শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Covid 19: হৃদযন্ত্ৰৰ বাবে বিপদজনক! এতিয়াৰ পৰা ক’ভিড ভেকচিনত লিখা থাকিব সতৰ্কবাণী, নিৰ্দেশ FDA ৰ…

বৰ্তমান পুনৰ দেশত বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা। ইয়াৰ মাজতে FDA য়ে কোৰোনাৰ ভেকচিন প্ৰস্তুত কৰা একাংশ কোম্পানীক বিশেষ নিৰ্দেশনা জাৰি কৰিছে।

Covid 19: হৃদযন্ত্ৰৰ বাবে বিপদজনক! এতিয়াৰ পৰা ক’ভিড ভেকচিনত লিখা থাকিব সতৰ্কবাণী, নিৰ্দেশ FDA ৰ…
কোৰোনা ভাইৰাছImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 22 May 2025 16:01 PM

বিগত কেইটামান দিনত দেশত কোৰোনাত আক্ৰন্ত লোকৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ মাজতে আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যন (FDA)য়ে ফাইজাৰ আৰু মডাৰ্নাৰ দৰে কোম্পানীক তেওঁলোকৰ Covid-19 ভেকচিন সন্দৰ্ভত সতৰ্কবাণী লিখিবলৈ নিৰ্দেশ দিছে। এই সতৰ্কবাণী হৃদযন্ত্ৰৰ সমস্যাৰ সাম্ভাব্য আশংকাৰ বিষয়ে হ’ব। বিশষকৈ মায়’কাৰ্ডিটিছ আৰু পেৰিকাৰ্ডিটিছৰ দৰে হৃদযন্ত্ৰৰ সমস্যাৰ বিষয়ে থাকিব সতৰ্কবাণী। ভেকচিন ল’ব বিচৰা লোকসকলে যাতে ভেকচনিৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে অৱগত হয় তাৰ বাবে এই নিৰ্দেশ প্ৰকাশ কৰিছে।

এফ ডি এয়ে কয় যে,ভেকচিনত মায়োকাৰ্ডিটিছৰ সতৰ্কবাণী থাকিব লাগিব। ই এক হৃদযন্ত্ৰৰ পেশীৰ প্ৰদাহ,যি ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত হ’ব পাৰে। একেদৰে পেৰিকাৰ্ডিটিছৰ বিষয়েও উল্লেখ কৰিব লাগিব। ই এক হৃদযন্ত্ৰৰ চাৰিওফালে থকা আৱৰণৰ প্ৰদাহ। ইও ভেকচিনৰ পাৰ্শ্বক্ৰিয়া স্বৰূপে হ’ব পাৰে। মায়োকাৰ্ডিটিছ আৰু পেৰিকাৰ্ডিটিছ দুয়োটা হৃদৰোগ যিয়ে হাৰ্ট এটেকৰ পৰা আৰম্ভ কৰি হাৰ্ট ফেইলৰ কাৰণ হ’ব পাৰে।

উল্লেখ্য যে, কোৰোনাৰ ভেকচিন লোৱাৰ পাছতে হৃদৰোগীৰ সংখ্যা যথেষ্ঠ পৰিমাণে বৃদ্ধি পাইছে। গতিকে মানুহে বিশ্বাস কৰে যে, ক’ভিড ভেকচিনৰ বাবে বিশ্বত এনে পৰিস্থিতিৰ সৃষ্টি হৈছে। এনেবোৰ কাৰণতে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসনে এই নিৰ্দেশনা জাৰি কৰিছে।

ইয়াৰ পূৰ্বেও বহু দাবী উত্থাপন হৈছিল যে ক’ভিড ভেকচিনৰ ফলত হৃদযন্ত্ৰৰ ক্ষতিসাধন হয়। কিন্তু এই দাবী বিশ্ব স্বাস্থ্য সংস্থা আৰু আইচিএমআৰে নাকচ কৰিছিল। ইয়াৰ মাজতে এতিয়া এফ ডি এয়ে ভেকচিন সন্দৰ্ভত কোম্পানীসমূহক নিৰ্দেশৱা জাৰি কৰি সাম্ভাব্য বিপদৰ বিষয়ে সতৰ্কবাণীৰ লেবেল অন্তৰ্ভুক্ত কৰিব দিছে। ভেকচিনৰ সুৰক্ষা সম্পৰ্কে অধিক তথ্য প্ৰদানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গতিকে যিসকলে ভেকচিন লোৱাৰ পৰিকল্পনা কৰিছে বা যিয়ে ইতিমধ্যে ভেকচিন গ্ৰহণ কৰিছে তেওঁলোকৰ বাবে এই সতৰ্কবাণী গুৰুত্বপূৰ্ণ। অৱশ্যে ভেকচিনৰ সুৰক্ষা আৰু ফলপ্ৰসূতাৰ বিষয়ে অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা ভাল।

উল্লেখ্য যে, পুনৰ এবাৰ কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। ছিংগাপুৰ, ভাৰতকে ধৰি বিভিন্ন দেশত কোৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা পোহৰলৈ আহিছে। এইবাৰ কোৰোনাৰ এটা নতুন ভেৰিয়েন্ট আহিছে। ইয়াৰ নাম JN.1 ভেৰিয়েন্ট। অৱশ্যে এতিয়ালৈকে এই ভেৰিয়েন্টটো কিমান শক্তিশালী বা কিমান বিপদজনক ইয়াৰ বিষয়ে কোনো বিশেষ তথ্য পোহৰলৈ অহা নাই। কিন্তু যিসকলৰ পূৰ্বে ক’ভিড হৈছিল আৰু যাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকে ইয়াৰ ক্ষেত্ৰত সাৱধান হোৱা দৰকাৰ। ইয়াৰোপৰি হৃদৰোগ, বৃক্কৰ সংক্ৰমণ, কেন্সাৰ আদিৰ দৰে গুৰুতৰ ৰোগ থকাসকলে এই ক্ষেত্ৰত বিশেষ সাৱধানতা অৱলম্বন কৰা উচিত।

 

অন্য খবৰ পঢ়কঃ এনেকৈ চুলিত ব্যৱহাৰ কৰক ভেণ্ডি! হৈ পৰিব চিধা, দীঘল আৰু ধুনীয়া…