘদিন ধৰি জ্যেষ্ঠ ভাতৃ মংগৰা মুণ্ডাৰ কনিষ্ঠ ভাতৃৰ ওপৰত সন্দেহ আছিল। তেওঁ ভাবিছিল যে, সৰু ভাতৃ আৰু তেওঁৰ পত্নীৰ মাজত অবৈধ সম্পৰ্ক আছে। কিয়নো মংগৰাৰ অনুপস্থিতিত প্ৰায়ে খুড়াকৰ পুত্ৰ তথা সৰু ভাতৃ তেওঁলোকৰ ঘৰলৈ আহিছিল।
এই কথাক লৈ প্ৰায়ে তেওঁলোকৰ মাজত কাজিয়া হৈছিল। কালি সন্ধিয়াও দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয়। ইয়াৰ পৰিণতিত মংগৰাই সৰু ভাতৃক প্ৰথমে হাতেৰে প্ৰহাৰ কৰে আৰু পাছত কোৰেৰে মৰিয়াই মৰিয়াই হত্যা কৰে। আচৰিত কথা এয়াই যে, ইয়াৰ পাছত তেওঁ আৰক্ষী থানাৰ ওচৰত গৈ আত্মসমৰ্পন কৰে।
আৰক্ষীৰ আগত অভিযুক্তই জনাই যে তেওঁ ভাতৃক হত্যা কৰিছে। অভিযুক্তই স্বীকাৰ কৰে যে, প্ৰায়ে সৰু ভাতৃ তেওঁৰ অনুপস্থিত তেওঁলোকৰ ঘৰলৈ আহিছিল। তেওঁলোকৰ মাজত অবৈধ প্ৰেম আছিল বাবে বাৰে বাৰে যুৱকজন ঘৰলৈ আহিছিল বুলি কয়। এই কথাক লৈ অশান্তি পাই তেওঁ এই হত্যাকাণ্ড সংঘটিত কৰে।
পাছত লোকজনৰ ভাষ্যৰ ভিত্তিত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ যুৱকজনৰ তেজেৰে লুতুৰী-পুতুৰী মৃতদেহ উদ্ধাৰ কৰে। এই সমগ্ৰ ঘটনাই অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।
অন্য খবৰ পঢ়কঃ গুৱাহাটীত যুৱতীৰ মৃত্যুৰ পৰা ট্ৰাম্পৰ এছিয়া ভ্ৰমণলৈ, দিনটোৰ শীৰ্ষ খবৰসমূহ…