শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

হৃদৰোগ মানেই মৃত্যু নহয় ! ঔষধৰ অবিহনে এই আশংকা কেনেকৈ হ্ৰাস কৰিব পাৰি ? টিপছ জানক

ঔষধৰ অবিহনে হৃদৰোগৰ সম্ভাৱনা কেনেকৈ হ্ৰাস কৰিব পাৰি? দৈনিক কেইটামান সৰু সৰু কথাৰ ওপৰত গুৰুত্ব দিয়ক। যিয়ে আপোনাৰ হৃদযন্ত্ৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰিব।

হৃদৰোগ মানেই মৃত্যু নহয় ! ঔষধৰ অবিহনে এই আশংকা কেনেকৈ হ্ৰাস কৰিব পাৰি ? টিপছ জানক
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 04 Oct 2025 14:17 PM

বহু লোকৰ মৃত্যুৰ কাৰণ হৈছে হৃদৰোগ। বেয়া জীৱনশৈলী, মানসিক চাপ আৰু ভুল খাদ্যাভ্যাস হৃদযন্ত্ৰৰ ৰোগত আক্ৰান্ত হোৱাৰ মূল কাৰণ। যদি আপুনি হৃদৰোগৰ পৰা বাছি থাকিব বিচাৰে তেন্তে আপুনি কিছুমান সাৱধানতা অৱলম্বন কৰাটো অতি প্ৰয়োজন। আপোনাৰ জীৱনশৈলীত সৰু পৰিৱৰ্তনে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ দৈনিক এই কাম কৰক।

হৃদযন্ত্ৰৰ বাবে স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰক

সঠিক খাদ্যাভ্যাসে আপোনাৰ হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিব পাৰে। ইয়াৰ বাবে গোটা শস্য, সতেজ ফল-মূল, শাক-পাচলি, কম প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিৰে ভৰপূৰ স্বাস্থ্যকৰ খাদ্য বাছি লওক। যিবোৰ খাদ্যত এন্টিঅক্সিডেন্ট আৰু ওমেগা-৩ ফেটি এচিড থাকে যিয়ে এইচ ডি এল (ভাল কলেষ্টেৰল) সমৰ্থন কৰে আৰু ৰক্তবাহী নলীৰ প্ৰদাহ ৰোধ কৰে, তেনে খাদ্য বাছি লওক। ইয়াৰ উপৰিও প্ৰচেছড আৰু চেনি থকা খাদ্য আৰু পানীয় পৰিহাৰ কৰক, কিয়নো ই ওজন বৃদ্ধি আৰু বিপাকীয় হাৰ হ্ৰাস কৰাত অৰিহণা যোগায়।

দৈনিক শৰীৰ চৰ্চা আৰম্ভ কৰক

নিয়মিত ব্যায়ামে হৃদযন্ত্ৰৰ পেশী শক্তিশালী কৰে, ৰক্ত সঞ্চালন উন্নত কৰে আৰু ওজন নিয়ন্ত্ৰণ ৰখাত সহায় কৰে। আপোনাৰ যেনেকৈ সুবিধা হয়, তাতে আপুনি ৰাতিপুৱা দৈনিক শৰীৰ চৰ্চা কৰক। অফিচ থকাৰ বাবে যদি সময় নাপায়, তেন্তে আপুনি লিফ্টৰ পৰিৱৰ্তে চিৰি ব্যৱহাৰ কৰিব পাৰে। গাড়ী ব্যৱহাৰ কৰাতকৈ কম দূৰত্বত খোজ কাঢ়ি যাবলৈ অভ্যাস কৰক। তদুপৰি ৰাতিপুৱা প্ৰাণায়ম,যোগাসন অভ্যাস কৰিব পাৰে। দিনটোত ৩০ মিনিট খোজ কাঢ়িলেও হৃদৰোগৰ সম্ভাৱনা হ্ৰাস পাব পাৰে।

ধূমপান আৰু মদ্যপান বন্ধ কৰক

ধঁপাত সেৱন হৃদৰোগৰ অন্যতম কাৰক। ধূমপানে ধমনীসমূহৰ আৱৰণ ক্ষতিগ্ৰস্ত কৰিব পাৰে, ৰক্তচাপ বৃদ্ধি কৰিব পাৰে, তেজত অক্সিজেনৰ মাত্ৰা হ্ৰাস কৰিব পাৰে। সেয়েহে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ ধূমপান পৰিহাৰ কৰক। একেদৰে মদ্যপানে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। সেয়েহে ধূমপান আৰু মদ্যপান ত্যাগ কৰক।

মানসিক চাপ নিয়ন্ত্ৰণ কৰক

হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰিবলৈ মানসিক চাপ নিয়ন্ত্ৰণ কৰক। ধ্যান, যোগাসন, আৰু গভীৰ উশাহ-নিশাহৰ প্ৰাণায়মে হৃদস্পন্দন নিয়ন্ত্ৰণ কৰে আৰু মানসিক চাপৰ হৰম’নৰ মাত্ৰা হ্ৰাস কৰে। মনোৰঞ্জন, সামাজিক সম্পৰ্ক আৰু কৰ্ম-জীৱনৰ সুস্থ ভাৰসাম্যই মানসিক চাপ কম কৰাত সহায় কৰে।

পৰ্যাপ্ত টোপনিৰ আৰু স্বাস্থ্য পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়ক

প্ৰাপ্তবয়স্ক লোকৰ প্ৰতি নিশা ৭–৯ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন হয়। টোপনিৰ বেয়া হ’লে মেদবহুলতা, ডায়েবেটিছ, উচ্চ ৰক্তচাপৰ সমস্যা হ’ব পাৰে। যদি আপুনি টোপনিৰ সমস্যা সন্মুখীন হৈছে বা ৰাতি টোপনি নাহে তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক। একে সময়তে স্বাস্থ্যৰ পৰীক্ষাৰ ওপৰত গুৰুত্ব দিয়ক।

উচ্চ কলেষ্টেৰল, উচ্চ ৰক্তচাপ, ডায়েবেটিছ আদি ৰোগে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে। নিয়মীয়া স্বাস্থ্য পৰীক্ষাই হৃদৰোগৰ প্ৰাৰম্ভিক অৱস্থাসমূহ আগতীয়াকৈ ধৰা পেলোৱাত সহায় কৰিব। জীৱনশৈলীৰ পৰিৱৰ্তনৰ উপৰিও তৎকালীন চিকিৎসাই হৃদযন্ত্ৰৰ গুৰুতৰ সমস্যাৰ সম্ভাৱনা বহু পৰিমাণে হ্ৰাস কৰিব পাৰে।

স্পষ্টীকৰণ: এই প্ৰতিবেদন কেৱল সাধাৰণ তথ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে। গতিকে হৃদযন্ত্ৰৰ স্বাস্থ্য সম্পৰ্কীয় বিষয়ত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

লগতে পঢ়ক: নিয়মীয়াকৈ ৰক্তচাপৰ ঔষধ সেৱন কৰাৰ ফলত কেনেধৰণৰ পাৰ্শ্বক্ৰিয়া হ’ব পাৰে? উপশম পোৱাৰ উপায় জানক