শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

নাৰিকলৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানিলে আচৰিত হৈ পৰিব আপুনি…

Coconut Benefits: নাৰিকল খাই বহুতে ভাল পায়। গৰমৰ দিনত নাৰিকলৰ পানীয়ে মানুহৰ শৰীৰক শীতলতা প্ৰদান কৰে। পিছে নাৰিকলৰ উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে? ইয়াৰ আছে বহু উপকাৰী গুণ।

নাৰিকলৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানিলে আচৰিত হৈ পৰিব আপুনি…
নাৰিকলৰ উপকাৰিতা
barasha-sarma
Barasha Sarma | Published: 07 Nov 2025 13:39 PM

নাৰিকল বহুতৰে প্ৰিয়। নাৰিকলৰ পানীয়ে গ্ৰীষ্মকালত মানুহৰ শৰীৰক শীতল কৰি ৰাখে। ই খাবলৈ সুস্বাদু আৰু স্বাস্থ্যৰ বাবে উপকাৰী। পিছে প্ৰশ্ন হয়, প্ৰতিদিনে নাৰিকল খোৱা ভাল নে বেয়ায আপুনি নিশ্চয় শুনিছে যে কেঁচা নাৰিকল খালে বহু উপকাৰ পোৱা যায়। এই সন্দৰ্ভত সবিশেষ জনাইছে ফিটনেছ আইকন তথা বডি বিল্ডাৰ যতীন্দৰ সিঙে। তেওঁ নিজৰ ইউটিউব চেনেলত এই বিষয়ে সবিশেষ জনাইছে। তেওঁৰ মতে নাৰিকলে বহু ৰোগৰ পৰা ৰক্ষা পোৱাত আমাক সহায় কৰে।

নাৰিকলৰ উপকাৰ

শক্তি বৃদ্ধিঃ নাৰিকলত থকা মিডিয়াম চেন ট্ৰাইগ্লিছৰাইডছ (MCTs) আমাৰ শক্তি বৃদ্ধি কৰে। যিসকলে শাৰীৰিক কাৰ্যকলাপ কৰে তেওঁলোকৰ বাবে কেঁচা নাৰিকল বা নাৰিকলৰ পানী অতি উপকাৰী। ই বেয়া কলেষ্টেৰল কম কৰে আৰু পেটৰ চৰ্বি হ্ৰাস কৰাত সহায় কৰে।

ভাগৰ দূৰঃ নাৰিকলে শৰীৰক ঠাণ্ডা কৰি ৰাখে। গৰমত নাৰিকল বা নাৰিকলৰ পানী খোৱাৰ ফলত শৰীৰ শীতল হৈ থাকে। ই ভাগৰ দূৰ কৰি দুৰ্বলতা কম কৰাত সহায় কৰে।

ছালঃ নাৰিকল ছালৰ বাবে আশীৰ্বাদ স্বৰূপ। ই প্ৰতিটো টাইপৰ ছালৰ বাবে ভাল। নিয়মিত ৰূপে নাৰিকল সেৱন কৰিলে ছালত প্ৰাকৃতিক উজ্বলতা আহে। লগতে শালমইনাৰ সমস্যা কম হয়।

গৰ্ভৱতী মহিলাঃ গৰ্ভৱতী মহিলাৰ বাবে নাৰিকল ভাল। ইয়াৰ ফলত এচিডিটি, ভাগৰ, বুকু জলা-পোৰা আদি সমস্যা কম হয়। নাৰিকলৰ পানীত থকা পোটেছিয়াম, মেগনেছিয়াম, কেলছিয়াম, ভিটামিন চি আদি মাতৃ আৰু শিশুৰ বাবে উপকাৰী। অৱশ্যে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে।

মুখঃ নাৰিকল মুখৰ স্বাস্থ্যৰ বাবে ভাল। ইয়াত থকা ল’ৰিক এচিডে বেক্টেৰিয়াক নষ্ট কৰে। ইয়াৰ মুখখন পৰিষ্কাৰ আৰু বেক্টেৰিয়া মুক্ত হয়।

গতিকে আপুনি যদি স্বাস্থ্য ভালে ৰাখিব বিচাৰে তেন্তে সদায় কেঁচা নাৰিকল পৰ্যাপ্ত পৰিমাণে খাব পাৰে। অৱশ্যে আপোনাৰ যদি কোনো বিশেষ ৰোগ আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ খাদ্যৰ পৰা বিচনাখনলৈ সকলোতে পৰুৱা নেকি? তেন্তে জানক ইয়াক খেদাৰ ৪টা সহজ আৰু ঘৰুৱা উপায়…