ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’লে ৰক্ষা পৰে নেকি প্ৰদূষণৰ প্ৰভাৱৰ পৰা? চাওক বিশেষজ্ঞই কি কয়
প্ৰদূষণে সকলো লোককে কম-বেছি পৰিমাণে প্ৰভাৱিত কৰে। প্ৰদূষণৰ প্ৰভাৱ হিচাপে ব্যক্তিৰ হাওঁফাওঁৰ সংক্ৰমণ, সঘনাই কাহ, চকুৰ বিষ, ছালৰ ক্ষতি আদি লক্ষণে দেখা দিয়ে। পিছে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী লোকসকলৰ প্ৰদূষণৰ ফলত কোনো ক্ষতি নহয় বুলি এক ধাৰণা প্ৰচলিত হৈ থকা দেখা যায়। কিন্তু এই ধাৰণা সঁচা হয় নে?
প্ৰদূষণে সাম্প্ৰতিক সময়ত সমাজত এক উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। বতৰৰ পৰিৱৰ্তনৰ সমান্তৰালকৈ এতিয়া বায়ু প্ৰদূষণৰ মাত্ৰাও বৃদ্ধি পাইছে। প্ৰদূষণে সকলো লোককে কম-বেছি পৰিমাণে প্ৰভাৱিত কৰে। প্ৰদূষণৰ প্ৰভাৱ হিচাপে ব্যক্তিৰ হাওঁফাওঁৰ সংক্ৰমণ, সঘনাই কাহ, চকুৰ বিষ, ছালৰ ক্ষতি আদি লক্ষণে দেখা দিয়ে। পিছে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী লোকসকলৰ প্ৰদূষণৰ ফলত কোনো ক্ষতি নহয় বুলি এক ধাৰণা প্ৰচলিত হৈ থকা দেখা যায়। কিন্তু এই ধাৰণা সঁচা হয় নে?
দিল্লীৰ এইমছৰ চিকিৎসক ডাঃ হিমাংশু ভাদানীয়ে এই বিষয়ে মতামত আগবঢ়াইছে। ডাঃ ভাদানীয়ে কয় যে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতাই প্ৰদূষণৰ ফলত হ’ব পৰা সমস্যাৰ লক্ষণসমূহ হ্ৰাস কৰিব পাৰে। কিন্তু ইয়াৰ দ্বাৰা যে প্ৰদূষণৰ প্ৰভাৱ সম্পূৰ্ণৰূপে নাথাকিব, তেনে নহয় বুলি চিকিৎসকগৰাকীয়ে জানিবলৈ দিয়ে।
দীৰ্ঘদিন ধৰি প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে শক্তিশালী ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰো ক্ষতি হ’ব পাৰে। ইয়াৰ ফলত শৰীৰত ফ্ৰী ৰেডিকেলৰ সৃষ্টি হয়। এই ফ্ৰী ৰেডিকেলে শৰীৰৰ ক্ষতি কৰে। ইয়াৰ লক্ষণসমূহ তাৎক্ষণিকভাৱে দেখা নাযায় যদিও দীৰ্ঘদিন ধৰি প্ৰদূষণৰ সংস্পৰ্শলৈ আহিলে সকলোৰে শৰীৰত প্ৰভাৱ পৰে।
এই লোকসকলৰ অধিক ক্ষতি
ডাঃ হিমাংশুৱে লগতে উল্লেখ কৰা মতে যিসকল লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, যেনে বৃদ্ধ, ডায়েবেটিছ ৰোগী বা হৃদৰোগীয়ে প্ৰদূষণৰ প্ৰভাৱ অধিক সোনকালে অনুভৱ কৰে। আনহাতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী লোকসকলৰ প্ৰাৰম্ভিক প্ৰভাৱ কম হয় আৰু লক্ষণসমূহ তৎক্ষণাত দেখা নাযায় যদিও দীৰ্ঘদিন ধৰি সংস্পৰ্শলৈ অহাৰ পিছত বিপদ ভয়াৱহ হ’ব পাৰে।
অৱশ্যে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ’লে তথা প্ৰদূষণৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকিব পাৰিলে, কিছু সকাহ লাভ কৰিব পাৰি। স্বাভাৱিকতেই ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হোৱাটো সকলো লোকৰে বাবে অপৰিহাৰ্য। সেয়ে ইয়াৰ বাবে সঠিক খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ লগতে প্ৰদূষণৰ পৰা ৰক্ষা পৰিবলৈ বাহিৰলৈ যাওঁতে মাস্ক পৰিধান কৰক।
প্ৰদূষণৰ প্ৰভাৱ কিদৰে হ্ৰাস কৰিব পাৰি
দৈনিক মধুৰী, কমলা, নেমু আদি ভিটামিন চি সমৃদ্ধ ফল খাব লাগে।
পুৱা আৰু গধূলি গৰম পানীৰ ভাপ ল’লে শ্বাসনলী পৰিষ্কাৰ হৈ থাকে।
দেহৰ পৰা বিষাক্ত পদাৰ্থ নিষ্কাষণ কৰিবলৈ প্ৰচুৰ পৰিমাণে পানী খাব লাগে।
ধূমপান কৰাৰ পৰা বিৰত থাকক।
ধোঁৱা আৰু অন্যান্য আৱৰ্জনাৰ পৰা আঁতৰি থাকক।