কাবুলি বুট খালে শৰীৰে কি কি উপকাৰ লাভ কৰে? জানক সকলো…
ভাল স্বাস্থ্যৰ বাবে মানুহক ভাল খাদ্যৰ প্ৰয়োজন। মানুহে বিভিন্ন উৎসৰ পৰা পুষ্টিকৰ উপাদান লাভ কৰে। এনে এবিধ উৎস হ'ল কাবুলি বুট। পিছে আপুনি এই কাবুলি বুটৰ উপকাৰী গুণৰ বিষয়ে জানেনে?
স্বাস্থ্য ভালে ৰখাৰ বাবে মানুহে খাদ্যত গুৰুত্ব দিয়া অতি প্ৰয়োজন। আমিষ খাদ্য গ্ৰহণ কৰাসকলৰ বাবে হওক বা নিৰামিষভোজীসকলৰ বাবে প্ৰ’টিনৰ বিভিন্ন উৎস থাকে। নিৰামিষভোজীসকলৰ বাবে প্ৰ’টিনৰ এক ভাল উৎস কাবুলি বুট। ইয়াত প্ৰ’টিন, ফাইবাৰ, কেলছিয়াম, জিংক, ফোলেট, আয়ৰণ আদি থাকে। বুটত বিভিন্ন প্ৰকাৰৰ পুষ্টিকৰ উপাদান থাকে, যি স্বাস্থ্যৰ বাবে ভাল।
কাবুলি বুটৰ উপকাৰ
দোকানত অতি সহজে কাবুলি বুট পোৱা যায়। বিভিন্নজনে বহু প্ৰকাৰে কাবুলি বুট খায়। ইয়াত যথেষ্ঠ পৰিমাণে প্ৰ’টিন থাকে। গতিকে এয়া খালে শৰীৰে বিভিন্ন পুষ্টিকৰ উপাদান লাভ কৰে।
কি কি ভিটামিন থাকে
কাবুলি বুটত বি-কমপ্লেক্স থাকে। ইয়াত ভিটামিন বি১, বি২, বি৩ আৰু বি৯ যথেষ্ঠ পৰিমাণে থাকে। ইয়াত ভিটামিন এ, ভিটামিন চি, ভিটামিন ই আদি থাকে। এই ভিটামিনে শৰীৰৰ শক্তি উৎপাদনত সহায় কৰে। ইয়াৰোপৰি ই স্নায়ুৰ কাৰ্য, ৰোগ প্ৰতিৰোধ ক্ষমতা, আৰু সুস্থ ছালৰ বাবে অতি গুৰুত্বপূৰ্ণ।
ওজন কম
হেলথলাইনৰ মতে, ওজন কম কৰিবলৈ বা নিয়ন্ত্ৰণ ৰাখিবলৈ কাবুলি বুট খাব পাৰে। এই বুটত থকা প্ৰ’টিন আৰু ফাইবাৰে ভোক নিয়ন্ত্ৰণ কৰি ৰাখে। যাৰ ফলত খাদ্যৰ জৰিয়তে কেলৰি গ্ৰহণ কম হয়। বুটত থকা ফাইবাৰ আৰু প্ৰ’টিনে আপোনাৰ পেট বেছি সময়লৈকে ভৰ্তি কৰি ৰাখে। যাৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ পৰা ৰক্ষা পৰে।
যদি আপোনাৰ চৰ্দি, জ্বৰ, ভাইৰেল সংক্ৰমণ হৈ আছে বা এইবোৰৰ পৰা নিজকে ৰক্ষা কৰিব বিচাৰে তেন্তে কাবুলি বুট খাব পাৰে। ইয়াক থকা জিংক, ফোলেট, এন্টিঅক্সিডেন্টেছে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি শৰীৰক সংক্ৰমণৰ পৰা ৰক্ষা কৰে। এক কথাত, ছালৰ পৰা সুস্থ স্বাস্থ্যলৈ বিভিন্ন দিশত এই কাবুলি বুট উপকাৰী।
অন্য খবৰ পঢ়কঃ ১৪ দিন একেৰাহে পুৱা খালী পেটত মেথি গুটি খালে কি কি ৰোগ ভাল হয়? জানক সকলো…