শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বতৰ হৈছে সলনি, জ্বৰ-চৰ্দিয়ে আপোনাকো কৰিব পাৰে জুৰুলা! এনে সহজ উপায়েৰে পাব ৰেহাই

আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰি চিকিৎসকৰ পৰামৰ্শ মতে সঠিক চিকিৎসা কৰিলে ফ্লুৰ গুৰুতৰ পৰিণতি ৰোধ কৰাত সহায়ক হ’ব পাৰে। বতৰ পৰিৱৰ্তনৰ সময়ত দেখা দিব পৰা এনে সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নিজাকৈ কিছুমান সহজ অভ্যাসো গঢ়ি তুলিব পাৰে।

বতৰ হৈছে সলনি, জ্বৰ-চৰ্দিয়ে আপোনাকো কৰিব পাৰে জুৰুলা! এনে সহজ উপায়েৰে পাব ৰেহাই
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Unsplash
monjit-dutta
Monjit Dutta | Updated On: 03 Oct 2025 18:35 PM

ক্ৰমাৎ সলনি হৈছে বতৰ গ্ৰীষ্মৰ পৰা এতিয়া লাহে লাগে শীতৰ দিশলৈ ঋতু পৰিবৰ্তন ঘটিছে সাধাৰণতে ঋতু পৰিৱৰ্তনে মানুহৰ স্বাস্থ্যত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। এই সময়ছোৱাত দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰে বাবে ভাইৰাছে সহজে আক্ৰমণ কৰে ফলস্বৰূপে এই সময়ছোৱাত ভাইৰেল ফ্লুৰ আক্ৰান্ত ৰোগীৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ চিকিৎসক ডাঃ সুভাষ গিৰীয়ে এই সন্দৰ্ভত কিছু গুৰুত্বপূৰ্ণ মন্তব্য কৰে তেওঁ কয় যে ভাইৰেল ফ্লু কেৱল সাধাৰণ চৰ্দিতে সীমাবদ্ধ নহয়।

ফ্লু ভাইৰাছে হাওঁফাওঁ আৰু শ্বাস-প্ৰশ্বাসতন্ত্ৰত আক্ৰমণ কৰি উশাহ-নিশাহ লোৱাত অসুবিধাৰ সৃষ্টি কৰে ইয়াৰ লগতে অতি বেছি কাহ, সংক্ৰমণ আদি সমস্যাৰো সন্মুখীন বলগা হয় ফ্লুৰ আক্ৰমণত ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল লোকৰ বিশেষকৈ বয়োজ্যেষ্ঠ লোকৰ লগতে শিশুৰ ক্ষেত্ৰত নিউমোনিয়া বা ব্ৰংকাইটিছৰ দৰে গুৰুতৰ জটিলতাৰ সৃষ্টি হব পাৰে।

লগতে বতৰ পৰিৱৰ্তনৰ সময়ত ভাইৰাছৰ আক্ৰমণত হোৱা তীব্ৰ জ্বৰ আৰু শৰীৰৰ দুৰ্বলতাই দৈনন্দিন কাম-কাজত বিস্তৰ প্ৰভাৱ পেলাব পাৰে। কেতিয়াবা, ফ্লুৱে আনকি হৃদযন্ত্ৰ আৰু মগজুৰ দৰে গুৰুত্বপূৰ্ণ অংগসমূহকো প্ৰভাৱিত কৰিব পাৰে এনে পৰিস্থিতিত আক্ৰান্ত লোকজনক গুৰুতৰ সমস্যাই আগুৰি ধৰিব পাৰে

ভাইৰেল ফ্লুৰ লক্ষণসমূহ কি কি?

জিটিবি হাস্পতালৰ চিকিৎসক ডাঃ অজিত কুমাৰে কয় যে ভাইৰেল ফ্লুৰ লক্ষণ সাধাৰণতে হঠাতে দেখা দিয়ে। ইয়াৰ আটাইতকৈ প্ৰধান লক্ষণসমূহ হ’ল- তীব্ৰ জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষ, দুৰ্বলতা। ধাৰাবাহিক কাহ, ডিঙিৰ বিষ, নাকৰ পৰা পানী ওলোৱা, হাঁচি আদিও সাধাৰণতে দেখা যায়। কিছুমান ৰোগীয়ে পেটৰ বিষ, বমি বা ডায়েৰিয়া আদি সমস্যাও অনুভৱ কৰিব পাৰে।

ইয়াৰ সমান্তৰালকৈ উশাহ-নিশাহৰ কষ্ট আৰু অহৰহ ভাগৰুৱা অনুভৱ ভাইৰেল ফ্লুৰ লক্ষণ হিচাপে গণ্য কৰা হয়। এই প্ৰাৰম্ভিক লক্ষণবোৰক প্ৰায়ে সাধাৰণ চৰ্দি বুলি ভুল কৰা হয়, কিন্তু যদি জ্বৰ ধাৰাবাহিকভাৱে ৩৮ ডিগ্ৰী চেলছিয়াছৰ ওপৰত থাকে বা উশাহ-নিশাহ লোৱাত অসুবিধা হয়, তেতিয়া তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

এইদৰে আগতীয়াকৈ ৰোগ নিৰ্ণয় কৰি চিকিৎসকৰ পৰামৰ্শ মতে সঠিক চিকিৎসা কৰিলে ফ্লুৰ গুৰুতৰ পৰিণতি ৰোধ কৰাত সহায়ক হ’ব পাৰে। বতৰ পৰিৱৰ্তনৰ সময়ত দেখা দিব পৰা এনে সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ নিজাকৈ কিছুমান সহজ অভ্যাসো গঢ়ি তুলিব পাৰে

কিছুমান সহজ প্ৰতিৰোধৰ টিপছ

দৈনিক হাত ধুব আৰু হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব।

ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰক।

গৰম পানীৰে গা ধুই শৰীৰটো গৰম কৰি ৰাখক।

পুষ্টিকৰ খাদ্যৰ লগতে প্ৰচুৰ পৰিমাণে পানী খাওক।

যদি আপুনি ফ্লুৰ লক্ষণ অনুভৱ কৰে, লগে লগে চিকিৎসকৰ পৰামৰ্শ লওক।

জ্বৰ বা কাহ হোৱা লোকৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকক।

আপোনাৰ ঘৰ আৰু চাৰিওফালৰ অঞ্চল পৰিষ্কাৰ কৰি ৰখাৰ লগতে ভালদৰে বায়ু চলাচল কৰিব পৰাকৈ ৰাখক।