শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

আপুনি ফেটি লিভাৰ ৰোগত আক্ৰান্ত নেকি? দৈনিক এই পানীয় সেৱন কৰক, কম দিনত উপশম পাব…

দৈনিক কিছুমান পানীয় সেৱন কৰে, তেন্তে ই লিভাৰৰ চৰ্বি হ্ৰাস কৰিব পাৰে বা লিভাৰত ফেট জমা হোৱা ৰোধ কৰিব পাৰে আৰু ইয়াৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰে।

আপুনি ফেটি লিভাৰ ৰোগত আক্ৰান্ত নেকি? দৈনিক এই পানীয় সেৱন কৰক, কম দিনত উপশম পাব…
Image Credit source: GettyImage
manas-borah
Manas Borah | Published: 03 Nov 2025 15:13 PM

বৰ্তমান সময়ত মানুহৰ মাজত যকৃত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। বেয়া খাদ্যাভ্যাস আৰু জীৱনশৈলীয়ে এই সমস্যা আৰু বৃদ্ধি কৰিছে। ইফালে, অত্যধিক মদ্যপান ফলত বিশেষকৈ ফেটি লিভাৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। মনকৰিবলগীয়া যে, কেৱল মদ্যপান কৰিলেই যে লিভাৰৰ ওপৰত বেয়া প্ৰভাৱে তেনে নহয়, বহু লোকৰ মদ্যপান নকৰাৰ ফলতো লিভাৰ দুৰ্বল বা ৰোগ বা লিভাৰত ফেট জমা হ’ব পাৰে। আজিৰ দিনত অত্যধিক ভজা খাদ্য খোৱা, মদ্যপানকে ধৰি বিভিন্ন কাৰণত ফেটি লিভাৰৰ সমস্যা বৃদ্ধি পাইছে। অৱশ্যে এই সমস্যাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ। যদি দৈনিক কিছুমান পানীয় সেৱন কৰে, তেন্তে ই লিভাৰৰ চৰ্বি হ্ৰাস কৰিব পাৰে বা লিভাৰত ফেট জমা হোৱা ৰোধ কৰিব পাৰে আৰু ইয়াৰ কাৰ্যক্ষমতা উন্নত কৰিব পাৰে।

বিটৰ ৰস খাব পাৰে

চৰ্বিযুক্ত যকৃতৰ পৰা উপশম পাবলৈ বিটৰ ৰস খাব পাৰে। ইয়াত বিটালিন নামৰ এক প্ৰকাৰৰ যৌগ থাকে, যিটো শক্তিশালী এন্টিঅক্সিডেন্ট। শৰীৰত ‘অক্সিডেটিভ ষ্ট্ৰেছ’ৰ উপৰিও বিটে প্ৰদাহৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। নিয়মিতভাৱে বিটৰ ৰস সেৱন কৰিলে যকৃতৰ কোষ উন্নত হয় বুলি কোৱা হয়। ইয়াৰ উপৰিও যকৃতৰ চৰ্বিৰ হ্ৰাস পাবলৈ আৰম্ভ কৰে।

গ্ৰীণ টি বা সেউজীয়া চাহ

গ্ৰীণ টিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। এই চাহে সামগ্ৰিক স্বাস্থ্যৰ লগতে যকৃতৰ স্বাস্থ্য বজাই ৰখাত সহায় কৰে। ফেটি লিভাৰ ৰোগত আক্ৰান্তসকলে দিনটোত ২ৰ পৰা ৩ কাপ গ্ৰীণ টি খাব পাৰে।

কফি ফেটি লিভাৰৰ বাবে উপকাৰী

কফিৰ উপকাৰ বা ক্ষতিৰ বিষয়ে বিভিন্ন মতামত আছে। অৱশ্যে কফিয়ে ফেটি লিভাৰৰ সমস্যা দূৰ কৰিব পাৰে বুলি কোৱা হয়। কফিত থকা কেফেইন আৰু পলিফিনলে যকৃতত চৰ্বি জমা হ’বলৈ নিদিয়ে। কিছুমান ক্ষেত্ৰত কফিয়ে লিভাৰ ফাইব্ৰ’ছিছ প্ৰতিৰোধ কৰাত সহায় কৰে।

স্পষ্টীকৰণ: স্বাস্থ্যজনিত সমস্যাৰ পৰা উপশম পোৱাৰ যিকোনো খাদ্য খোৱাৰ আগত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক। এই প্ৰতিবেদন কেৱল তথ্যৰ বাবেহে প্ৰস্তুত কৰা হৈছে।