আপোনাৰো সৰিছে নেকি অত্যধিক চুলি? হ’ব পাৰে এই হৰম’নৰ অভাৱ, চাওক বিশেষজ্ঞৰ মত…
সাধাৰণতে বহু কাৰণত চুলি সৰা সমস্যাই গা কৰি উঠে যদিও পুৰুষৰ ক্ষেত্ৰত এবিধ বিশেষ হৰম’নৰ অভাৱত চুলি সৰাৰ সমস্যা অধিক চিন্তনীয় হৈ পৰে। এই হৰম’নবিধৰ অভাৱত পুৰুষৰ চুলিৰ ৰেখা পিছলৈ গতি কৰিবলৈ আৰম্ভ কৰে আৰু সমুখৰ ভাগত চুলি হ্ৰাস পাবলৈ ধৰে। এই বিষয়ে বিশেষজ্ঞসকলে আগবঢ়োৱা মতামত চাওঁ আহক।
সাম্প্ৰতিক সময়ত পুৰুষ মহিলা সকলোৰে মাজত চুলি সৰাৰ সমস্যা অধিক বৃদ্ধি পাইছে। কম বয়সতে এই চিন্তনীয় সমস্যাৰ সন্মুখীন হৈছে বহু যুৱক-যুৱতী। সাধাৰণতে আমাৰ সমাজত চুলিকোচাক সৌন্দৰ্যৰ আধাৰ হিচাপে গণ্য কৰা হয়। সেয়ে অধিকাংশ লোকেই চুলি সৰাৰ সমস্যাক লৈ হতাশাত ভুগে। হ্ৰাস পায় আত্মবিশ্বাস। মূলতঃ অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবেই চুলি সৰাৰ সমস্যা গা কৰি উঠে যদিও ইয়াৰ আঁৰত আন বহু কাৰণো আছে। চুলি সৰাৰ এই কাৰণসমূহ জানিলে আমি এই সমস্যাৰ পৰা স্বাভাৱিকতেই কিছু পৰিমাণে হ’লেও সকাহ পোৱা যাব।
এই সন্দৰ্ভত বিশেষজ্ঞ চিকিৎসকলে আগবঢ়াইছে গুৰুত্বপূৰ্ণ মতামত। ছালৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক ডাঃ অনৱিকা মিট্টালে জানিবলৈ দিয়া মতে চুলি অত্যধিক সৰিবলৈ লোৱাৰ প্ৰধান কাৰণ হৈছে পুষ্টিৰ অভাৱ। তেওঁ জানিবলৈ দিয়া মতে, আমাৰ খাদ্যৰ ৩০-৪০ শতাংশ কেঁচা খাদ্যবস্তু হ’ব লাগে, যাতে আমি ইয়াৰ সম্পূৰ্ণ পুষ্টি লাভ কৰিব পাৰো।
ভিটামিন আৰু খনিজ পদাৰ্থ কেৱল কেঁচা খাদ্যতহে থাকে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। কিন্তু অধিকাংশ লোকেই খাদ্য অধিক সিজাই বা তেলত ভাজি খোৱাৰ ফলত ইয়াত কোনো পুষ্টি বাকী নাথাকে বুলি উল্লেখ কৰে চিকিৎসকগৰাকীয়ে। গতিকে পুষ্টি পাবলৈ কেঁচা খাদ্য, ফলমূল, চালাড, বাদাম আদি খাব লাগে বুলি তেওঁ জানিবলৈ দিয়ে।
অত্যধিক চুলি সৰাৰ দ্বিতীয়টো প্ৰধান কাৰণ হ’ল আইৰণৰ অভাৱ। আমি চাহ বা কফিৰ ৰূপত কেফেইন সেৱন কৰাৰ বাবে শৰীৰত আইৰণ শোষিত নহয় আৰু ইয়াৰ ফলত আমাৰ অন্ত্ৰ অম্লীয় প্ৰকৃতিৰ হৈ পৰে। একেদৰে অত্যধিক সংৰক্ষক দ্ৰব্যৰ ব্যৱহাৰেও এই সমস্যাৰ সৃষ্টি কৰে। ইয়াৰ ফলত খাদ্যত থকা ভিটামিন, খনিজ পদাৰ্থ, প্ৰটিন আৰু আইৰণৰ পুষ্টি উপলব্ধ নহয়, যাৰ বাবে চুলি দুৰ্বল হৈ পৰে।
ডাঃ অনৱিকা মিট্টালে লগতে কয় যে মহিলাৰ চুলি সৰাৰ মূল কাৰণ আইৰণৰ অভাৱ যদিও পুৰুষৰ চুলি সৰাৰ কাৰণ হৈছে এণ্ড্ৰ’জেনেটিক এলোপেচিয়া। এই ক্ষেত্ৰত পুৰুষৰ চুলিৰ ৰেখা পিছলৈ গতি কৰিবলৈ আৰম্ভ কৰে আৰু সমুখৰ ভাগত চুলি হ্ৰাস পায় বুলি তেওঁ জানিবলৈ দিয়ে। ডি-হাইড্ৰ’টেষ্টষ্টেৰন নামৰ পুৰুষৰ দেহত থকা এবিধ হৰম’নৰ বাবে এনে হয় বুলি সদৰী কৰিছে চিকিৎসকগৰাকীয়ে।
তেওঁ উল্লেখ কৰা মতে ই হৈছে এক জিনীয় সমস্যা। ইয়াৰ উপৰিও চুলিত ৰং কৰা, ষ্ট্ৰেইট কৰা আদি কামৰ বাবেও চুলিৰ যথেষ্ট ক্ষতি হয় বুলি ডাঃ মিট্টালে জানিবলৈ দিয়ে। ৰঙত ব্যৱহৃত ৰাসায়নিক পদাৰ্থ আৰু ষ্ট্ৰেইট কৰাৰ সময়ত তাপৰ ব্যৱহাৰে চুলিৰ ক্ষতি কৰে বুলি আঙুলিয়াই দি চিকিৎসকগৰাকীয়ে এনে ক্ষতিৰ প্ৰভাৱ চুলি সৰাৰ ৰূপত দেখা যায় বুলি উল্লেখ কৰে।