শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ঘৰৰ দেৱালত ওলোমাই ৰাখিছে নেকি পুৰণি কেলেণ্ডাৰ অথবা বন্ধ ঘড়ী? জানেনে ইয়াৰ প্ৰভাৱ কি হ’ব পাৰে

বাস্তু শাস্ত্ৰ মতে, আমাৰ ঘৰৰ ভিৰতত কিছুমান বস্তু থকাটো অত্যন্ত অশুভ। এনে সামগ্ৰীসমূহ ঘৰত থাকিলে দুৰ্ভাগ্যই আগুৰি ধৰিব পাৰে। সেয়ে এনে সামগ্ৰীসমূহ তাৎক্ষণিকভাৱে ঘৰৰ পৰা আঁতৰাই পেলোৱা উচিত। জানো আহক এনে সামগ্ৰীসমূহৰ বিষয়ে।

ঘৰৰ দেৱালত ওলোমাই ৰাখিছে নেকি পুৰণি কেলেণ্ডাৰ অথবা বন্ধ ঘড়ী? জানেনে ইয়াৰ প্ৰভাৱ কি হ’ব পাৰে
পুৰণি কেলেণ্ডাৰ আৰু বন্ধ ঘড়ী ঘৰত থাকিলে কি হয়?Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 01 Aug 2025 17:47 PM

প্ৰতিজন লোকেই জীৱনত নিজৰ লগতে পৰিয়ালৰ উন্নতি কৰিব বিচাৰে। আৰু ইয়াৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা চলায়। জীৱনত উন্নতিৰ বাবে হাড় ভঙা পৰিশ্ৰম কৰি হ’লেও অৰ্থ উপাৰ্জন কৰে। পিছে এই সকলো প্ৰচেষ্টা অথলে যাব পাৰে, যদিহে আপুনি ঘৰৰ ভিতৰত কিছু পৰিৱৰ্তন সাধন নকৰে। ব্যক্তিৰ জীৱনত সুখ-সমৃদ্ধিৰ বাবে বাস্তু শাস্ত্ৰই বহু পৰামৰ্শ আগবঢ়াইছে। বাস্তু শাস্ত্ৰ মতে ঘৰত আমি কিছুমান বস্তু কেতিয়াও ৰাখিব নালাগে। অন্যথা আমাৰ জীৱনত দৰিদ্ৰতাকে ধৰি আন বহু সমস্যাই গা কৰি উঠিব পাৰে।

বাস্তু শাস্ত্ৰ মতে, আমাৰ ঘৰৰ ভিৰতত কিছুমান বস্তু থকাটো অত্যন্ত অশুভ। এনে সামগ্ৰীসমূহ ঘৰত থাকিলে দুৰ্ভাগ্যই আগুৰি ধৰিব পাৰে। সেয়ে এনে সামগ্ৰীসমূহ তাৎক্ষণিকভাৱে ঘৰৰ পৰা আঁতৰাই পেলোৱা উচিত। জানো আহক এই বিষয়ে।

পুৰণি কেলেণ্ডাৰঃ প্ৰায় প্ৰতিটো ঘৰতে সাধাৰণতে পুৰণি কেলেণ্ডাৰ থাকে। কিন্তু বাস্তু মতে, ঘৰত কেতিয়াও পুৰণি কেলেণ্ডাৰ ৰাখিব নালাগে। এবছৰ বা তাতকৈ অধিক পুৰণি কেলেণ্ডাৰ ৰাখিলে ঋণাত্মক শক্তি বৃদ্ধি পায়।

ভঙা বা বন্ধ ঘড়ীঃ যদি ঘৰত পুৰণি ভঙা ঘড়ী বা বন্ধ ঘড়ী থাকে, লগে লগে আঁতৰাই পেলাব লাগে বা মেৰামতি কৰিব লাগে। এটা ভঙা বা বন্ধ ঘড়ীয়ে জীৱনত স্থবিৰতা আৰু বাধা কঢ়িয়াই আনে।

ভঙা কাঁচঃ কোনো ঘৰতে ভঙা কাঁচ ৰখাটো শুভ নহয়। ভঙা কাঁচ বা ঘৰৰ ভঙা আইনাই যিকোনো ব্যক্তিৰ বাবে দুৰ্ভাগ্য কঢ়িয়াই আনিব পাৰে। গতিকে ভঙা কাঁচ ঘৰৰ পৰা আঁতৰাই পেলাব লাগে। ভঙা বস্তু ঘৰত ৰাখিলে ঋণাত্মক শক্তি বৃদ্ধি পায়।

কাঁইটীয়া গছঃ কোনো ঘৰতে কাঁইটীয়া গছ ৰোপণ কৰাটো ভাল নহয়। এই গছবোৰে ঘৰত ঋণাত্মক শক্তি আকৰ্ষণ কৰে। শুকান গছ-গছনিও কোনো ঘৰতে ৰাখিব নালাগে।

মামৰে ধৰা সামগ্ৰীঃ আপোনাৰ ঘৰৰ যিকোনো পুৰণি বস্তুত যদি মামৰে ধৰে, লগে লগে ঘৰৰ পৰা উলিয়াই আনিব লাগে। বিশেষকৈ পুৰণি লোহাৰ বস্তু ঘৰত ৰাখিব নালাগে। ইয়াৰ বাহিৰেও ভঙা কাপ, ভঙা গিলাচ, ফাটি যোৱা প্লেট বা ফাটি যোৱা পাত্ৰ ঘৰত নাৰাখিব। এইসমূহে পৰিয়াললৈ অশান্তি কঢ়িয়াই আনে।

জাবৰ আৰু পুৰণি বস্তুঃ ঘৰতে জাবৰ বা পেলনীয়া সামগ্ৰী ৰাখিব নালাগে। যি ঘৰত এনে সামগ্ৰী থাকে, সেই ঘৰত দেৱী লক্ষ্মী বাস নকৰে। বহুলোকে পুৰণি আৱৰ্জনা ঘৰৰ ছাদত বা আন ঠাইত জমা কৰি ৰাখে। কিন্তু এই সামগ্ৰীসমূহ তৎক্ষণাত ঘৰৰ পৰা উলিয়াই আনিব লাগে।

যেতিয়া কোনো বস্তু কাৰোবাৰ ঘৰত বহুদিন পৰি থাকে বা ক্ষতিগ্ৰস্ত অৱস্থাত থাকে, তেতিয়া সেই পৰিয়াললৈ নেতিবাচক পৰিৱেশ পৰিস্থিতি নামি আহে। এনেবোৰ কাৰকে আৰ্থিক সংকট, ৰোগ আৰু মানসিক চাপৰো সৃষ্টি কৰিব পাৰে।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উপস্থাপন কৰা দিশসমূহ বাস্তু শাস্ত্ৰৰ আধাৰত উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মত প্ৰকাশ কৰা নাই।