শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

মানুহৰ ডিপ্ৰেছন কিয় হয়? ইয়াৰ লক্ষণ কি, জানক বিশেষজ্ঞৰ পৰা…

Depression Symptoms: আজিকালি বহু মানুহে ডিপ্ৰেছনত ভোগা দেখা যায়। যেতিয়া ডিপ্ৰেছন হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহু মানুহে ইয়াক আওকান কৰি চলে।

মানুহৰ ডিপ্ৰেছন কিয় হয়? ইয়াৰ লক্ষণ কি, জানক বিশেষজ্ঞৰ পৰা…
ডিপ্ৰেছনৰ লক্ষণImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 09 Oct 2025 14:59 PM

শৰীৰৰ লগতে মানুহৰ মানসিক স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ। কিন্তু আজিকালি বহু মানুহে ডিপ্ৰেছনত ভোগা দেখা যায়। WHOৰ এক প্ৰতিবেদন অনুসৰি বিশ্বৰ ২৮ কোটিতকৈ অধিক লোক এই সমস্যাৰ সন্মুখীন হয়। কিশোৰ-কিশোৰীৰ পৰা আৰম্ভ বৃদ্ধলৈকে, প্ৰায় সকলো বয়সৰ মানুহে ডিপ্ৰেছনত ভোগা দেখা যায়।

বহু সময়ত মানুহে গম নাপাই যে তেওঁলোকে ডিপ্ৰেছন বা হতাশাত ভুগিছে। ডিপ্ৰেছন এক গম্ভীৰ মানসিক সমস্যা। ই মানুহৰ চিন্তা, অনুভৱ আৰু জীৱন প্ৰণালীত প্ৰভাৱ পেলায়। হতাশাত ভোগা ব্যক্তিয়ে অনবৰত দুখ, আশাহীনতা আৰু আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰে। সময়মতে ইয়াক চিকিৎসা নকৰিলে ই গম্ভীৰ ৰূপ ধাৰণ কৰিব পাৰে।

কাৰণ

দীৰ্ঘদিন ধৰি মানসিক চাপ, সম্পৰ্কত সমস্যা, আৰ্থিক সমস্যা, কেৰিয়াৰৰ সমস্যা,নিসংগতা, হৰম’নৰ পৰিৱৰ্তন, টোপনিৰ অভাৱ, কোনো গুৰুতৰ ৰোগ আদি বিভিন্ন কাৰণত ডিপ্ৰেছন হয়। কেতিয়াবা জিনীয় কাৰণতো ডিপ্ৰেছন হ’ব পাৰে। যিসকল মানুহ সংবেদনশীল আৰু জীৱনৰ ঘটনাসমূহ গভীৰভাৱে অনুভৱ কৰে সেইবোৰৰ ডিপ্ৰেছনৰ আশংকা অধিক। ইয়াৰোপৰি মহিলাৰ হৰম’নৰ উঠা-নমা আৰু যুৱক-যুৱতীসকলৰ ছ’চিয়েল মিডিয়াৰ অত্যধিক ব্যৱহাৰো ডিপ্ৰেছনৰ কাৰণ হব পাৰে।

লক্ষণ

ডিপ্ৰেছনৰ আৰম্ভণিত কিছুমান লক্ষণে দেখা দিয়ে। এই সন্দৰ্ভত সবিশেষ জনাইছে গাজিয়াবাদ জিলা MMG হাস্পাতালৰ মনোৰোগ বিভাহগৰ ডাঃ এ.কে বিশ্বকৰ্মাই। তেওঁ কয় যে, লাহে লাহে ডিপ্ৰেছনৰ লক্ষণে দেখা দিয়ে। প্ৰাথমিক লক্ষণসমূহ হ’ল-

  • অনবৰত দুখ অনুভৱ।
  • কামৰ প্ৰতি আগ্ৰহ কমি যোৱা
  • একো ভাল নলগা নোহোৱা
  • কোনো কথাত আনন্দ নোপোৱা
  • ভোক আৰু টোপনিৰ ধৰণ সলনি
  • অপৰাধবোধৰ অনুভৱ
  • নিজৰ ওপৰত সন্দেহ অহা
  • নিজকে আনৰ পৰা আঁতৰাই ৰখা
  • কম কথা কোৱা
  • অকলে থাকিব বিচৰা আদি।

কেতিয়াবা তীব্ৰ হতাশাত ব্যক্তিয়ে নিজকে শেষ কৰি দিয়াৰ ইচ্ছাও অনুভৱ কৰে। যদি এনে হয় তেন্তে মনোৰোগ চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

প্ৰতিৰোধৰ উপায়

  • নিজৰ ওপৰত বিশ্বাস ৰাখক।
  • বিশ্বাসযোগ্য মানুহৰ সৈতে কথা পাতক।
  • ভাল খাদ্য গ্ৰহণ কৰক।
  • ভাল টোপনি।
  • ব্যায়াম, যোগাসন আদি কৰক।
  • সামাজিক মাধ্যম কমকৈ ব্যৱহাৰ কৰক।
  • ভাল লগা কাম কৰক।
  • চিকিৎসকৰ পৰামৰ্শ লওক

 

অন্য খবৰ পঢ়কঃ এই ৩ উপায়ৰ দ্বাৰা উপাৰ্জন কৰা ধন কাৰো হাতত নাথাকে! মানুহ হৈ পৰে দৰিদ্ৰ…