শৰৎ মানেই শেৱালিৰ সুবাস! কিন্তু এই শেৱালি ফুলৰ উপকাৰিতাৰ বিষয়ে জানেনে?
বাতবিষৰ বিষৰ পৰা আৰম্ভ কৰি কফ, কাহলৈকে বহু সমস্যাৰ সমাধান কৰে শেৱালি ফুল আৰু পাতে। শুদ্ধ নিয়ম অনুসৰি খালে যথেষ্ঠ উপকাৰ পাব।

শেৱালি ফুল ভাদ মাহৰ পৰা আঘোণ মাহলৈকে ফুলে । এই ফুল নিশা ফুলে, কিন্তু ইয়াৰ গোন্ধই সকলোকে আকৰ্ষণ কৰে। বহু কবিয়ে শেৱালি ফুলৰ বাবে গীত আৰু কবিতা ৰচনা কৰিছে। প্ৰাচীন কালৰে পৰা ই মেলেৰিয়াসদৃশ জ্বৰৰ ঔষধ হিচাপে ভাৰতবৰ্ষত ব্যৱহাৰ হৈ আহিছে। এই ফুল হালধীয়া ৰঙ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয়। ইয়াৰ ফুলসমূহ শুকুৱাই বহুদিনলৈ সংৰক্ষণ কৰি পিছত প্ৰয়োজন অনুসৰি ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ উপৰিও ইয়াক চুলি, শালমন, মূৰৰ বিষ-ঘূৰণী, পেটৰ কৃমি ইত্যাদিৰ বেমাৰত ব্যৱহাৰ কৰা হয়। কেৱেল শেৱালি ফুলেই নহয়, ইয়াৰ পাতো যথেষ্ঠ উপকাৰী।
শেৱালি ফুল বহু ঔষধি গুণেৰে ভৰপূৰ। এই মন্তব্য বিশিষ্ট চিকিৎসক দেৱাশীষ বিশ্বাসৰ। তেওঁ কয়, শেৱালি ফুলৰ পাতৰ ৰস খালী পেটত খালে কফৰ সমস্যা দূৰ কৰে। যদিও ইয়াৰ ৰস অতি তিতা, নিয়মিতভাৱে সেৱন কৰিলে কাহ আৰু কফ দুয়োটা দূৰ হয়। তিতা কম কৰিবলৈ এচামুচ মৌ মিহলাই খাব পাৰে।
দীৰ্ঘদিন ধৰি বাতবিষ বা কঁকালৰ বিষত ভুগি থকাসকলে এই পাত পিহি খালী পেটতে ইয়াৰ ৰস খাব পাৰে। ৰোগ নিমিষতে আৰোগ্য হ’ব।
ঘৰৰ উত্তৰ বা পূব দিশত শেৱালি ফুলৰ গছ ৰোপণ কৰিলে ভাল। ইয়াৰ ফলত ঘৰৰ পৰা নেতিবাচকতা আঁতৰি যায়। ইয়াৰ লগতে ঘৰলৈ সুখ, শান্তি, সমৃদ্ধি আহে। ঘৰত এজোপা শেৱালি ফুলৰ গছ ৰোপণ কৰিলে মানসিক চাপ দূৰ হয় আৰু ঘৰত শান্তি বজাই ৰাখে।
চৰ্বি কমোৱাৰ বাবে চিকিৎসকে ৰাতিপুৱা আৰু গধূলি ডেৰ গ্ৰাম থেতেলিয়াই লোৱা স্কেলিয়ন দালি খাবলৈ পৰামৰ্শ দিয়ে। এই পদ্ধতি পালন কৰিলে কেইদিনমানৰ ভিতৰতে চৰ্বি ক্ষয় হোৱা দেখা যায়।