শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

দৈনিক মাউথৱাছ ব্যৱহাৰৰ ফলত কি হ’ব পাৰে জানেনে? জানিলে আচৰিত হ’ব আপুনি

মুখত থকা বেক্টেৰিয়া হ্ৰাস কৰা, মুখৰ দুৰ্গন্ধ দূৰ কৰা, দাঁতৰ কিছুমান সমস্যাৰ পৰা ৰক্ষা কৰা আদি কামৰ বাবে মাউথৱাছ ব্যৱহাৰ কৰা হয়। কিছু লোকে দৈনিক মাউথৱাছ ব্যৱহাৰ কৰা দেখা যায়। পিছে দৈনিক মাউথৱাছ ব্যৱহাৰ কৰা উচিত নে? বিশেষজ্ঞৰ পৰা এই বিষয়ে জানো আহক।

দৈনিক মাউথৱাছ ব্যৱহাৰৰ ফলত কি হ’ব পাৰে জানেনে? জানিলে আচৰিত হ’ব আপুনি
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 30 Sep 2025 13:25 PM

মুখৰ কিছুমান সমস্যাৰ বাবে চিকিৎসকে মাউথৱাছ ব্যৱহাৰৰ পৰামৰ্শ দিয়ে। মুখৰ ভিতৰছোৱা ভালদৰে ধুবলৈ ব্যৱহাৰ কৰা এবিধ তৰল পদাৰ্থ হৈছে এই মাউথৱাছ। ইয়াত এণ্টিবেক্টেৰিয়েল এজেণ্ট, ফ্ল’ৰাইড বা ফ্ৰেছনিং অইল আদি বিভিন্ন উপাদান থাকে। মুখত থকা বেক্টেৰিয়া হ্ৰাস কৰা, মুখৰ দুৰ্গন্ধ দূৰ কৰা, দাঁতৰ কিছুমান সমস্যাৰ পৰা ৰক্ষা কৰা আদি কামৰ বাবে মাউথৱাছ ব্যৱহাৰ কৰা হয়। অৱশ্যে সকলো লোকৰ বাবে দৈনিক মাউথৱাছ ব্যৱহাৰ কৰা প্ৰয়োজনীয় নহয়।

যদি আপুনি দিনটোত দুবাৰকৈ সঠিকভাৱে দাঁত ব্ৰাছ কৰে, ভালদৰে পৰিষ্কাৰ পানীৰে মুখ ধোৱে, নিয়মিতভাৱে দন্ত চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে তেতিয়া হয়তো মাউথৱাছৰ বিশেষ প্ৰয়োজন নহয়। ইয়াৰ পিছতো কিছু লোকে দৈনিক মাউথৱাছ ব্যৱহাৰ কৰা দেখা যায়। পিছে দৈনিক মাউথৱাছ ব্যৱহাৰ কৰা উচিত নে? বিশেষজ্ঞৰ পৰা এই বিষয়ে জানো আহক।

মাউথৱাছৰ উপকাৰিতা

মুখৰ দুৰ্গন্ধৰ পৰা উপশম পায়ঃ মাউথৱাছে তাৎক্ষণিকভাৱে সতেজতা প্ৰদান কৰে আৰু মুখৰ দুৰ্গন্ধ কমায়।

বেক্টেৰিয়া হ্ৰাস কৰেঃ এণ্টিবেক্টেৰিয়েল মাউথৱাছে কম সময়ৰ বাবে বেক্টেৰিয়াৰ বৃদ্ধি হ্ৰাস কৰে।

দাঁতৰ আলুৰ সুৰক্ষাঃ কিছুমান মাউথৱাছে দাঁতৰ আলুৰ প্ৰদাহ আৰু ৰক্তক্ষৰণ কম কৰাত সহায় কৰিব পাৰে।

দাঁতৰ সুৰক্ষাঃ ফ্ল’ৰাইডযুক্ত মাউথৱাছে দাঁতত হোৱা ক্ষয় প্ৰতিৰোধ কৰাত সহায়ক হ’ব পাৰে।

দৈনিক ব্যৱহাৰৰ বিপদ

শুকান মুখঃ বহু মাউথৱাছত এলক’হল থাকে, যাৰ ফলত লেলাৱতি কমে আৰু মুখ শুকাই যায়। লেলাৱতি কমি গ’লে বেক্টেৰিয়াৰ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পায়।

ভাৰসাম্যৰ ক্ষতিঃ আমাৰ মুখত ভাল আৰু বেয়া দুয়োটা বেক্টেৰিয়া থাকে। দৈনিক মাউথৱাছ ব্যৱহাৰ কৰিলেও ভাল বেক্টেৰিয়া নাইকিয়া হ’ব পাৰে।

কৃত্ৰিম সতেজতাঃ যদি আপুনি মাউথৱাছ ব্যৱহাৰ কৰি মুখৰ দুৰ্গন্ধ আঁতৰায়, তেতিয়া ই সাময়িকভাৱেহে সকাহ দিব পাৰে। এই গোন্ধৰ প্ৰধান কাৰণ হ’ব পাৰে পেট, দাঁত বা দাঁতৰ সমস্যা।

দাঁত আৰু মুখৰ এলাৰ্জীঃ মাউথৱাছ সঘনাই ব্যৱহাৰ কৰিলে বহু লোকৰ বিষ, মুখৰ আলচাৰ, এলাৰ্জিৰ প্ৰতিক্ৰিয়া হ’ব পাৰে।

যশোদা চিকিৎসালয়ৰ দন্ত চিকিৎসক ডাঃ আনমোল কুমাৰে কয় যে মুখৰ ভাল পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে দৈনিক ব্ৰাছ আৰু ফ্লাছিং কৰাটো অতি প্ৰয়োজনীয়। মাউথৱাছ কেৱল মুখৰ স্বাস্থ্যৰ বাবে সহায়ক এক ব্যৱস্থাহে। চিকিৎসকে কেতিয়াবা মুখৰ কিছুমান সমস্যাৰ বাবে মাউথৱাছ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে।

কেতিয়া আৰু কিদৰে ব্যৱহাৰ কৰিব-

চিকিৎসকে দিয়া নিৰ্দিষ্ট সময়ৰ বাবেহে মাউথৱাছ ব্যৱহাৰ কৰিব লাগে।

সদায় ২০ৰ পৰা ৩০ ছেকেণ্ডৰ বাবে মাউথৱাছেৰে ভালদৰে মুখ ধুই পেলাই দিব; কেতিয়াও মাউথৱাছ গিলিব নালাগে।

সৰু ল’ৰা-ছোৱালীক মাউথৱাছ ব্যৱহাৰ কৰিবলৈ নিদিব।

এলকহলবিহীন মাউথৱাছ ব্যৱহাৰ কৰাটো ভাল।