শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ভুলতো মানিবেগত নাৰাখিব এইবোৰ বস্তু, হ;ব সৰ্বনাশ!

জ্যোতিষীসকলে কয় যে যদি মানিবেগ পৰিষ্কাৰ আৰু পৰিপাটি নহয়, তেন্তে দেৱী লক্ষ্মীয়ে আপোনাক সহায় নকৰে। গতিকে এইবোৰ বস্তু কেতিয়াও আপোনাৰ মানিবেগত নাৰাখিব ।

ভুলতো মানিবেগত নাৰাখিব এইবোৰ বস্তু, হ;ব সৰ্বনাশ!
মানিবেগ
Trishna Kalita
Trishna Kalita | Published: 23 Jul 2025 22:01 PM

মানিবেগ এটা সকলোৰে হাতত থাকে। মানিবেগ হৈছে টকা ভঁৰাল। কৰবালৈ যোৱাৰ সময়তে হওক বা ঘৰতে হওক আমি আমাৰ ধন মানিবেগতে ৰাখো। কিন্তু বহুতেই আমাৰ মানিবেগত এনেকুৱা বস্তু ৰাখোঁ যিবোৰ আমি প্ৰতিদিনে ব্যৱহাৰ নকৰো। আমি চিন্তা নকৰাকৈয়ে এনেও বেগটোত ভৰাই দিও। পিছত উলিয়াও থবলৈ পাহৰি যাও দিনৰ পিছত দিন সেইবোৰ বস্তু তেনেকৈয়ে থাকে।

জ্যোতিষীসকলে কয় যে যদি মানিবেগ পৰিষ্কাৰ আৰু পৰিপাটি নহয়, তেন্তে দেৱী লক্ষ্মীয়ে আপোনাক সহায় নকৰে। সেইবাবে এইবোৰ বস্তু কেতিয়াও আপোনাৰ মানিবেগত নাৰাখিব ।

  • মানিবেগত ফটা নোট নাৰাখিব। টকা মানে লক্ষ্মী দেৱীৰ উপহাৰ। গতিকে মানিবেগত ফটা নোট ৰাখিলে দেৱীৰ খং উঠে। ইয়াৰ ফলত আৰ্থিক লোকচান হ’ব পাৰে।
  • পুৰণি ফটো মানিবেগত ৰাখিব নালাগে। অতীতৰ অৰ্থ হ’ল আপোনাক পিছলৈ টনা। ইয়াৰ দ্বাৰা প্ৰগতিৰ পথত বাধাৰ সৃষ্টি হয় বুলি বিশ্বাস কৰা হয়। জীৱনত নানান অশান্তিৰ সৃষ্টি হয়।
  • মানিবেগত কাগজ নাৰাখিব। ই কেৱল বেগটো লেতেৰা কৰাই নহয়, টকাও অপচয় কৰে। ইয়াৰ বাবে কেতিয়াও বেছি সঞ্চয় কৰিব নোৱাৰিব।