শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ব’ৰ্ড পৰীক্ষাৰ চাপ দূৰ কৰিবলৈ শিক্ষাৰ্থীক খুৱাওক এই খাদ্য, বিশেষজ্ঞৰ পৰা জানক সকলো…

Student's Diet: ব’ৰ্ড পৰীক্ষা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন যুদ্ধতকৈ কম নহয়। যদি আপুনিও বিচাৰে যে আপোনাৰ সন্তানে পৰীক্ষাত ভাল নম্বৰ লাভ কৰক, তেন্তে পঢ়া-শুনাৰ লগতে খাদ্যাভ্যাস আৰু জীৱনশৈলীতো কিছুমান পৰিৱৰ্তন কৰাৰ প্ৰয়োজন আছে। শিক্ষাৰ্থীৰ খাদ্য কেনে হ’ব লাগে বিশেষজ্ঞৰ পৰা জানো আহক...

ব’ৰ্ড পৰীক্ষাৰ চাপ দূৰ কৰিবলৈ শিক্ষাৰ্থীক খুৱাওক এই খাদ্য, বিশেষজ্ঞৰ পৰা জানক সকলো…
ব’ৰ্ড পৰীক্ষা
Trishna Kalita
Trishna Kalita | Published: 17 Feb 2025 15:42 PM

ইতিমধ্যে  স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ ব’ৰ্ড পৰীক্ষা আৰম্ভ হৈছে। এয়া স্কুলত পঢ়া ল’ৰা-ছোৱালীৰ বাবে কিছু প্ৰত্যাহ্বানমূলক সময়। বৰ্তমান প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে ব’ৰ্ড পৰীক্ষাত নম্বৰ লাভৰ প্ৰতিযোগিতাত ব্যস্ত। ইফালে অভিভাৱকসকল ব্যস্ত হৈ পৰিছে সন্তানত স্বাস্থ্যৰ যতন লোৱাত।  যদি আপোনাৰ সন্তানেও ব’ৰ্ড পৰীক্ষাত অৱতীৰ্ণ হৈছে, তেন্তে এই খবৰ আপোনাৰ বাবে। পৰীক্ষাত ভাল নম্বৰ পাবলৈ হ’লে শিক্ষাৰ্থীসকলৰ খাদ্যাভ্যাসও সলনি কৰাৰ প্ৰয়োজন আছে।

প্ৰধানমন্ত্ৰী মোদীৰ  ‘পৰীক্ষা পে চৰ্চা ২০২৫’ কাৰ্যসূচীত স্বাস্থ্য বিশেষজ্ঞই পৰীক্ষা দিয়াৰ পূৰ্বে শিক্ষাৰ্থীৰ খাদ্যাভ্যাস কি হ’ব লাগে সেই কথা অভিভাৱক আৰু শিক্ষাৰ্থী উভয়কে কোৱা দেখা গৈছে। গতিকে এই কঠিন সময়ত শিক্ষাৰ্থীসকল যাতে সক্ৰিয় হৈ থাকে তাৰ বাবে কি কি বস্তু খুৱাব লাগে জানো আহক।

মিলেট অন্তৰ্ভুক্ত কৰক

চেলিব্ৰিটি পুষ্টিবিদ সোণালী ছভাৰৱালে কয় যে সাধাৰণতে শিক্ষাৰ্থীসকলৰ চেনিৰ প্ৰতি আকৰ্ষণ বেছি। এনে পৰিস্থিতিত ইয়াৰ পৰা হাত সাৰিবলৈ খাদ্য তালিকাত মিলেট অন্তৰ্ভুক্ত কৰক। শিক্ষাৰ্থীসকলৰ ব্ৰেকফাষ্টত মিলেট অন্তৰ্ভুক্ত কৰক। তেওঁলোকক ব্ৰাউন ৰাইচ খুৱাবও পাৰে। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ চেনিৰ প্ৰতি আসক্তি নিয়ন্ত্ৰণত থাকিব।

মানসিক চাপত কি খাব লাগে?

কৰীনা কাপুৰৰ ডায়েট প্লেন তৈয়াৰ কৰা পুষ্টিবিদ ৰিজুতা দিৱেকাৰে কয় যে পৰীক্ষাৰ সময়ত মানসিক চাপত থকাটো স্বাভাৱিক। এনে পৰিস্থিতিত কিছুমান খাদ্যই প্ৰাকৃতিক চাপমুক্তকাৰী হিচাপে কাম কৰে। বিশেষজ্ঞসকলে কয় যে শিশুক মানসিক চাপৰ পৰা আঁতৰাই ৰাখিবলৈ বাদাম, কল আৰু ভাত খুৱাব লাগে। ইয়াৰ উপৰিও তেওঁলোকক এনাৰ্জি ড্ৰিংকছ খাবলৈ নিদিব।

জাংক ফুডৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি?

বহু শিক্ষাৰ্থীয়ে পঢ়াৰ সময়ত জাংক ফুড খাই ভাল পায়। এনে পৰিস্থিতিত বিশেষজ্ঞ সোনালীয়ে পৰামৰ্শ মতে, আপুনি ব্ৰেকফাষ্টত সুষম আহাৰ অন্তৰ্ভুক্ত কৰিব লাগে। একে সময়তে ব্ৰেকফাষ্ট আৰু লাঞ্চৰ মাজত ড্ৰাই ফ্ৰুটছ বা ফলমূল খাব দিব।

হজম শক্তি কেনেকৈ ভালে ৰাখিব পাৰি?

কিছুমান শিক্ষাৰ্থীৰ মানসিক চাপৰ বাবে হজম শক্তিৰ সমস্যা হ’বলৈ আৰম্ভ কৰে। এনে পৰিস্থিতিত পুষ্টিবিদ ৰিজুতা দিৱেকাৰে কৈছে যে এই সমস্যাৰ পৰা হাত সাৰিবলৈ তেওঁলোকক কল বা দৈ-ভাত খুৱাওক। ইয়াৰ বাহিৰেও নিয়মিত পৰিমাণৰ পানী খাব লাগে। পঢ়া-শুনাৰ সময়ত শিক্ষাৰ্থীসকলে কমেও আধা ঘণ্টা খেলিব লাগে বুলিও বিশেষজ্ঞসকলে পৰামৰ্শ প্ৰদান কৰিছে।