শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

হঠাৎ চিলিণ্ডাৰ শেষ হয় নেকি, তাৰ পূৰ্বে কেনেকৈ পাব গম? জানক

Daily Life Knowledge: যদি আপোনাৰ ডাবল চিলিণ্ডাৰ আছে, তেন্তে সমস্যা বেছি নহয়। এই ক্ষেত্ৰত আপোনাৰ ষ্টকত আন এটা ভৰ্তি চিলিণ্ডাৰ থাকিব পাৰে। কিন্তু যদি আপোনাৰ এটা চিলিণ্ডাৰ থাকে, তেন্তে কি হ'ব?

হঠাৎ চিলিণ্ডাৰ শেষ হয় নেকি, তাৰ পূৰ্বে কেনেকৈ পাব গম? জানক
হঠাৎ চিলিণ্ডাৰ শেষ হয় নেকি?Image Credit source: NurPhoto via Getty Images
barasha-misra
Barasha Misra | Published: 06 Aug 2025 12:23 PM

খাদ্য প্ৰস্তুতৰ সময়ত গেছ শেষ! এয়া এক ডাঙৰ সমস্যা।  চিলিণ্ডাৰত কিমান গেছ বাকী আছে সেয়া সঠিকভাৱে কোৱা টান। যিসকলৰ ঘৰত দুটা চিলিণ্ডাৰ আছে তেওঁলোকৰ সমস্যা কম। যদি আপোনাৰ এটা চিলিণ্ডাৰ থাকে, তেন্তে কি কৰিব? কেতিয়াবা খাদ্য ৰান্ধি থকা সময়ত আধাতে গেছ শেষ হৈ যায়, গতিকে আপোনাৰ সমস্যা দূৰ কৰিবলৈ কেইটামান উপায় লৈ আহিছো।

প্ৰথমে কাপোৰ এখন তিয়াই লওক। সেই তিতা কাপোৰখন চিলিণ্ডাৰটোৰ চাৰিওফালে মেৰিয়াই দিয়ক। পাঁচ মিনিটৰ পিছত সেই কাপোৰখন আঁতৰাই দিব। এইবাৰ চিলিণ্ডাৰটোলৈ মন দিয়ক। আপুনি গম পাব যে যিটো অংশ শুকাই গৈছে, তাত গেছ নাথাকে। অৰ্থাৎ চিলিণ্ডাৰৰ যি অংশ তিতি যায় তাত গেছ থাকিব। এইদৰে আপুনি ইয়াক কিমান দিন ব্যৱহাৰ কৰিব পৰা যাব সেয়া সহজেই অনুমান কৰিব পাৰিব।

ইয়াৰ আঁৰত আছে বৈজ্ঞানিক কাৰণ। ৰন্ধন গেছ বা LPG ঠাণ্ডা হয়। ফলত চিলিণ্ডাৰৰ যি অংশত গেছ থাকে, সেই অংশই পানী শোষণ কৰে।

ইয়াৰ উপৰিও চিলিণ্ডাৰৰ ওজন জুখি কিছু ধাৰণা কৰিব পাৰি। যদি চিলিণ্ডাৰটো অতি গধুৰ হয়, তেন্তে তাৰ অৰ্থ হ’ল গেছ আছে। যদি পাতল হয় তেন্তে বুজিব গেছ শেষ হৈছে বা শেষ হোৱা দিনৰ ওচৰ চাপিছে।

আপুনি ইয়াক আন ধৰণে পৰীক্ষা কৰিব পাৰে। এটা পাত্ৰত গৰম পানী লওক। লাহে লাহে চিলিণ্ডাৰটোত অলপ পানী ঢালি দিব আৰু কিছুসময় অপেক্ষা কৰিব। এইবাৰ হাতেৰে চিলিণ্ডাৰটো ভালদৰে নিৰীক্ষণ কৰক। চিলিণ্ডাৰৰ যি অংশত আপুনি ঠাণ্ডা অনুভৱ কৰে, সেই অংশত গেছ থাকিব।

Disclaimer: এই প্ৰতিবেদন কেৱল তথ্যৰ বাবেহে। যদি আপোনাৰ কিবা প্ৰশ্ন বা সমস্যা আছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লওক।